সুস্থ পৰিৱেশ গঢ়োঁ আহক
যোৱা দশকসমূহত অসমৰ লগতে সমগ্র পৃথিৱীয়ে সংঘাতপূর্ণভাৱে পাৰ কৰিবলগীয়া হোৱা কথাটো ইতিমধ্যে সকলোৱে অনুভৱ কৰিব পাৰিছে ৷ বিশ্বায়নৰ প্রভাৱ, জীৱনশৈলী আৰু জীৱিকাৰ সামঞ্জস্যহীনতাৰ বাবে মানুহে ব্যক্তিগত আৰু সামাজিক জীৱনত প্রবল বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ইজনে সিজনক চেৰ পেলোৱাৰ অঘোষিত প্রতিযোগিতাত অৱতীর্ণ হৈ মানুহ হৈ পৰিছে অমানুহ৷ ইয়াৰ বাবে দায়ী কোন? জীৱশ্রেষ্ঠ বুলি আমি নিজকে জাহিৰ কৰিব বিচাৰিলেও প্রকৃততে আমি জানো জীৱশ্রেষ্ঠ হয়? এখন হাবিত জীৱ–জন্তুবোৰৰ মাজত যিদৰে যুদ্ধ চলে, তেনে এখন যুদ্ধৰ আমিও একোজন যোদ্ধা হৈ পৰা নাইনে বাৰু? এজনে আনজনক ঠগ–প্রৱঞ্চনা, ডকাইতি, হিংসা, সন্ত্রাস, বল প্রয়োগ, ছল–চাতুৰী, দুর্বুদ্ধি খটোৱা, ডকা–হকা, ডাবি–ধমকি, জোৰ–জুলুম কৰি অপ্রাপ্যকো প্রাপ্য ভাবি টানি–আঁজুৰি জীৱনক ঐশ্বর্যশালী কৰি তুলিব বিচৰা নাইনে? নির্বলীৰ ওপৰত অত্যাচাৰ, উৎপীডন বৃদ্ধিয়ে মানৱীয় সভ্যতাক কোন দিশলৈ আগুৱাই লৈ যোৱা হৈছে, সেয়া অনুভৱ কৰাৰ অৱকাশ জানো কাৰোবাৰ হৈছে? সাহিত্য সাধক, বুদ্ধিজীৱী, সাংবাদিক, সমাজসেৱক, ৰাজনীতিবিদ, শিক্ষাবিদ আৰু অন্যান্য সেৱাৰ সৈতে বহু মানুহ জডিত হৈ আছে ঠিকেই, কিন্তু সেৱাৰ মনোভাবক লৈ এটা বৃহৎ প্রশ্ণবোধক ছায়াছবিয়ে সকলোকে গ্রাস কৰি পেলোৱাৰ উপক্রম হৈছে৷ আজি মানৱে সুস্থ, শুদ্ধ জীৱনতকৈ লাস–বিলাসতাপূর্ণ আৰু ক্ষমতাশালী জীৱনক অধিক প্রাধান্য দিয়া পৰিলক্ষিত হৈছে৷ লাস–বিলাসিতা আকৌ বিকৃত তৃপ্তিলৈ পর্যবসিত হোৱা ছবিখনে দূৰদর্শী মানুহ এচামক বৰকৈ ব্যথিত কৰি তুলিছে৷
১৬২৩ খ্রীষ্টাব্দত ডহলিয়াম শ্বেইক্সপীয়েৰে লিখিছিল– ‘এজন মানুহে জীৱন কালত বহু চৰিত্রত অভিনয় কৰে, মানুহৰ এনে অভিনয় সাত যুগৰ সমান৷’ তিনিশ বছৰ পিছত অর্থাৎ ১৯৫০ খ্রীষ্টাব্দত এৰিক্সনে লিখা ‘চাহল্ডহুড এণ্ড ছ’চাহটী’ত মানুহৰ গোটেহ জীৱনকালৰ ব্যক্তিগত বিকাশৰ পৰীক্ষা আৰু চিত্রকল্প বা ৰেখাচিত্র