সুখী হ’বলৈ শিকোঁ আহক
তলত লিখা সত্য কাহিনীটো মই পঢ়িছিলোঁAmerican Scientist নামৰ এখন বিদেশী আলোচনীত৷
ধৰি লওক, তিনিটা বেলেগ বেলেগ কোম্পানীৰ পৰা আপুনি একে সময়তে তিনিটা পদত নিযুক্তি পাইছে৷ দর্মহা যথাক্রমে বছৰি ১১ লাখ টকা, ২২ লাখ টকা আৰু ১১০ লাখ টকা৷ কোনটো পদ গ্রহণ কৰিবলৈ আপোনাৰ মন যাব?
বহুতো মানুহে নিশ্চয় ক’বঃ এইটো এটা প্রশ্ণ হ’ল নেকি? একে সময়তে ১১ লাখ, ২২ লাখ আৰু ১১০ লাখ টকা দর্মহাৰ চাকৰি পালে কোন মূর্খই ২২ লাখ টকা বা ১১০ লাখ টকা দৰমহাৰ চাকৰি নলৈ ১১ লাখ টকা দর্মহাৰ চাকৰি ল’ব? আজিকালি সামাজিক মান–মর্যাদাৰ প্রধান মাপকাঠী হৈছে টকা৷ ধনী হোৱাৰ লালসা মাত্রাধিকভাৱে বৃদ্ধি হোৱাৰ কাৰণে সমাজত দুর্নীতিৰ প্রতিযোগিতা দ্রুতগতিৰে বাঢ়িছে৷ এনেস্থলত এই কথা নিশ্চয় স্বতঃসিদ্ধ বুলি ধৰি ল’ব পাৰি যে ১১০ লাখ টকা দৰমহাৰ চাকৰি হেলাৰঙে দলিয়াই দি ১১ লাখ বা ২২ লাখ টকা দৰমহাৰ চাকৰি ল’ব খোজা মানুহ নিশ্চয় এজনো নোলাব৷
আপুনি প্রশ্ণটোৰ উত্তৰ মনে মনে ভাবি থাকে মানে মই নিজৰ বিষয়ে এটা কথা কৈ লওঁ৷ ১৯৯৬ চনত ‘আমাৰ অসম’ৰ স্বতাধিকাৰীয়ে মোক ‘আমাৰ অসম’ৰ সম্পাদক হ’বলৈ নিমন্ত্রণ কৰোঁতে স্বাভাৱিকতেই প্রথমে ওলাল মোৰ দৰমহাৰ প্রশ্ণটো৷ কিমান দৰমহা মই আশা কৰোঁ সেই কথা কথা তেওঁ জানিবলৈ বিচৰাত মই যিমান টকা বিচাৰিলোঁ সেই কথা শুনি তেওঁ খুব আচৰিত হ’ল৷ তেওঁ বোলে মনে মনে তাৰ দুগুণ টকা দিয়াৰ কথা ভাবি আছিল৷ বহুত দিনলৈকে তেওঁ সেই কথা মোক কৈ আছিল৷ মই কম দৰমহা বিচৰাৰ আচল কাৰণটো তেওঁক খুলি নক’লোঁ৷
আচল কাৰণটো আছিল এয়ে যে মই যদি বেছি দৰমহা বিচাৰোঁ, তেন্তে সেই অনুপাতে মই বেছি সময় সাংবাদিকতাৰ কাৰণে দিব লাগিব৷ কিন্তু সেইটো কৰিবলৈ মই মানসিকভাৱে প্রস্তুত নাছিলোঁ৷ কিতাপ লিখিবলৈ আৰু পঢ়িবলৈ মোক যিখিনি সময় লাগে সেইখিনি সময় একোৰে বিনিময়ত বিক্রী কৰিবলৈ মোৰ ইচ্ছা নাই৷ তদুপৰি মই এই কথাও বিশ্বাস নকৰোঁ যে জীয়াই থকাৰ আনন্দৰ কাৰণে প্রয়োজনীয় আটাইখিনি বস্তু কেৱল ধনেহে মানুহক দিব পাৰে৷
