নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোমায়েকৰ ঘৰৰ বিবাহস্থলীৰ পৰা উঠাই নিছিল কণমানিকঃ ধৰ্ষণ-হত্যা কৰি পেলাই থৈ গ’ল পথাৰত

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ মানৱতাক ভূলুণ্ঠিত কৰা ঘটনা সংঘটিত হৈছে হোজাইত। মোমায়েকৰ ঘৰলৈ বিবাহ অনুষ্ঠানৰ বাবে যোৱা এটি কণমানি ৭ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰিছে মানৱ ৰূপী নৰপিশাচে।

হোজাইৰ বৰঘোলা গাঁৱত সংঘটিত হোৱা এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে অঞ্চলবাসীক। মোমায়েকৰ ঘৰৰ বিবাহ অনুষ্ঠানৰ পৰা কালি নিশা প্ৰায় ১২.৩০ বজাৰ পৰা সন্ধানহীন হৈছিল শিশুটি। এই সম্পৰ্কে বিচাৰ-খোচাৰ কৰাত মুন্না ওৰফে জয়প্ৰকাশ কালাৰ নামৰ এগৰাকী যুৱকৰ লগতে প্ৰত্যক্ষ কৰা বুলি জানিব পাৰে পৰিয়ালৰ লোকে।

জয়প্ৰকাশৰ ঘৰলৈ প্ৰায় ১.৩০ বজাত টোপনিৰ পৰা জগোৱাই এই সন্দৰ্ভত সোধা-পোছা কৰে। জয়প্ৰকাশে এখন গাড়ী ঠিক কৰিবলৈ দি পৰিয়ালক কন্যা শিশুটি থকা ঠাইলৈ লৈ যোৱাৰ কথা কয়। কিন্তু ক’ত, কাৰ ওচৰলৈ যাব সেই সন্দৰ্ভত একো নকোৱাত ৰাইজে আৰক্ষীৰ সহায় লয়।

সোধা-পোছা চলি থাকোঁতে পৰিয়ালটোৰ ঘৰৰ পৰা ২০০ মিটাৰ আঁতৰত পুৱতি নিশা পথাৰৰ মাজত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগত জয়প্ৰকাশ কালাৰ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

You might also like