নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিলৈ বিশেষ উপহাৰ তেণ্ডুলকাৰৰ

বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : পাঁচ দিন পূর্বে এদিনীয়া ক্রিকেটত শচীন তেণ্ডুলকাৰৰ সর্বাধিক শতৰানৰ অভিলেখ ভংগ কৰিছে বিৰাট কোহলিয়ে৷ কালি ফাইনেলৰ পূর্বে শচীনৰ পৰাই বিশেষ পুৰস্কাৰ লাভ কৰিলে কোহলিয়ে৷ ভাৰতৰ প্রাক্তন অধিনায়কৰ হাতত নিজৰ এটা জার্ছী তুলি দিলে শচীনে৷ সেই ছবি পোষ্ট কৰিছে ভাৰতীয় ব’ৰ্ডৰ তৰফৰ পৰা৷ যিটো জার্ছী পিন্ধি শচীনে নিজৰ অন্তিমখন আন্তর্জাতিক মেচ খেলিছিল, সেই জার্ছীটোৱে বিশ্বকাপৰ ফাইনেলৰ পূর্বে তুলি দিলে কোহলিৰ হাতত৷ সেই জার্ছীত আছে শচীনৰ স্বাক্ষৰ৷ লগতে কেইখনমান ছবিও আছে৷ হাঁহি হাঁহি সেই জার্ছী লৈ ফটোৰ বাবে প’জ দিয়ে কোহলিয়ে ৷ শচীনৰ সৈতে থিয় হৈ তেওঁ আলোকচিত্রও গ্রহণ কৰে৷ এই বিশেষ উপহাৰ লাভ কৰি কোহলি কিমান আপ্লুত হৈছিল সেই কথা দেখিলেই বুজা যায়৷ ব’ৰ্ডৰ তৰফৰ পৰা লিখা হৈছে– এখন বিশেষ মেচ আৰু ফাইনেলৰ পূর্বে এটি বিশেষ মুহূর্ত৷ অন্তিম এদিনীয়া মেচত খেলা জার্ছী কোহলিক উপহাৰ দিলে শচীনে৷

You might also like