বা মানচিত্র প্রস্তুত কৰি উলিয়াইছিল৷ তেওঁ অধিক আধুনিকতাই কম সমতাযুক্ত পৰিৱেশৰ সূচনা কৰা মানসিক পৰিৱর্তনৰ কথা উনুকিয়াইছিল৷ এৰিক্সনৰ অনুভৱ আজি ৭২ বছৰ পিছত বাস্তৱত প্রতিফলিত হোৱা আমি দেখিবলৈ পাইছোঁ৷ এৰিক্সনৰ মানসিক–সামাজিক পৰিৱর্তনৰ আর্হিটোৱে আমাৰ জীৱনৰ ধাৰণাটোক কেঁচুৱাৰ পৰা বৃদ্ধাৱস্থালৈকে সম্প্রসাৰিত কৰিছে৷ মানসিক–সামাজিক আৰু পাৰিপার্িশ্বকতাৰ ফলত মানুহে পুনৰ পুনৰ বিকশিত হৈ গৈ থাকে৷ এই বিকাশ ঊধর্বগামী হ’লে আমাৰ পৰিৱেশ জীৱন নির্বাহৰ বাবে সুচল হয়৷ আনহাতে, এই বিকাশ নিম্নগামী হ’লে সামগ্রিক পৰিৱেশ জীৱন নির্বাহৰ অনুপযোগী হৈ পৰে৷ যদিও আমি নঞর্থক চিন্তাক প্রশ্রয় দিব নোখোঁজো তথাপিও আমাৰ সামগ্রিক পৰিৱেশ কিন্তু অনুকূল হৈ থকা বুলি নিজক পতিয়ন নিয়াব পৰা নাই৷
যোৱা ২৭ মে’, ২০২৩ তাৰিখে প্রধানমন্ত্রীয়ে তিনিখন ৰাষ্ট্রৰ ভ্রমণ সামৰি আহি টুইটযোগে ৰাইজক জনাইছিল– ‘কোটি কোটি দেশবাসীৰ মৰম আৰু বিশ্বাসেহ মোক নতুন শক্তিৰে ভৰাহ তোলে আৰু মোক প্রতিমুহূর্তত দেশৰ সেৱা কৰিবলৈ অনুপ্রাণিত কৰে৷’ নাগৰিকৰ মৰম আৰু চেনেহৰ প্রতি কৃতজ্ঞ হোৱা প্রধানমন্ত্রীগৰাকীয়্ শান্তি–সম্প্রীতিৰ বাবে বিশ্বৰ অন্যান্য দেশৰ সৈতে সঘন যোগাযোগ ৰক্ষাত গুৰুত্ব প্রদান কৰিছে বুলি অনুভৱ কৰিছেছা৷ তেওঁৰ আদর্শৰে প্রতিজন নাগৰিকে শান্তি–সম্প্রীতি–ঐক্য অটুট ৰাখিবলৈ যত্নপৰ হ’ব নালাগিব জানো? সমগ্র পৃথিৱীতেই নানা ধৰণৰ কূটকৌশল প্রয়োগেৰে বহু লোকে ধন–সম্পদেৰে নদন–বদন হ’বলৈ আকাংক্ষা কৰা দেখা গৈছে৷ নিজৰ উদৰ পূৰাবলৈ যাওঁতে আন দহজন যাতে লঘোন পৰিবলগীয়া নহয়, তাৰ প্রতিও দৃষ্টি ৰাখিব লাগে৷ আমি ক্ষুদ্র স্বার্থক প্রাধান্য দি আনৰ জীৱন বিপন্ন কৰিবলৈ অকণো সংকিত নহ’লে সময়ে জানো আমাক ক্ষমা কৰিব? কিয়নো ক্ষোভৰ উদগীৰণ হ’বলৈ হ’লে ধন, সম্পদ, ক্ষমতাৰে ভোগ কৰিব খোজা বিলাসিতাও নিপাত যাব৷
