নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐক্যবদ্ধ বিৰোধীৰ অভাৱতে উপ–নির্বাচনত সফল হ’ল বিজেপি

সাক্ষাৎগ্রহণ: গুণজিৎ ভট্টাচার্য

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত বিজেপিৰ জয়যাত্রাৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলসমূহৰ শোচনীয় পৰাজয় হৈছে৷ বিৰোধী ৰাজনৈতিক দলৰ এনে বিপর্যয়ৰ কাৰক কি বুলি ভাবে?
ঃ পাঁচ সমষ্টিৰ উপ–নির্বাচনৰ ফলক লৈ আমি সাংঘাতিক পৰিৱর্তনৰ আশা কৰা নাছিলোঁ৷ আমাৰ লক্ষ্য আছিল– বিৰোধীক ঐক্যবদ্ধ কৰি বিজেপিৰ বিৰুদ্ধে থিয় হোৱা৷ যিহেতু বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাঁচ মাহ অতিক্রম কৰিছে, তেনেস্থলত উপ–নির্বাচনত শাসকীয় দলটোৱে আধিপত্য বিস্তাৰ কৰাৰ সম্ভাৱনাই অধিক৷ কিন্তু এক সুস্থ গণতন্ত্র ৰক্ষা কৰা তথা সাধাৰণ লোকে যোৱা সময়ছোৱাত সন্মুখীন হোৱা দামবৃদ্ধি তথা আন সমস্যাসমূহ আগত লৈ আমি এক যুঁজ কৰাৰ চেষ্টা চলাইছোঁ৷ কিন্তু বিৰোধী ঐক্যবদ্ধ হ’ব নোৱাৰিলে আৰু আমি হয়তো বিজেপি চৰকাৰৰ পাঁচমহীয়া কার্যকালত সন্মুখলৈ অহা সমস্যাসমূহ সাধাৰণ ৰাইজৰ ওচৰলৈ নিয়াত বিফল হ’লোঁ৷ যাৰ বাবে নির্বাচনী ফলাফল বিজেপিৰ পক্ষে গ’ল৷

ৰাজ্যৰ ৰাজনীতিত এতিয়া ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ দপ্দপনি চলিছে৷ আঞ্চলিক ৰাজনৈতিক দলৰ প্রাসংগিকতা কমি আহিছে নেকি? বিগত বিধানসভা নির্বাচন আৰু উপ–নির্বাচনত আঞ্চলিক ৰাজনৈতিক দলৰ শোচনীয় অৱস্থাই অসমত আঞ্চলিক দলৰ ভৱিষ্যতৰ প্রতিও সংকট কঢ়িয়াইছে৷ আঞ্চলিক দলৰ ভৱিষ্যৎ সম্পর্কত আপোনাৰ ধাৰণা কি?
ঃ আঞ্চলিকতাবাদৰ প্রাসংগিকতা আছে, ইয়াক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ ৰাষ্ট্রীয় ৰাজনৈতিক দলবোৰ নির্দিষ্ট এটা শাসন ব্যৱস্থা তথা নীতিৰ দ্বাৰা পৰিচালিত৷ কিন্তু আঞ্চলিক ৰাজনৈতিক দলসমূহ যদিও একোখন ৰাজ্যৰ পৰিসৰৰ ভিতৰত থাকে, তথাপি ইয়াৰ দায়িত্ব আৰু কর্তব্য অধিক বেছি৷ সেয়েহে আঞ্চলিক দলৰ প্রতি সাধাৰণ ৰাইজৰ মোহভংগ ঘটা নাই৷ আঞ্চলিক দলৰ পৰা সাধাৰণ ৰাইজে বহু আশা কৰে৷ যাৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত আঞ্চলিকতাবাদী শক্তি মূৰ দাঙি উঠিছে তথা আঞ্চলিক দল সফল হৈছে৷ আপুনি অন্ধ্রপ্রদেশ, মহাৰাষ্ট্র, তামিলনাডু– এই ৰাজ্যসমূহৰ প্রতি লক্ষ্য কৰক, আনকি বিহাৰতো আঞ্চলিক ৰাজনীতি মূল হর্তাকর্তা হৈ আছে৷ ভাৰতীয় সংবিধানত থকা যুক্তৰাষ্ট্রীয়বাদৰ সফল প্রয়োগ হ’ব আঞ্চলিকতাবাদৰ জৰিয়তেহে৷ কিয়নো আঞ্চলিকতাবাদেহে স্থানীয় সমস্যা তথা জনগোষ্ঠী তথা সাধাৰণ ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰিব পাৰে৷ যুক্তৰাষ্ট্রীয়বাদ সফল কৰিবলৈ হ’লে আঞ্চলিকতাবাদ থাকিবই লাগিব৷ যুক্তৰাষ্ট্রীয়বাদৰ লগতে সম–ধিকাৰ, মৌলিক সমস্যাসমূহ সমাধানৰ প্রাসংগিকতা প্রতিদিনে বাঢ়ি আহিছে৷ সেয়েহে আঞ্চলিকতাবাদৰ প্রাসংগিকতাও বৃদ্ধি পাই আহিছে৷ আজি পশ্চিমবংগ আৰু ওড়িশাত আঞ্চলিকতাবাদে শক্তিশালী ভূমিকা গ্রহণ কৰি ৰাইজৰ সম–উন্নয়ন আৰু সম–ধিকাৰ প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ অসমত আপুনি লক্ষ্য কৰক– সম্পদেৰে ভৰপূৰ ৰাজ্যখনত ইয়াৰ সদ্ব্যৱহাৰ তথা সম–উন্নয়নৰ দিশটোক ৰাষ্ট্রীয় ৰাজনৈতিক দলসমূহে অৱহেলা কৰি আহিছে৷ প্রতিটো ক্ষেত্রতে সাধাৰণ ৰাইজে এই বিষয়টো এতিয়া উপলব্ধি কৰিবলৈ লৈছে৷ সংবিধানপ্রদত্ত অধিকাৰসমূহ আমি সঠিকভাৱে লাভ কৰা নাই আৰু ইয়াক আদায় কৰাৰ ক্ষেত্রত ৰাজনৈতিক দলসমূহৰ দৃষ্টিভংগী সদায় পৃথক৷ যাৰ বাবে আঞ্চলিকতাবাদৰ প্রাসংগিকতা কেতিয়াও শেষ হৈ নাযায়, আঞ্চলিকতাবাদৰ ভৱিষ্যৎ কেতিয়াও সংকটত নপৰে৷ আমাৰ সম–ধিকাৰ আদায় কৰাত যদি বাধাগ্রস্ত হয়, তেন্তে ইয়াক আঞ্চলিকতাবাদেহে বাট দেখুৱাব পাৰিব৷ দৰাচলতে অসমত আঞ্চলিকতাবাদৰ উত্থানৰ আঁৰত আছিল সাধাৰণ ৰাইজ৷ কিন্তু, ৰাইজে যি আশা–আকাংক্ষা আৰু দৃষ্টিভংগী লৈ এই আঞ্চলিকতাবাদক আগুৱাই আনিছিল, সেই দৃষ্টিভংগী তথা লক্ষ্যসমূহ পূৰণ কৰাত তেতিয়াৰ আঞ্চলিকতাবাদী শক্তিসমূহ বিফল হৈছিল৷ সেয়েহে কিছু মোহভংগ হৈছিল যদিও ইয়াৰ প্রাসংগিকতা পুনৰ বৃদ্ধি পাবলৈ লৈছে৷ সেই সময়ত আঞ্চলিকতাবাদৰ উত্থানৰ আঁৰত আছিল সাধাৰণ ৰাইজ৷ বহিৰাগত তথা অবৈধ বিদেশীৰ আগ্রাসনক লৈ ৰাইজ ভীতিগ্রস্ত হোৱা বাবে তেওঁলোকৰ অস্তিত্ব যাতে সংকটত নপৰে, তাৰ বাবে এক স্থানীয় ৰাজনৈতিক শক্তিক বিচাৰিছিল৷ কিন্তু