নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰতে প্রস্তুত কৰক লিপবাম

কলেট লিপবামঃ দুচামুচ মৌ, এচামুচ চকলেট পাউডাৰ, দুচামুচ ছুইফ আলমণ্ড তেল আৰু কেইটোপালমান লঙৰ তেল ল’ব৷ এতিয়া মৌত চকলেট পাউডাৰ মিহলাই লাহে লাহে গেছত উঠাই গৰম হ’বলৈ দিয়ক৷ চামুচ এখনেৰে মিশ্রণটো লৰাই থাকিব৷ অলপ সময়ৰ পিছত আলমণ্ড অইল মিহলাব৷ ঠাণ্ডা হ’লে এটা সৰু টেমাত ভৰাই থৈ দিব৷ সুন্দৰ সোৱাদযুক্ত এই বামটো যিকোনো সময়তে আপুনি ব্যৱহাৰ কৰিব পাৰে৷
ৰবাব টেঙাৰ বামঃ এচামুচ কেষ্টৰ অইল, এচামুচ মাখন, দুচামুচ নাৰিকল তেল, আধা চামুচ ৰবাব টেঙাৰ ৰস আৰু অকণমান বিটৰ ৰস মিহলাব৷ এতিয়া আটাইকেইবিধ সামগ্রী কম জুইত লাহে লাহে গৰম কৰিব৷ ইয়াত মৌ মিহলাই কিছু সময়ৰ পিছত মিশ্রণটো ডাঠ হ’লে গেছৰ পৰা নমাব আৰু ঠাণ্ডা হোৱাৰ পিছত টেমাত ভৰাই থ’ব৷
সংৰক্ষণ কেনেকৈ কৰিবঃ বাম ৰখা জাৰটো সদায় পৰিষ্কাৰ আৰু শুকান হ’ব লাগে৷ ইয়াৰ ফলত সংক্রমণ নহয়৷ এই টেমাবোৰ ফ্রীজত ৰাখিব৷ প্রথম অৱস্থাত কোঠাৰ উষ্ণতাতহে টেমাত ৰাখিব৷ একেবাৰে ঠাণ্ডা হ’লে ফ্রীজত ভৰাব৷ নাৰিকল তেল, চকলেট পাউডাৰ আদি প্রাকৃতিকভাৱে এছপিএফ থাকে৷ সেয়েহে এই সামগ্রীবিধ ব্যৱহাৰ নকৰাকৈ নাথাকিব৷ ৰ’দত এই বাম ব্যৱহাৰ কৰিলে এছপিএফে ওঁঠযুৰি ৰ’দত পোৰাৰ পৰা ৰক্ষা কৰিব৷

You might also like