এটি কেঁচুৱাই জন্মলাভ কৰাৰ এমাহৰ পিছৰ পৰাহ চৌপাশৰ পৰিৱেশৰ প্রতি সচেতন হৈ পৰে৷ তেনেস্থলত সামাজিক পৰিৱেশ সুস্থ ৰখাত প্রতিজন নাগৰিকে সমানভাৱে অংশ লোৱাৰ বিপৰীত পৰিৱেশ সৃষ্টিতহে হাত উজান দিলে অনাগত দিনত বিষফল সকলোৱে ভোগ কৰিবলৈ সাজু থাকিব লাগিব৷ ইতিমধ্যে পৰিৱেশৰ বিষক্রিয়াৰ ৰেহ–ৰূপ আমি দেখি হুমুনিয়াহ কাঢ়িবলগীয়া হৈছেই৷ পৰিৱেশ সুৰক্ষাৰ বাবে সজাগতা আৰু কার্যকলাপৰ বাবে ডৎসাহিত কৰিবলৈ হ’লে সংযত শব্দ প্রয়োগৰ ওপৰত বিশেষভাৱে ধ্যান ৰাখিবলগীয়া হয়৷ শব্দই ব্রহ্ম৷ শব্দৰ বিনাশ নাই৷ এটা কাহিনী মনলৈ আহিছে৷ এদিন এজন লোকে আন এজন লোকক ভুল ধাৰণাৰ বশৱর্তী হৈ বেয়া মন্তব্য দি লোকজনৰ মনত দুখ দিছিল৷ পিছত তেওঁ অনুতপ্ত হ’ল৷ নিজৰ ভুল আৰু অনুশোচনাৰ কথা অইন এজন বিজ্ঞ লোকৰ সৈতে আলোচনা কৰাত বিজ্ঞ লোকজনে ক’লে– ‘শব্দক ঘূৰাই আনিব পৰা নাযায়৷ গতিকে, শব্দবাণ অক্ষয়৷ সেয়েহে শব্দ, বাক্য প্রয়োগ কৰোঁতে অতি সাৱধান হ’ব লাগে৷’ পিছে আজি শব্দ প্রয়োগৰ ক্ষেত্রত কোনো এটা পক্ষকেই সাৱধানতা অৱলম্বন কৰা দেখা পোৱা নাযায়৷ ঢ়ৌকে ৰৌ, ৰৌকে ঢ়ৌ কৰি সঁচাক মিছা, মিছাক সঁচা ৰূপে প্রতিপন্ন কৰাহে দেখা যায়৷ য’তে–ত’তে যিকোনো অব্যৱহাৰযোগ্য শব্দ প্রয়োগ কৰি পৰিৱেশ বিনষ্ট কৰা দেখি কষ্ট পাবলগীয়া হয়৷ অসংযমতা, অনভিজ্ঞতা আদিৰ বাবে সামাজিক মাধ্যমসমূহো বিষময় পৰিৱেশেৰে ভৰি পৰা দেখা গৈছে৷ বিচাৰকৰ তুলনাত বিবেচকৰ সংখ্যা তেনেই নগণ্য হোৱাৰ বাবে মহম্মদ ৰফিয়ে গোৱা– ‘দুনীয়া পাগেল হে’ গানটোৰ সত্যাসত্য যেন বাস্তৱত প্রতিফলিত হোৱা দেখিছেছা৷ গতিকে, সকলো পক্ষক শব্দ প্রয়োগত সাৱধানতা, সংযমতা অৱলম্বন কৰিবলৈ আজি বিশ্ব পৰিৱেশৰ দিনাই কাতৰে অনুৰোধ জনালোঁ৷
বহুতো বেচৰকাৰী সংস্থা, ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী সত্তাৰ সমর্থনযোগ্য বিশ্ব পৰিৱেশ দিৱসে বিশ্ব পৰিৱেশ সুৰক্ষাৰ দিশটোক সমর্থন কৰাৰ লগতে ৰাষ্ট্রসংঘৰ প্রাথমিক প্রচাৰৰ দিশকো প্রতিনিধিত্ব কৰে৷ ২০২৩ বর্ষৰ বিশ্ব পৰিৱেশ দিৱসে ‘প্লাষ্টিক প্রদূষণৰ ভয়ৱহতা’ক সোঁৱৰাই দিব বিচাৰিছে৷ মানুহৰ কার্যকলাপে প্লাষ্টিক প্রদূষণৰ ক্ষেত্রত ভয়াৱহ ভূমিকা গ্রহণ কৰি অহা দেখিবলৈ পাইছো৷ বৃহৎ বৃহৎ উদ্যোগবোৰে প্লাষ্টিক প্রদূষণৰ বিষয়টোক গুৰুত্ব নিদি কেৱল নিজৰ লাভালাভ, লাস–বিলাস, ধন, সম্পদ, ক্ষমতা আহৰণত গুৰুত্ব প্রদান কৰি সমগ্র পৰিৱেশটোক বিনষ্ট কৰি পেলাইছে৷ ইয়াক কঠোৰভাৱে ৰোধ কৰিবলৈ চৰকাৰীভাৱে যি পদক্ষেপ ল’ব লাগে, সেই সংকল্প এনে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে ল’লে আমাৰ পৰিৱেশৰ অৱশিষ্ট অংশ অন্তত ৰক্ষা পৰাৰ সম্ভাৱনা আছে৷ এহ কার্যক ত্বৰান্বিত কৰি বৃত্তাকাৰ অর্থনীতিলৈ পৰিৱর্তন কৰাৰো সময় আহি পৰিছে৷
পৃথিৱীখন প্লাষ্টিকেৰে প্লাৱিত হৈ পৰিছে৷ প্রতি বছৰে ৪০ কোটিটনতকৈ অধিক প্লাষ্টিক ডৎপাদন হয়, হয়াৰে আধা অংশই মাত্র এবাৰ ব্যৱহাৰ কৰিব পৰাকৈ প্রস্তুত কৰা হয়৷ তদুপৰি, ১০ শতাংশতকৈও কম অংশ পুনঃব্যৱহাৰযোগ্য হৈ থাকে৷ প্রায় ১৯–২৩ মিলিয়নটন প্লাষ্টিক হ্রদ, নদী, পানী আৰু সাগৰত পোত যোৱাৰ ফলত বিষাক্ত গেছ বা অপকাৰী পদার্থৰ সৃষ্টি হৈছে বুলি নির্ভৰযোগ্য সূত্রত প্রকাশ পাইছে৷ এনে প্রদূষণে মানৱ আৰু প্রকৃতিলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে৷ কেৱল সেয়াহ নহয়, আমাৰ খাদ্য, পানী, উশাহতো প্লাষ্টিকজনিত প্রদূষণে বিৰূপ প্রভাৱ পেলোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত আমাৰ মানসিকতা নিম্নগামী হৈ পৰিছে৷ তদুপৰি, নানা ধৰণৰ চিকিৎসা বিজ্ঞানৰ দ্বাৰা নিয়ন্ত্রণহীন ৰোগত মানুহ, পশু–পক্ষী আক্রান্ত হোৱা দেখা গৈছে৷ এনে সংকটৰ সমাধানৰ বাবে চৰকাৰ, উদ্যোগ আৰু অন্যান্য অংশীদাৰসকলৰ পৰা পদক্ষেপ বৃদ্ধি আৰু ক্ষিপ্র কৰাৰ বাবে ৰাজহুৱা আৰু ৰাজনৈতিক হেঁচা প্রয়োগ কৰা উচিত৷ ৰাষ্ট্রসংঘই সজাগতা সৃষ্টিৰ সমানুপাতিকভাৱে শাসন ব্যৱস্থাৰ অংশ ৰূপে কঠোৰ নীতি–নিয়ম প্রয়োগৰ ব্যৱস্থা কৰিলে অধিক সুফল আশা কৰিব পৰা যায়৷ বিশ্ব পৰিৱেশ দিৱসত বিশ্বৰ প্রতিটো কোণত আলাপ–আলোচনা কৰাতকৈ বিহিত ব্যৱস্থা গ্রহণৰ যুগান্তকাৰী সিদ্ধান্তৰ কথাহে অধিক কাম্য হৈ পৰিছে৷
