অত্যুক্তি–আসক্তি
🔹 ড০ পার্থসাৰথি মহন্ত
‘কি কৈছা হে? মই পাগল হৈ যাম’ ক’লেও, শুনিলেও, পাগলো নহ’ল৷ অর্থাৎ অত্যুক্তি৷
আমি অতিশয়ার্থবাচক শব্দ ব্যৱহাৰ কৰি ভাল পাওঁ৷ আমি কমত নাথাকোঁ৷ বেছি মানে অতি বেছি– সর্বোচ্চ বুজোৱা শব্দ ব্যৱহাৰ কৰিহে আমি শান্তি পাওঁ৷ ছুপাৰলেটিভ৷ ছুপাৰলেটিভৰ প্রতি আমাৰ আকর্ষণ দুর্বাৰ৷ সৰল ভাষাই যেন আমি কি বুজাব খুজিছোঁ বুজাবই নোৱাৰে৷ ভাষাৰ সহায়ত আমি আমাৰ অনুভৱ ব্যক্ত কৰোঁ৷ আৱেগ প্রকাশ কৰোঁ৷ পৰস্পৰে পৰস্পৰৰ লগত কানেক্ট কৰোঁ৷ সংযুক্ত হওঁ৷ এই সংযুক্ত হোৱাৰ হেঁপাহে আমাক কিছু হ’লেও উত্রাৱল কৰি তোলে, কিছু হ’লেও পুলকিত বা আলোড়িত কৰি তোলে, আমাৰ আৱেগ–অনুভৱক যিমান পাৰি সিমান বেছি তীব্রকৈ প্রকাশ কৰিবলৈ৷ ‘মই তোমাক আকাশৰ পৰা জোনবাইটো আনি দিম৷’ কৈহে শান্তি৷ ৰঞ্জক কথাটো হ’ল, শুনিও শান্তি৷
এয়াই হ’ল ছুপাৰলেটিভৰ লোভ৷ কৈও ভাল লাগে, শুনিও ভাল লাগে৷ ছুপাৰলেটিভে কোৱা আৰু শুনা এই দুয়োটা চৰিত্রকে প্রলুব্ধ কৰি ৰাখে৷ শব্দই হওক বা বাক্যাংশ হওক, আমি সর্বোত্তম বা পৰমোৎকৃষ্ট প্রকাশহে ব্যৱহাৰ কৰিম৷ যিমানেই অত্যুক্তি কৰিম সিমানেই যেন প্রবল আমাৰ আৱেগ৷ যিমানেই অতিশয়োক্তি কৰিম সিমানেই যেন গভীৰ আমাৰ অনুভৱ৷ অতিৰঞ্জনেহে আমাক স্মর্তব্য কৰি ৰাখিব বুলি আমাৰ ধাৰণা৷ অতিকথাতহে আমি মানসিক অনুৰণন বিচাৰি পাওঁ৷
ইতিবাচকেই হওক বা নেতিবাচকেই হওক অত্যুক্তিয়ে আমাক বিভিন্ন ধৰণে প্রভাৱিত কৰে৷ ‘মানুহজন ইমান মৰমিয়াল৷’ কথাষাৰ শুনাৰ লগে লগে মানুহজনৰতো ভাল লাগেই যিসকলে শুনে তেওঁলোকৰো মানুহজনৰ প্রতি ভাল ধাৰণা গঢ় লৈ উঠে৷ ‘সাংঘাতিক প্রতিভাৱান খেলুৱৈ৷’ তেওঁ হয়তো এতিয়ালৈকে এনে কোনো এখন খেল জিকা নাই যে আমি তেওঁৰ নামটো জানো৷ কিন্তু কথাষাৰ শুনাৰ লগে লগে এটা ধাৰণা হয়– নিশ্চয় এনে প্রতিভা আছে ডাঙৰ খেলুৱৈ হ’বগৈ৷ অর্থাৎ অত্যুক্তিয়ে সৃষ্টি কৰে পৰিচয়৷ বহু ক্ষেত্রত এক অতিৰঞ্জিত পৰিচয়৷ বহুক্ষেত্রত এক অতিৰঞ্জিত সামাজিক স্বীকৃতি৷ এটা বা দুটা হয়তো গল্প–কবিতা লিখিছেহে৷ নিজৰ পৰিয়ালটোৰ বাহিৰে আন কোনেও হয়তো পঢ়াই নাই৷ ক’ৰবাত চিনাকি কৰাই দিব লাগে৷ চকু টিপ নমৰাকৈ সাহিত্যিক বুলি চিনাকি কৰাই দিব৷ আৰক্ষী বিষয়া এজনক যদি চিনাকি কৰাব লাগে, দক্ষ বা সুদক্ষ বুলি যেন ক’বই লাগিব৷