সেই একে কাৰণতে ‘দৈনিক বাতৰি’ৰ মালিকেও মোক দিব খোজা দৰমহাৰ আধাহে মই গ্রহণ কৰিছিলোঁ৷
সি যি কি নহওক, মোৰ কথা ইমানতে এৰি এতিয়া আহোঁ ওপৰত উল্লেখ কৰা প্রশ্ণটোলৈ৷ সুখৰ বিষয়ে অধ্যয়ন কৰা কেইজনমান গৱেষকে যেতিয়া এই প্রশ্ণটো বহুতো মানুহক সুধিছিল, তেওঁলোকক অবাক কৰি দি বেছিভাগ প্রার্থীয়েই ১১০ লাখ টকা দৰমহাৰ চাকৰিটোৰ পৰিৱর্তে ২২ লাখ টকা দৰমহাৰ চাকৰিটো ল’বলৈহে আগ্রহ প্রকাশ কৰিছিল৷
কিয়?
এই প্রশ্ণটোৰ উত্তৰ বিচাৰি গৱেষকসকলে সুখৰ বিষয়ে বা মানুহৰ সুখৰ ধাৰণাৰ বিষয়ে বহুতো নতুন তথ্য আৱিষ্কাৰ কৰিছে৷
এতিয়া জানিব পৰা গৈছে যে মানুহ সুখী বা অসুখী হোৱাৰ বিষয়টো মোটামুটিভাৱে ৫০ শতাংশ নির্ভৰ কৰে মানুহৰ শৰীৰৰ’Gene’ৰ ওপৰত৷ অর্থাৎ কোন মানুহ কিমান সুখী অথবা অসুখী হ’ব সেই কথা তেওঁৰ জন্মৰ সময়তে ঠিক হৈ যায়৷ সুখৰ বাকী ৫০ শতাংশ নির্ভৰ কৰে আন মানুহৰ অভাৱৰ লগত প্রতিজন মানুহৰ নিজৰ নিজৰ অভাৱৰ তুলনাৰ ওপৰত৷ আন কথাত ক’বলৈ গ’লে কিমান ধন–সম্পত্তিয়ে মানুহক সুখী কৰিব তাৰ কোনো নির্দিষ্ট সীমা নাই৷ ধন সম্পত্তিৰ পৰা পোৱা সুখখিনি মানুহে নির্ণয় কৰে আনৰ ধন সম্পত্তিৰ লগত নিজৰ ধন সম্পত্তিৰ তুলনা কৰি৷
কথাটো বুজিবলৈ নিচেই সহজ৷ ধৰি লওক, আপোনাৰ সুখৰ আটাইখিনি উপকৰণ আহৰণ কৰিবলৈ বছৰত ১২ লাখ টকা উপার্জন হ’লেই আপোনাৰ চলি যায়, আৰু আপুনি ইতিমধ্যেই সিমানখিনি ধন উপার্জন কৰিছে৷ কিন্তু আপুনি যদি সদায় চকুৰ আগত দেখি থাকে যে আপোনাৰ এজন ঘনিষ্ঠ আত্মীয় বা ওচৰ চুবুৰীয়া বা প্রতিদ্বন্দ্বীয়ে বছৰত ১৫ বা ২০ লাখ টকা উপার্জন কৰিছে, তেন্তে আপোনাৰ সকলো অভাৱ পূৰণ হোৱা সত্ত্বেও আপুনি কেতিয়াও সুখী হ’ব নোৱাৰিব৷