মানুহৰ ঘাই সমস্যা– দাৰিদ্র্য, ব্যাধি, যুদ্ধ–বিগ্রহ, প্রাকৃতিক দুর্যোগ, ধর্মীয় সংঘর্ষ, ভাষিক সমস্যা, গোষ্ঠীগত সমস্যা আদিবোৰক পিছ পেলাই বিকৃত তৃপ্তিপূর্ণ বিলাসিতাই ভয়ংকৰ ৰূপ লোৱা দিশটোক আমি বাৰু আওকাণ কৰিছেছা নেকি? যি মানসিকতাই মানসিক ৰোগ বিশেষজ্ঞকো ৰেহাই নিদিলে, যি মানসিকতাই উচ্চবুদ্ধিৰ লোককো নৰকগামী বুলি প্রতিপন্ন কৰিলে, তেনে মানসিকতাক আমি প্রতিপালন কৰিছেছা নেকি? ইয়াক সমূলঞ্চে নাশ কৰিব বিচাৰি আমি বাৰু কি ব্যৱস্থা গ্রহণ কৰিছেছা? এনে বহু প্রশ্ণই বহু সময়ত জুৰুলা কৰিবলৈ লৈছে৷
সুন্দৰ আৰু সহজ জীৱনশৈলীয়ে আমাক শাৰীৰিক আৰু মানসিকভাৱে সুস্বাস্থ্যৱান কৰি ৰাখে বুলি আমি সকলোৱে জানো৷ অথচ বিশ্বায়নৰ ধামখুমীয়াত আমি সুস্থ হৈ থাকিবলৈ মন কৰাতকৈ বিলাস–বৈভৱৰেৰে পৰিপূর্ণ হৈ ক্ষমতা হস্তগত কৰি অঘোষিত সম্রাটৰ পংকিলতাপূর্ণ জীৱনশৈলীক আমি আঁকোৱালি ল’বলৈ লৰা–ঢ়পৰা লগাইছেছা৷ কি আশ্চর্যপূর্ণ কথা নহয়নে বাৰু? সম্পদ, সম্পত্তি হস্তগত কৰাৰ বাবে অতি ব্যৱস্তাপূর্ণ কৰি তোলা জীৱনযাত্রাত আমি বহু মানুহৰ অধিকাৰ, সুখ, শান্তি, সম্প্রীতি, সম্পর্ক বিঘ্ণিত কৰা নাইনে? বিজ্ঞান আৰু প্রযুক্তিবিদ্যাহ অত্যাধুনিকতা আমাক উপহাৰ দিলেও আমি জানো সুখী হ’ব পাৰিছেছা৷ বিশ্বৰ প্রায়ভাগ লোককে নানা ধৰণৰ ৰোগ–ব্যাধিয়ে আক্রান্ত কৰি পংগু কৰি তোলা তথ্যসমূহক আমি নস্যাৎ কৰা উচিত নহয়৷ স্বাস্থ্যসন্মত আৰু স্বাস্থ্য হানিকাৰক জীৱনশৈলীৰ পার্থক্য অনুধাৱন কৰিব নোৱাৰি ইজনে সিজনৰ ওপৰত আক্রোশ অথবা দমনমূলক মনোভাব পোষণ কৰা দেখা গৈছে৷ এয়া মানৱ জাতিৰ বাবে দুর্ভগ্যজনক৷ লাস–বিলাসিতাৰ লোভে আমাৰ মানসিক স্বাস্থ্যত চৰম আঘাত হানিছে যাৰ ফলত নানা প্রকাৰৰ অন্যায়–নীতি, অধর্ম, ব্যভিচাৰৰ কবলত আমি সোমাই পৰিবলগীয়া হৈছে৷ অত্যধিক কর্মব্যস্ততাই আমাক যিমান ক্ষতি কৰে, তাতোকৈ অধিক ক্ষতি কৰে প্রয়োজনতকৈ অধিক বিলাসিতা আৰু ক্ষমতালিপ্সাই আমাৰ মনত জাগ্রত কৰা অহৈতুক হাবিয়াস৷ অনাৱশ্যকীয় চিন্তাৰ পৰা মুক্ত কৰি নিজৰ লগতে আনৰ বাবে পাৰিপার্িশ্বক পৰিৱেশ সুৰক্ষিত ৰাখিবলৈ আমি প্রয়াস কৰা উচিত৷
