নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবতৰীয়া বানত বুৰিল সোণাৰি চাপৰিঃ বৰ্ষামুখ পথত একাঁঠু পানী-ৰোগী শিক্ষাৰ্থীৰ বিলৈ

নিয়মীয়া বাৰ্তা, ১৫ মেঃ লখিমপুৰ জিলাৰ ঘিলামৰা লোকনিৰ্মাণ বিভাগৰ অধীনৰ সোণাৰি চাপৰি বৰ্ষামুখ পথটোত এজাক বৰষুণতে একাঁঠু পানী জমা হৈ জলমগ্ন হৈ পৰাত আৱতৰীয়া বানত  জীয়াতু ভুগিছে পথচাৰীৰ লগতে বিদ্যালয়সমুহৰ কণ কণ শিক্ষাৰ্থীসকলৰ লগতে ৰোগী চিকিৎসা কৰ্মী ব্যৱসায়ী আৰু সাধাৰণ ৰাইজে ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত নিৰ্মান কৰা  সোণাৰি চাপৰি বৰ্ষামুখ পথটোৰ দুয়োপাৰে সোণাৰি চাপৰিত পুৰ্বাঞ্চল চাপলায়েছ এণ্ড কণ্টেক্টৰচ নামৰ পথ নিৰ্মাণকাৰী সংস্থাটোৱে জাবৰ নিস্কাষণৰ বাবে  নলা নিৰ্মাণ কৰাৰ পিছৰে পৰাই পথটোৰ সোণাৰি চাপৰি চাৰিআলিৰ অংশত আবতৰীয়া বানি বিভিষিকা স্‌ষ্টি কৰি আহিছে যদিও গা ল’ৰা নাই লোক নিৰ্মাণ বিভাগৰ ৷ বিশেষকৈ লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে চোৱাচিতা ( ? ) কৰি থকাৰ পিচতো নলা নিৰ্মাণকাৰী সংস্থাটোৱে পথটোতকৈ ওখকৈ নলা নিৰ্মাণ কৰাৰ বাবেই বৰষুণৰ পানীখিনি নলালৈ বৈ যাব নোৱাৰাত  পথটোতে আবদ্ধ হৈ  প্ৰায় এশ মিটাৰ অংশ সামান্য বৰষুণতে  জলমগ্ন হৈ আহিছে যদিও বিগত এটা বছৰে লোক নিৰ্মাণ বিভাগে কোনো ব্যৱস্থা নোলোৱাত জন জীবনলৈকো ভাবুকি কঢ়িয়াই আনিছে পথ অংশই ৷ আনহাতে উক্ত পথটোৱে সোণাৰি চাপৰিৰ পৰা মৌ খোৱা, সাপেখাটি, পতীয়া চাপৰি, মা ধোৱা, চাৰিকড়িয়া, বৰ্ষামুখ আদি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মুহি চন্দ্ৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয় ইন্দিৰা মিৰি ইংলিছ স্কুল ষ্টাৰ মেমৰিয়েল ইংলিছ স্কুল আদিলৈ যোৱাৰ একমাত্ৰ  আৰু  অতি ব্যস্ত পথ যদিও পথটোৰ এনে দুৰৱস্থাই  শংকিত কৰি তুলিছে জনসাধাৰণক৷

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like