প্রতিযোগিতাৰ বাসনা বা ঈর্ষাই আপোনাক সদায় অসুখী কৰি ৰাখিব৷ লণ্ডন স্কুল অৱ ইক’নমিক্ছৰ এজন অর্থনীতিবিদৰ গৱেষণাৰ পৰা দেখা গৈছে যে ১৯৫০ চনৰ তুলনাত এতিয়া বহুত মানুহৰ উপার্জন আৰু বিলাস সামগ্রী দুগুণ হোৱা সত্ত্বেও সেই অনুপাতে কিন্তু মানুহৰ সুখৰ পৰিমাণ বঢ়া নাই৷ সেই একেটা গৱেষণাই প্রমাণ কৰিছে যে মানুহৰ উপার্জন বছৰি দহ লাখ টকা হোৱাৰ পিছত উপার্জন তাতোকৈ বাঢ়ি গৈ থাকিলেও সুখৰ পৰিমাণ কিন্তু নাবাঢ়ে৷
আন কথাত ক’বলৈ গ’লে ধনৰ পৰিমাণৰ ওপৰত প্রকৃত সুখ নির্ভৰ নকৰে৷ ধনৰ পৰিমাণ বৃদ্ধিয়ে মানুহৰ অহংকাৰ বৃদ্ধি কৰাত সহায় কৰিব পাৰে, কিন্তু সি সুখ বৃদ্ধি নকৰে৷
মানুহৰ সুখ তেন্তে কিহৰ ওপৰত নির্ভৰ কৰে?
সুখ নির্ভৰ কৰে ঘাইকৈ সন্তুষ্টিৰ ওপৰত৷ সন্তুষ্টি আৰু আনন্দ দুয়োটা সম্পূর্ণ বেলেগ বস্তু৷ যি মানুহে কেৱল আনন্দৰ অর্থাৎ কামনাতৃপ্তিৰ অম্বেষণ কৰে তেওঁৰ সেই অন্বেষণৰ কোনো দিনে অন্ত নপৰে৷ অৱশেষত সি পর্যবসিত হয় চৰম অৱসাদ আৰু হতাশাত৷ আনহাতে, সন্তুষ্টি হ’ল এনে এটা হূদয়ানুভূতি– যিটোৱে মানুহে কৰা সকলো কামকে এটা অর্থ দিয়ে আৰু সি পূৰণ কৰে একান্তভাৱে মানৱিক প্রয়োজনবোৰ৷ আপুনি লটাৰীত জিকি আনন্দ পাব পাৰে বা আপুনি পাব পৰা আনন্দৰ পৰিমাণ ঠিক কৰি দিব পাৰে আপোনাৰ শৰীৰৰ কেইটামান নির্দিষ্ট জিনে৷ এটা অযাচিত উপহাৰ পাই আপুনি আনন্দ পাব পাৰে৷
কিন্তু সন্তুষ্টি আপুনি ক’ৰ পৰা পাব? আপুনি সন্তুষ্টি পাব নিজে সচেতনভাৱে কিবা এটা কাম কৰিবলৈ সিদ্ধান্ত লৈ আৰু সেই কামটো যথাসাধ্য নিখুঁতকৈ সম্পাদন কৰি৷ আপুনি নিজে কৰা কামৰ কৃতিত্ব আৰু দায়িত্ব সম্পূর্ণভাৱে আপোনাৰ নিজৰ৷ কামটো ভালকৈ কৰা হ’ল বুলি অনুভৱ কৰিলে আপুনি যিখিনি সন্তুষ্টি পাব, ঠিক সেইখিনিতে আপোনাৰ সুখৰ অন্বেষণৰ অন্ত পৰিব৷ কামনাতৃপ্তি আৰু সন্তুষ্টি– এই দুয়োটাকে ব্যক্তিগত অভিজ্ঞতাৰ সহায়েৰে আপুনি তুলনা কৰি চাওক, কোনটোৱে আপোনাক বেচি সুখী কৰে সেই কথা আপুনি নিজে জানিব পাৰিব৷
(আৰু আছে)