সেয়া সঠিকভাৱে পূৰণ নহ’ল৷ অসমৰ ৰাইজে বহিৰাগতৰ আগ্রাসনৰ পৰা নিজকে বচাই ৰাখিবলৈ এতিয়াও ৰাজনৈতিক সুৰক্ষাকৱচ বিচাৰে৷ অসম চুক্তিৰ ৬নং দফা সাংবিধানিক ৰক্ষাকৱচৰ গুৰুত্ব এতিয়াও ৰাইজে উপলব্ধি কৰে৷ সেয়েহে মই ভাবোঁ যে অসমত আঞ্চলিকতাবাদৰ প্রাসংগিকতা আছে, থাকিব আৰু অদূৰ ভৱিষ্যতে অধিক দৃঢ় আৰু শক্তিশালীহে হ’ব আঞ্চলিকতাবাদ৷ ৰাজনৈতিক দলসমূহে দীঘলীয়া সময় অসমত শাসন কৰিছে৷ ইয়াৰ অভিজ্ঞতা তথা অতিকেন্দ্রীভূত চিন্তা সাধাৰণ ৰাইজে প্রত্যক্ষ কৰিছে৷ ইয়াৰ জৰিয়তে গণতন্ত্রৰ যে সঠিক উত্থান ঘটা নাই, সেয়াও ৰাইজে দেখিছে৷ ইয়াত আঞ্চলিক চেতনা নাই, ব্যক্তি স্বাধীনতা নাই৷ ক্ষুদ্র ক্ষুদ্র জাতিসত্তাসমূহত অধিকাৰসমূহ ক্রমাৎ হেৰাই যাবলৈ লৈছে৷ গতিকে জাতীয়তাবাদী ধাৰণা অধিক শক্তিশালী কৰাৰ বাবে ৰাইজে আঞ্চলিকতাবাদক পুনৰ আঁকোৱালি ল’ব৷ মূল কথাটো হ’ল– আদর্শক বিসর্জন দি আঞ্চলিক দল বর্তি থাকিব নোৱাৰে৷

আপুনি আঞ্চলিক ৰাজনীতিৰ প্রাসংগিকতা দৃঢ় বুলি উল্লেখ কৰাৰ বিপৰীতে কিন্তু অসমৰ আঞ্চলিক দলসমূহ ৰাষ্ট্রীয় দলৰ সৈতে মিত্রতাত আবদ্ধ হৈছে অথবা সহযোগিতাৰ হাত আগবঢ়াইছে৷ এইদৰে আঞ্চলিকতাবাদ অসমত সবল হৈ থাকিবনে?
ঃ চাওক, ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ সৈতে সহযোগিতা বিচাৰিলে এটা আঞ্চলিক দল শেষ হৈ যাব বুলি কেতিয়াও ক’ব নোৱাৰে৷ ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ হাতোৰাই আঞ্চলিক দলক নিশ্চিহ্ণ কৰিব নোৱাৰে৷ দর্শনৰ অমিল হ’লেও কেতিয়াবা এটা শক্তিক পৰাভূত কৰিবলৈ হ’লে এক ঐক্যবদ্ধ যুঁজৰ প্রয়োজন৷ পৃথিৱীত এনে বহুত পৰিঘটনা ঘটিছে৷ দ্বিতীয় মহাযুদ্ধৰ সময়তো আদর্শগত অমিল তথা শীতল যুদ্ধ থকাৰ পিছতো আমেৰিকা, ব্রিটেইন, ৰাছিয়া এক হৈ হিটলাৰৰ বিৰুদ্ধে থিয় দিছিল৷ আনকি ভাৰততো এনে বহুত উদাহৰণ আছে৷ বিজেপিৰ শ্যামাপ্রসাদ মুখার্জীও মুছলিম লীগৰ মন্ত্রী হৈ আছিল৷ এসময়ত ইন্দিৰা গান্ধীক হৰুৱাবলৈ বিজেপিও বাঁওপন্থীৰ সংগী হৈছিল৷ এয়া এক সন্মিলিত প্রয়াস আছিল৷ মই ভাবোঁ যে ইয়াৰ দ্বাৰা কোনো আদর্শক জলাঞ্জলি দিয়া নহয়৷ অসম গণ পৰিষদ (অগপ)ৰ বিষয়টো কিছু পৃথক আছিল৷ ৰাজ্যৰ আঞ্চলিক দলটোৱে