নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনে যোৱা বাটেৰে নোযোৱা লুইতমণি

ব্যতিক্রম৷ আনে যোৱা বাটেৰে নোযোৱা এগৰাকী যুৱতী৷ ক’ভিড মহামাৰীৰ হতাশাই চুব নোৱাৰিলে এইগৰাকী মেধাৱী যুৱতীক৷ কর্মোদ্যম আৰু কর্মস্পৃহাই এইগৰাকী যুৱতীৰ জীৱনত দিছে স্পন্দন৷ নাম লুইতমণি শইকীয়া৷ পিতৃ লীলাধৰ শইকীয়া আৰু মাতৃ ভানুপ্রিয়া শইকীয়াৰ জ্যেষ্ঠ কন্যা লুইতমণিৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ গন্ধকৰৈ গাঁৱত৷ সৰুৰে পৰা নিজাববীয়াকৈ কিবা এটা কৰাৰ সপোন পুহি ৰাখিছিল লুইতমণিয়ে৷ ২০২০ বর্ষৰ লকডাউনৰ সময়ছোৱাত বিশ্ববিদ্যালয়ৰ পাঠদান বন্ধ থকাৰ সময়ত গৃহবন্দী সময়ৰ কোনোবা এটা দিনত ফেচবুকৰ ভিডি’ চাই কিবা এটা বনোৱাৰ হেঁপাহেৰেই আৰম্ভ হৈছিল লুইতমণিৰ এই সপোন৷ তাৰ পিছতে আজৰি সময়ত ইটো–সিটোকৈ সামগ্রী প্রস্তুত কৰি সেই ফটোবোৰ সামাজিক মাধ্যম ফেচবুকত আপলোড কৰিবলৈ ধৰিলে তেওঁ৷ অত্যন্ত হেঁপাহ আৰু একান্ত আগ্রহৰ বাবেই মেধাৱী লুইতমণিয়ে পেলনীয়া সামগ্রীৰে বহু আকর্ষণীয় সামগ্রী তৈয়াৰেৰে সৃষ্টিশীল আৰু কলাসমৃদ্ধ মনটো জাগ্রত কৰি তুলিছে৷ কেতিয়াবা যদি বটল আর্ট, কেতিয়াবা কেনভাছ, কেতিয়াবা আকৌ ৱাল হেংগিং… মুঠতে ভাল লগা কামবোৰ এনেদৰেই চলাই আগবঢ়াই নিছে লুইতমণিয়ে৷ ফেচবুকত তেওঁৰ কামক অজস্রজনে সঁহাৰি জনাই সকলোৱে তেওঁৰ কামৰ শলাগ আৰু উৎসাহ যোগোৱাত উৎসাহিত হৈ পৰিল লুইতমণি৷

প্রথমে ডাঠ কাগজত ৰং কৰি বিভিন্ন সামগ্রী সাজিবলৈ আৰম্ভ কৰা লুইতমণিৰ হাতত এতিয়া প্রাণ পাই উঠিছে এটুকুৰা কাঠৰ টুকুৰায়ো৷ তৈয়াৰ কৰি উলিয়াইছে ৱাল হেংগিং৷ য’ত স্থান পাইছে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতৰ কলিৰ পৰা অসমীয়া ছবিৰ পুৰণি বহু ন–পুৰণি চিৰসেউজ গীতৰ কলিয়ে৷ ইয়াৰ উপৰি ব্যৱহাৰৰ অনুপযোগী কেটলি, হেটা আদিত ৰং বোলাই নিজৰ সৃষ্টিৰাজিৰে প্রাণ দিছে লুইতমণিয়ে৷ কেৱল নিজ অঞ্চল বা অসমতেই নহয়, লুইতমণিৰ সৃষ্টি এতিয়া বিদেশত থকা প্রৱাসী অসমীয়াৰো আদৰৰ হৈ পৰিছে৷ ইয়াৰ উপৰি কেইবাখনো প্রদর্শনীতো অংশ লৈছে লুইতমণিয়ে৷

ইয়াৰ মাজতে লুইতমণিয়ে তেওঁৰ বান্ধৱী অংকনা সাউডৰ লগ হৈ গঢ়ি তুলিলে নিবনুৱা হাব নামেৰে এটা প্রতিষ্ঠান৷ এই নিবনুৱা হাব নামেৰে গঢ়ি তোলা প্রতিষ্ঠানৰ যোগেদি লুইতমণিয়ে নিজৰ সৃষ্টিৰাজি ব্যৱসায়লৈ পৰিণত কৰিছে৷ এক কথাত ক’বলৈ গ’লে ‘নিবনুৱা’ শব্দটোৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছে লুইতমণিয়ে৷ লুইতমণিৰ মতে নিবনুৱা কেতিয়াও সমস্যা হ’ব নোৱাৰে৷ গঠনমূলক কাম কৰি হৈ পৰিব পাৰে বনুৱা৷

ইপিনে ইয়াৰ সমান্তৰালকৈ সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ মানসেৰে তেওঁ ঘৰতে নির্মাণ কৰি উলিয়াইছে এখন নাচার্ৰী৷ এইসমূহ কর্মৰ দ্বাৰা মেধাৱী লুইতমণিয়ে নিজে স্বাৱলম্বী হোৱাই নহয়, আনৰ বাবেও প্রেৰণাৰ উৎস হৈ পৰিছে৷
উল্লেখ্য যে সৰুপথাৰৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা স্কুলীয়া শিক্ষা গ্রহণ কৰা লুইতমণিয়ে কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছে৷ নিবনুৱা হাবক এটি সৰু প্রতিষ্ঠানৰ পৰা বৃহৎ উদ্যোগলৈ ৰূপান্তৰ কৰি নিজৰ লগতে আন দহজনকো সংস্থাপনৰ বাট দেখুওৱা সপোন এইগৰাকী উদ্যমী যুৱতী লুইতমণি৷

                                                                            -প্ৰণৱজ্যোতি মহন্ত

You might also like