কিন্তু অত্যুক্তি যদি নেতিবাচক হয়, তেতিয়া? সাধাৰণ কথা–বতৰাতো যদি আমি কওঁ ‘অমুকৰ লগত একেবাৰে কাম কৰিব নোৱাৰি দেই৷’ লগে লগে আমাৰ সেই মানুহজনৰ প্রতি নিগেটিভ ধাৰণা গঢ় লৈ উঠিব৷ কোৱাজনে হয়তো এটা ঘটনা বা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কথাটো কৈছে, শুনাজনৰ মনত কিন্তু নেতিবাচক ধাৰণাটো থাকি গ’ল৷ এনে নেতিবাচক ধাৰণা সলোৱাও সহজ নহয়৷
কেতিয়াবা আকৌ ইতিবাচক অত্যুক্তিৰ ফলো নেতিবাচক হয়গৈ৷ আমাৰ কর্মক্ষেত্রৰ দৃশ্য এটাকেই লওক৷ কাৰোবাৰ এটা কামত সন্তুষ্ট হৈ ওপৰৱালাই কেতিয়াবা ইমান প্রশংসা কৰি পেলায় যে বাকী কর্মচাৰীসকল একপ্রকাৰ হতাশ হৈ পৰে৷ প্রশংসাৰ অত্যুক্তিৰে আনসকলৰ কাম–কাজবোৰ যেন নাকচ কৰি পেলাব খোজা হৈছে৷ ইয়াৰ ফলত সৃষ্টি হোৱা অসন্তুষ্টিয়ে কর্মক্ষেত্রৰ সৌহার্দ্যপূর্ণ পৰিৱেশ নষ্ট কৰি পেলাব পাৰে৷
অর্থাৎ অত্যুক্তিয়ে প্রভাৱিত কৰে ব্যক্তিগত সম্পর্ক, লগতে সামাজিক গতিবিদ্যা আৰু সমীকৰণ৷ সাংঘাতিক ভাল হ’ব পাৰে, নতুবা ভীষণ বেয়া হৈ যাব পাৰে৷ তথাপি আমি অত্যুক্তি কৰিয়েই থাকোঁ৷
ছুপাৰলেটিভ ব্যৱহাৰৰ প্রৱণতা দৰাচলতে গঢ় লৈ উঠে আমাৰ মানসিকতাৰ পৰা৷ লগতে আমি কিমান জানো তাৰ পৰা৷ এজন ব্যক্তি বা ঘটনাৰ বিষয়ে আমি কিমান জানো৷ দুই-এটা সজ গুণ থাকিলেই আমি মানুহ এজনক সর্বগুণাকৰ বুলি ক’মনে? গুণী বুলি ক’লেই যথেষ্ট৷ বা খুব বেছি অতি গুণী বা অত্যন্ত গুণৱান৷ অর্থাৎ জ্ঞানীয় পক্ষপাতে আমাক অত্যুক্তি কৰাই পেলায়৷
সামাজিক তুলনা তত্ত্বৰ মতে মানুহে অনবৰতে নিজক আনৰ সৈতে তুলনা কৰি থাকে আৰু আত্ম–মূল্যায়ন কৰি থাকে৷ এয়া মানুহৰ সহজাত প্রবৃত্তি৷ মানুহে যে কেৱল সফলতা–বিফলতাহে তুলনা কৰে এনে নহয়, মানুহে নিজৰ মত–চিন্তা–ধাৰণাও আনৰ লগত তুলনা কৰে৷ স্ব–মূল্যায়ন কৰে৷ বিশেষণৰ ব্যৱহাৰে আমাৰ মনত এটা মানদণ্ডৰ ধাৰণা দিয়ে৷ ‘এজন অতি সফল ব্যৱসায়ী৷’ কিমান ডাঙৰ ব্যৱসায়ী হ’লে অতি সফল বুলি ক’ব পাৰি আমাৰ মনত এটা ধাৰণা সৃষ্টি হ’ল৷ নিজকে তুলনা কৰিবলৈ আমি এটা মাপকাঠী পালোঁ৷