আদর্শৰ সৈতে আপোচ কৰিছিল৷ দলৰ আদর্শগত কথাৰ পৰিপন্থী বিষয়সমূহৰ প্রতিহে তেওঁলোকে গুৰুত্ব দিছিল৷ শ্বহীদৰ ত্যাগৰ বিনিময়ত গঠন হোৱা দলটোৱে আঞ্চলিকতাবাদৰ মূল কথাৰ সৈতে আপোচ কৰিছিল৷ এটা সময়ত সম্পূর্ণ বিপৰীত তথা আদর্শৰ পার্থক্য থকা চিপিআই দলৰ সৈতে অগপৰ মিত্রতা হৈছিল৷ এই দিশসমূহ ৰাজনৈতিকভাৱে অস্বাভাৱিক নহয়৷ কিন্তু আদর্শৰ ক্ষেত্রত আত্মসমর্পণ কৰি অথবা আওকাণ কৰি তেওঁলোকে মন্ত্রিত্ব ৰক্ষা কৰিছে৷ এই বিষয়টোৱে সাধাৰণ ৰাইজক ক্ষুব্ধ কৰিছিল৷ অগপই যেতিয়া কৌশলগত কাৰণৰ বাবে বিজেপিৰ সৈতে লগ লাগিছিল, তেতিয়া সাধাৰণ ৰাইজে ইয়াক গ্রহণ কৰিছিল৷ কিন্তু যেতিয়াই অগপ দলটোৱে আদর্শক জলাঞ্জলি দিয়ে, তেতিয়াই ৰাইজ দলটোৰ পৰা আঁতৰি আহে৷ আমিও কংগ্রেছ আৰু বাঁওপন্থীৰ লগত সহযোগিতা কৰিছোঁ যদিও আদর্শক জলাঞ্জলি দিয়া নাই৷ ৰাজনৈতিক দিশৰ পৰা এনে সহযোগিতা তথা মিত্রতা গ্রহণযোগ্য৷ কিন্তু আদর্শক জলাঞ্জলি দিলেই আঞ্চলিক দলৰ অস্তিত্ব নোহোৱা হ’ব৷ আমাৰ মূল কথা হৈছে– বিজেপিক প্রতিহত কৰিবলৈ সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হ’ব লাগিব৷ এই কৌশলৰ বাবেই আমি কংগ্রেছৰ সৈতে সহযোগিতা কৰিছোঁ৷ এয়া এক ৰাজনৈতিক কৌশলহে৷ কিন্তু আমাৰ মৌলিক বিষয়সমূহ আৰু আদর্শ সম্পূর্ণ পৃথক৷ এই কাৰণে আমি কংগ্রেছে গঠন কৰা মহাজোঁটত চামিল হোৱা নাই অথবা মিত্রতা কৰা নাই৷ আমাৰ কথা হ’ল, উপ–নির্বাচনত বিৰোধীয়ে এজন প্রার্থী প্রক্ষেপ কৰি বিজেপিক প্রতিহত কৰা৷ মুখ্যতঃ এই বিষয়টোৰ বাবে আমি কংগ্রেছৰ সৈতে সহযোগিতা কৰিছোঁ৷ আমাৰ মূল আদর্শক বিসর্জন দিয়া নাই৷ এয়া এক আশাবাদী ৰাজনীতি তথা ৰণকৌশল৷ বিভিন্ন ৰাজ্যত আঞ্চলিক দলসমূহে ৰাজনৈতিক দলৰ ওচৰ চাপিছে, সেয়া শিৱসেনাই হওক, তৃণমূল কংগ্রেছেই হওক বা বিজু জনতাই হওক৷ কিন্তু এইসমূহ আঞ্চলিক দলে তেওঁলোকৰ মূল আদর্শ আৰু লক্ষ্যৰ পৰা আঁতৰি অহা নাই৷ ৰাজনৈতিক ৰণকৌশলৰ বাবেহে তেওঁলোকে ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ ওচৰ চাপিছে আৰু আদর্শৰ অমিল হোৱাৰ সময়তে আঁতৰি আহিছে৷ অসম জাতীয় পৰিষদে সেই একেই ধৰণৰ ৰাজনৈতিক কৌশলৰ বাবে কংগ্রেছৰ সৈতে সহযোগিতা কৰিছে৷ আমি কোনো ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ শৰণাপন্ন হোৱা নাই৷ অসম জাতীয় পৰিষদে সকলো আঞ্চলিক ৰাজনৈতিক দলক একগোট কৰাৰ বাবেহে প্রচেষ্টা চলাই আছে৷ ৰাজ্যৰে নহয়, সমগ্র উত্তৰ–পূবৰে আঞ্চলিক ৰাজনৈতিক দলসমূহক একে মঞ্চত অনাৰ বাবে প্রচেষ্টা আৰম্ভ কৰিছে৷