জীৱনৰ মূল হৈছে শান্তি৷ শান্তি বিঘ্ণিত নোহোৱাকৈ ৰাখিবলৈ হ’লে পৰিশীলিত জীৱনশৈলীক আমি অগ্রাধিকাৰ দিব লাগিব৷ তাৰ বাবে লাগিব এটি নিয়ন্ত্রিত মন৷ মনটোক সুস্থ আৰু শান্ত ৰাখি নিয়ন্ত্রণত ৰাখিবলৈ সঠিক কর্ম, সঠিক সময়ত সঠিক সিদ্ধান্ত আৰু কাৰো প্রতি সামান্যতমো অন্যায় কৰাৰ পৰা নিজক বিৰত ৰাখিব লাগিব৷ সম্প্রতি সমগ্র বিশ্বতে পৰিৱেশ প্রদূষণ এটা প্রধান সমস্যা হৈ পৰিছে৷ বিভিন্ন কাৰণত বিশ্বৰ পৰিৱেশ এনেভাৱে অধোগামী হ’বলৈ ধৰিছে যে আমি যদি ইয়াক নিবাৰণ আৰু নিয়ন্ত্রণৰ ব্যৱস্থা নকৰোঁ, তেন্তে অচিৰেই এই বিনন্দীয়া পৃথিৱীখন যথাযোগ্য হৈ নাথাকিব আৰু লগতে জীৱজগতো বিপন্ন হ’ব৷ সেয়েহে সকলোতে পৰিৱেশ সুৰক্ষাৰ হকে সংঘবদ্ধ প্রচেষ্টা চলিছে আৰু বিভিন্ন সংস্থাই ইয়াৰ বাবে জনসচেতনতা সৃষ্টি কৰিবলৈ উঠি–পৰি লাগিছে৷ ইয়াৰ ভিতৰত ৰাষ্ট্রসংঘৰ দ্বাৰা পৰিচালিত বিশ্ব পৰিৱেশ দিৱসৰ কথা উল্লেখযোগ্য৷ আমি আহি আহি সভ্যতাৰ এনে এটা স্তৰত উপনীত হৈছেছা যে য’ত আমি থমকি ৰ’ব লগা হৈছে৷ আমি অসহনীয় বর্তমান আৰু অনিশ্চিত ভৱিষ্যতৰ পিনে দ্রুতগতিত ধাৱমান হৈছেছা৷ কাৰণ যিটো পৰিৱেশত আমি অৱস্থান কৰি আছেছা, সেই পৰিৱেশ এতিয়া সাংঘাতিক বিপন্ন হৈ পৰিছে৷ এতিয়া বতাহ, পানী, মাটিপর্যন্ত প্রদূষিত হৈ পৰিছে৷ এই সমস্যাসমূহ আঁতৰাবলৈ সকলো স্তৰৰ লোকে আগবাঢ়ি আহিব লাগে৷
আজি সমগ্র বিশ্বৰ পাৰিপার্িশ্বক পৰিৱেশক কৃত্রিম অথবা বিকৃত মানসিকতাৰ ক’লীয়া মেঘে ঢ়কাৰ দৰে ঢ়াকি ধৰিছে৷ সময় থাকোঁতে আমি বিশ্বায়নৰ অপকাৰিতা, অত্যাধুনিক প্রযুক্তিবিদ্যাৰ অপকাৰিতা, প্লাষ্টিকৰ পৰা উৎপন্ন ভয়াৱহ গেছ বা প্রদূষণসমূহৰ পৰা পৰিৱেশক ৰক্ষা কৰিবলৈ যত্ন নকৰিলে ‘বিশ্ব পৰিৱেশ দিৱস’ৰ প্রাসংগিকতাও বিড়ম্বনাতহে পৰিণত হ’বগৈ৷
ড০ সুলেখা চক্রৱর্তী ভট্টাচার্য