নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত যুৱকক পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ : যোৱানিশা নগৰবেৰাৰ ডিবিআৰপি পাৰঘাটৰ ভাৰাক লৈ দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিট সংঘটিত হয় আৰু পুৱাই ৰহস্যজনকভাৱে মাৰপিটত আহত খগেন দাস (৪৬)ৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱাত অঞ্চলজুৰি চাঞ্চল্য বিয়পে | পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে। ঘটনাৰ বিৱৰণী মতে, দেওবাৰে নিশা পাৰঘাটটোত দিলীপ তালুকদাৰ নামৰ এজন ব্যক্তিৰ ওচৰত ভাৰা খোজাৰ বাবেই খগেন দাসৰে তৰ্কাতৰ্কি আৰু পাছলৈ মাৰপিট সংঘটিত হয়। ভাৰাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত সংঘটিত হোৱা মাৰপিটত খগেন দাসসহ দুই পক্ষৰ কেইবাজনো ব্যক্তি আহত হয়। আহত অৱস্থাতে খগেন দাস ঘৰলৈ যায় যদিও পুৱতি নিশা তেওঁক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। মৃত খগেন দাসৰ পৰিয়ালৰ লোকৰ অভিযোগ- দিলীপ তালুকদাৰ, দীপক তালুকদাৰ আৰু প্ৰশান্ত তালুকদাৰে নিশা খগেন দাসক মাতি নি হত্যা কৰি চিপ লগাই থৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে নগৰবেৰা আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণৰ দিহা কৰে | মৰণোত্তৰ পৰীক্ষাৰ ফলাফলে সকলো ৰহস্য ফাদিল কৰিব, প্ৰকৃততে এয়া হত্যাকাণ্ড নে আত্মহত্যাৰ ঘটনা।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like