আপুনি অলপতে মন্তব্য কৰিছে যে অসমত এআইইউডিএফৰ প্রাসংগিকতা থাকিলে বিজেপি শক্তিশালী হৈ থাকিব৷ এআইইউডিএফ দলটো নামনি অসমৰ লগতে মধ্য অসমত বর্তমান সময়ত যথেষ্ট শক্তিশালী৷ এটা ভোটবেংকৰ জৰিয়তে পৰিচালিত দলটোৰ প্রাসংগিকতা নাইকিয়া কৰিবলৈ আপোনালোকে কি পদক্ষেপ ল’ব৷ আপুনি কোৱাৰ দৰে এআইইউডিএফ থাকিলে বিজেপি থাকিব, ইয়াক কিদৰে নস্যাৎ কৰিব অথবা গুৰুত্বহীন কৰিব?
ঃ বিষয়টো যথেষ্ট গুৰুত্বপূর্ণ আৰু অসমৰ ৰাজনীতিৰ বাবে ই এক লক্ষণীয় দিশ হ’ব৷ মোৰ কথাটো হ’ল, এআইইউডিএফৰ যি সাম্প্রদায়িক ৰাজনীতি, সেই ৰাজনীতিয়ে বিজেপিৰ সাম্প্রদায়িকতাকো এটা পৰিৱেশ দি আহিছে৷ এটা সুবিধাজনক স্থিতি দি আহিছে৷ ৭০ঃ৩০ৰ এই খেলখনৰ জৰিয়তে বিজেপিয়ে হিন্দুক একত্রিত কৰিব বিচাৰিছে৷ আপুনি লক্ষ্য কৰিব, মুছলমানৰ আগ্রাসন বৃদ্ধি হোৱা বুলি কৈ তথা যিমানে মুছলমানৰ আগ্রাসন বৃদ্ধি পাব, সিমানেই বিজেপিয়ে হিন্দুক একত্রিত কৰা অথবা হিন্দু ভোটবেংক কৰাত সফল হ’ব৷ কথাটো হ’ল, বদৰুদ্দিন আজমলে যিমানেই মুছলমান লোকৰ কথা ক’ব অথবা সাম্প্রদায়িক কথা ক’ব, সিমানেই বিজেপি লাভৱান হ’ব৷ গতিকে অসম জাতীয় পৰিষদে এটা সামগ্রিক জাতীয়তাবাদৰ কথা কৈ আহিছে৷ ইয়াত হিন্দু, মুছলিম বুলি কথা নাই৷ সকলো জাতি–জনগোষ্ঠী, ভাষা–ভাষী লোকক একত্রিত কৰি আঞ্চলিকতাবাদৰ যিটো ধাৰা, তাক আগুৱাই নিয়াৰ প্রয়াস চলিছে৷ ৰাজনৈতিকভাৱে আমি অসমখনক শাসন কৰাৰ পৰিৱর্তে এক উন্নত সামাজিক বাতাৱৰণ সৃষ্টি কৰাৰ লক্ষ্য লৈছোঁ৷ আমাৰ কথাটো হ’ল, জাতিক জীয়াই ৰাখিবলৈ আমি ৰাজনীতি কৰিবই লাগিব৷ মুছলমানসকলে এআইইউডিএফৰ যি সাম্প্রদায়িক ৰাজনীতিৰ বলি হৈ আছে, তাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব লাগিব৷ একেদৰে গোড়া হিন্দুত্ববাদক আমি আঁতৰাব লাগিব৷ ইয়াৰ বাৰেৰহণীয়া কলাকৃষ্টি, জাতি–জনগোষ্ঠী সকলোকে লৈ আমি আগবাঢ়িব