নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎ মাচুলৰ পৰা ৰেহাই পাবলৈ গছৰ তলত থাকক

📌বিধানসভাৰ অধ্যক্ষ দৈমাৰীৰ আজব আহ্বান

বিশেষ বাৰ্তা, ৫ জুনঃ বর্ধিত বিদ্যুৎ মাচুলৰ পৰা ৰেহাই পাবলৈ জনসাধাৰণক ফেন চলোৱাৰ পৰা বিৰত থাকি গছৰ তলত থাকিবলৈ আজব পৰামর্শ আগবঢ়াইছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷ ৰাজ্যখনত চলা প্রচণ্ড গ্রীষ্মপ্রৱাহৰ সময়তে বিদ্যুৎ মাচুল বৃদ্ধিৰ লগে লগে বিদ্যুতৰ বিল বৃদ্ধি পোৱাক লৈ জনসাধাৰণে প্রতিক্রিয়া প্রকাশ কৰিছে৷ এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে কয় যে যদি বিদ্যুতৰ বিল বৃদ্ধি পায়, তেতিয়াহ’লে জনসাধাৰণে ঘৰত ফেন চলোৱাৰ পৰা বিৰত থাকি গছৰ তলত থাকিব পাৰে ৷ ৰাজ্যত নিজা বিদ্যুৎ উৎপাদন সীমিত ৷ এনে অৱস্থাত চৰকাৰে বাহিৰৰ পৰা বিদ্যুৎ ক্রয়ৰ বাবে কোনো উপায় নাই ৷ বাহিৰৰ কোম্পানীৰ পৰা চৰকাৰে বিদ্যুৎ ক্রয় কৰি যোগান ধৰিব লাগে ৷ তাৰ বাবে চৰকাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলগীয়া হয় ৷ চৰকাৰৰ অতিৰিক্ত উৎসৰ বাবে কোনো ফার্ম হাউছ নাই ৷ উৎপাদনকাৰীয়ে বিদ্যুতৰ মূল্য বঢ়াবই ৷ সেয়ে অধ্যক্ষ দৈমাৰীয়ে বিদ্যুতৰ বিল যদি বেছি হৈছে, তেতিয়াহ’লে জনসাধাৰণক ঘৰত ফেন চলোৱাৰ পৰা বিৰত থাকি গছৰ তলত থাকিবলৈ আহ্বান জনায় ৷

You might also like