সংস্কৃতিভেদেও বিশেষণ আৰু বিশেষণীয় বিশেষণ ব্যৱহাৰ আৰু প্রয়োগ কম–বেছি হয়৷ বিভিন্ন সংস্কৃতিৰ প্রশংসা বা সমালোচনা কৰা ধৰণ বেলেগ বেলেগ৷ কোনোবাটোত সমালোচনা অতি বিনম্রতাৰে কৰা হয় আৰু আন কোনোবাটোত হয়তো সৰু কথা এটাৰ ক্ষেত্রতো সমালোচনা অত্যন্ত ৰূঢ় হ’ব পাৰে৷ তেনেদৰে কোনোবাটো ভাষা অতি মৃদু আৰু কোনোবাটো উদগ্র৷ অর্থাৎ কোনোবা ভাষাত প্রকাশ আৰু বর্ণনা হ’ব সঠিক আৰু কোনোবা ভাষাত হ’ব অত্যুক্তি৷
আৱেগৰ প্রাবল্য বুজোৱাৰ কাৰণে আমি যেতিয়ালৈকে অত্যুক্তিৰ আশ্রয় লওঁ, তেতিয়ালৈকে কথাবোৰ মোটামুটি ঠিকেই থাকে৷ আমোদজনক হৈ উঠে যেতিয়া তৈলমর্দন কৰিবলৈ আৰু ঠাট্টা কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ নিজৰ ভাল শুনি, প্রশংসা শুনি আমাৰ প্রায় সকলোৰে ভাল লাগে৷ তথাকথিত ডাঙৰ মানুহৰো ভাল লাগে৷ তেওঁলোকৰ চকুত পৰিবলৈ, ভালৰি বুলাবলৈ, তেওঁলোকৰ পৰা কাম আদায় কৰিবলৈ তেওঁলোকৰ বিষয়ে বঢ়াই বঢ়াই কোৱাটো আজিৰ দিনত সাধাৰণ কথা৷ নক’লেহে মানুহ আচৰিত হয়৷ কিন্তু আমোদজনক হৈ উঠে যেতিয়া ঠাট্টা বা পেংলাই কৰিবলৈ বিশেষণীয় বিশেষণ ব্যৱহাৰ কৰা হয় আৰু মানুহজনে বুজি নাপায়৷
অনেকে অৱশ্যে নিজৰ শব্দ ভাণ্ডাৰ প্রকাশ কৰিবলৈও ডাঙৰ ডাঙৰ বিশেষণ ব্যৱহাৰ কৰি দিয়ে৷ সেই শব্দবোৰ নক’লে যেন ভাষা জ্ঞান জাহিৰ নহ’ব৷ কাৰ লগত প্রয়োগ কৰিছে সিমান যেন চাবলগীয়া নাই, ব্যৱহাৰটোহে যেন গুৰুত্বপূর্ণ৷ যেনেকৈ ডাঙৰ বা দীঘল কিতাপ এখন পঢ়িলে আমাৰ আনক কৈ থকাৰ এটা প্রৱণতা আছে৷ অলপ বেছিকৈয়ে কোৱা হয় কাৰণ তেতিয়াহে মানুহৰ বিশ্বাস হ’ব কিতাপখন পঢ়িছোঁ বুলি৷
মানে কথাটো এনেকুৱা– আমি যেতিয়া কথাটো বা বিষয়টো সঠিককৈ উপস্থাপন কৰিব নোখোজোঁ তেতিয়াহে আমি অত্যুক্তি কৰোঁ৷ অর্থাৎ হয় বেছি ভাল দেখুৱাবলৈ নহয় বেছি বেয়া দেখুৱাবলৈ৷ সেইকাৰণেই আমি পাহাৰক পর্বত কোৱা মানুহ পাওঁ আৰু সেই মানুহজনৰ নামেৰে পর্বতটোৰ নামকৰণ কৰা মানুহো পাওঁ৷
সত্য কিন্তু সত্যই৷ মিছাৰ প্রলেপ যিমানেই দিয়া নহওক কিয় সত্য সকলোৱে জানে৷ বিশ্বাস কি কৰিব খুজিছা সেয়া তোমাৰ কথা– সঁচাটো নে মিছাটো৷