লাগিব৷ ইয়াত ধর্মীয় সাম্প্রদায়িকতাৰ স্থান বুলি জাতিটো কেতিয়াও আগুৱাব নোৱাৰিব৷ বাহিৰৰ পৰা আহি অসমত নিগাজি হোৱা সকলোৰে অসম তথা জাতিটোৰ প্রতি দায়বদ্ধতা আছে৷ হিন্দু–মুছলমান ৰাজনীতিত আমি নিশ্চিহ্ণ হৈ যাম, জাতিটো নিশ্চিহ্ণ হৈ যাব৷ গতিকে ইয়াক উপলব্ধি কৰিব লাগিব সকলোৱে৷ বিদেশী সম্পর্কত সেয়েহে আমাৰ স্থিতি স্পষ্ট যে ১৯৭১ চনৰ ২৫ মার্চৰ পিছত অহা লোকসকলে অসম এৰি যাব লাগিব৷ ইয়াত হিন্দু–মুছলিম বুলি কোনো কথা নাই৷

বিজেপিক প্রতিহত কৰাৰ ক্ষেত্রত আপুনি কংগ্রেছক সহযোগিতা কৰাৰ কথা কৈছে৷ কিন্তু কংগ্রেছে যি মহাজোঁট গঠন কৰিছে, তাত এআইইউডিএফো চামিল হৈছিল অথবা অদূৰ ভৱিষ্যতে কোনো মহাজোঁটৰ প্রাসংগিকতা আহিলে এআইইউডিএফ কংগ্রেছৰ সংগী হ’ব৷ এনে অৱস্থাত অসম জাতীয় পৰিষদে এই মহাজোঁটক সহযোগিতা আগবঢ়াবনে?
ঃ চাওক, মই আগতে কৈছোঁ যে সাম্প্রদায়িক ৰাজনীতিৰ পৰা আমি আঁতৰত থাকিম৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ বাবে আমি বিগত নির্বাচনত সহযোগিতাৰ পৰা আঁতৰি আছিলোঁ৷ উপ–নির্বাচনত আমি যি সহযোগিতা আগবঢ়াইছোঁ, সেয়া বিজেপিক প্রতিহত কৰাৰ স্বার্থতহে৷ ধর্মীয় মেৰুকৰণৰ ৰাজনীতি, দামবৃদ্ধি আৰু গণতন্ত্রক কুঠাৰাঘাত কৰাৰ বিজেপিৰ যি কার্য, তাক প্রতিহত কৰাৰ বাবে আমি মাত্র উপ–নির্বাচনক লৈহে সহযোগিতা আগবঢ়াইছোঁ৷ এই ক্ষেত্রত বুজাবুজি অথবা মিত্রতাৰ কথা নাহে৷ কোনো কাৰণতে অসম জাতীয় পৰিষদে সাম্প্রদায়িক ৰাজনীতি কৰা দলৰ ওচৰ নাচাপে৷ আমি সাম্প্রদায়িক ৰাজনীতিক উৎখাত কৰাৰ বাবে লক্ষ্য লৈছোঁ৷ দৰাচলতে বদৰুদ্দিন আজমল অথবা এআইইউডিএফো ধর্মীয় মেৰু বিভাজনৰ এক ছিম্বল৷ অসমৰ ভূমিৰ পৰা এই ধর্মীয় মেৰুকৰণ উচ্ছেদ নহ’লে অসমীয়া জাতি সংকটত পৰিব৷ সাম্প্রদায়িক চিন্তা গণতন্ত্রক নিঃশেষ কৰাৰ এক প্রক্রিয়া৷ অসমৰ মাটিৰ পৰা এআইইউডিএফক উৎখাত কৰিলেহে ধর্মীয় সংখ্যালঘু লোকসকলে ৰাজনৈতিক তথা সামাজিক অধিকাৰ লাভ কৰিব৷ এআইইউডিএফক ধর্মীয় সংখ্যালঘুসকলে বিদায় দিলে অসমৰ মাটিৰ পৰা বিজেপিৰ খোপনি হেৰুৱাব৷ বদৰুদ্দিন আজমলৰ মুখখন দৰাচলতে মেৰু বিভাজনৰ এক জীৱিত চিহ্ণ৷ ইয়াক নাইকিয়া কৰিবই লাগিব৷

You might also like