নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামৰ বিক্রেতাবিহীন বজাৰখন

-চুমিন্দ্র চৌধুৰী

২০০৪ চনত ইংগাৰচল ৰেণ্ড কোম্পানীত নিযুক্ত হোৱাৰ পিছত কেইবাবাৰো মিজোৰামৰ আইজল, চেৰচিপ, ধীমাগিৰি, লুংলেই, থেঞ্জল, চাইহা, চিয়েলচুক আৰু হাউলং আদি বিভিন্ন ঠাইলৈ যোৱাৰ সুযোগ পাইছিলোঁ৷ বিশ্ব বেংকৰ প্রকল্পৰ অধীনত ৰাজধানী আইজলৰ পৰা থেঞ্জল হৈ লুংলেই লৈ পথ নির্মাণৰ কাম কৰি থকা আৰ বি এম তান্তিয়া নামৰ কোম্পানীটোৰ প্রজেক্ট ছাইটসমূহলৈ যাওঁতে মিজোসকলৰ শৃংখলাবদ্ধ জীৱনশৈলী সমাজ ব্যৱস্থা, শিক্ষা ব্যৱস্থা, কলা–সংস্কৃতি আৰু ৰীতি–নীতি দেখি প্রভাৱান্বিত হৈছিলোঁ৷ সেই সকলোবোৰৰ ভিতৰত বিশেষকৈ ‘ঘাহ্ লউ দাউ’ৰ অর্থাৎ বিক্রেতাবিহীন বজাৰ আৰু ৰুৱাইথেহ্ অর্থাৎ পাৰম্পৰিক প্রীতিভোজনৰ সংস্কৃতি দুয়োটাই আছিল অন্যতম৷ আজি আমাৰ উচ্ছৃংখল সমাজ ব্যৱস্থাৰ বাবেও সেই বিশেষ সংস্কৃতি আৰু ৰীতি–নীতিসমূহ বিশ্লেষণ কৰি তাৰ তাৎপর্যতাৰ অনুধাৱন কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷

ভাৰতৰ কেন্দ্রীয়শাসিত অঞ্চল ঘোষিত হোৱাৰ আগতে ১৯৭২ চনলৈ মিজোৰামখন লুচাই পাহাৰ জিলা নামেৰে অসমৰ অন্তর্ভুক্ত এখন বিশেষ পার্বত্য জিলা আছিল৷ অসমৰ পৰা পৃথক হৈ পৰা কেন্দ্রীয়শাসিত মিজোৰামত লাহে লাহে মিজো নেতা লালডেংগাৰ নেতৃত্বত ভাৰত ৰাষ্ট্রযন্ত্রৰ বিৰুদ্ধে গণভ্যুত্থানৰ সূচনা হৈছিল৷ সুদীর্ঘ দিন ধৰি চলা বিপ্লৱৰ অৱসান ঘটাই সার্বভৌম মিজোৰাষ্ট্রৰ সপোন ৰচোঁতা লালডেংগা আৰু তেওঁৰ মিজো নেচনেল ফ্রণ্টৰ সতীর্থসকল ১৯৮৬ চনৰ ১০ জুনত ভাৰত চৰকাৰৰ লগত শান্তি চুক্তিৰ জৰিয়তে ঘাই সুঁতিলৈ ঘূৰি আহে৷

মিজোৰামৰ দুর্গম পাহাৰবোৰত দৰাচলতে জনবসতিও বৰ পাতল৷ পাঁচ–দহ কিলোমিটাৰ অন্তৰত পাঁচ ছয় ঘৰ লোকৰ এখন এখন গাঁও৷ বিপ্লৱী জীৱনকালতেই লালডেংগাই মিজোৰাম আৰু মিজোসকলৰ ভৌগোলিক আৰু আভ্যন্তৰীণ সংকটৰ উমান ভালদৰেই বুজি পাইছিল৷ সেয়েহে ঘাই সুঁতিলৈ উভতি আহিয়েই মিজো নেতা লালডেংগা হাত সাবটি নাথাকিল৷ মিজোৰামৰ নৱজাগৰণৰ এইজন পথপ্রদর্শকে সেই বছৰতে মুখ্যমন্ত্রী হিচাপে শাসনভাৰ লৈ ৰাজ্যখনৰ অ’ত–ত’ত সিঁচৰতি হৈ থকা মিজো বাসিন্দাক একলগ কৰি গ্রুপিং ভিলেজ নামৰ সমাধান সূত্র সাজি উলিয়ালে৷ য’তে–ত’তে সিঁচৰতি হৈ থকা বাসিন্দাসকলক তেওঁ ৰাষ্ট্রীয় ঘাইপথৰ কাষত ঘৰ সাজিবলৈ উৎসাহিত কৰিলে, যাতে তেওঁলোকে সহজেই চৰকাৰী চিকিৎসা, শিক্ষা আৰু দৈনিক ৰচদ–পাতি উপলব্ধ কৰিব পাৰে৷ অন্যথা দুর্গম পাহাৰৰ মাজত অকলশৰীয়াকৈ থকা মিজোসকলৰ সুকীয়া জীৱনধাৰাৰ লগতে কলা–সংস্কৃতি হেৰাই পৰিব বুলিও তেওঁৰ সন্দেহ হৈছিল৷ পিছে তেওঁৰ শাসনকালতেই গ্রুপিং ভিলেজৰ সূত্রত শৃংখলাবদ্ধ আৰু নিয়মানুৱর্তিতা মানি বিকাশৰ দিশত উদয়ন হোৱাৰ মিজোৰামৰ ভেটি স্থাপন হৈছিল৷ লাহে লাহে তেওঁৰ সপোনৰ মিজোৰামত ইখনৰ পিছত সিখন গ্রুপিং ভিলেজ গঠন হ’বলৈ ধৰিছিল৷

গ্রুপিং ভিলেজৰ সূত্রত বিকশিত সেই সময়ৰ মিজোৰামৰ সমাজ ব্যৱস্থাতো আমূল পৰিৱর্তনৰ জোৱাৰ উঠিছিল৷ ভৌগোলিক, ৰাজনৈতিক আৰু প্রশাসনিক সংকটৰ সন্মুখীন হ’ব পৰাকৈ জীৱনশৈলী, সমাজ ব্যৱস্থা, ৰীতি–নীতি আৰু সংস্কৃতিৰ আলমত মিজোসকলে এক সুকীয়া মিজো জাতি হিচাপে মূৰ দাঙি উঠিবলৈ সক্ষম হৈছিল৷ মিজোসকলৰ সুকীয়া জনজীৱন, সমাজ জীৱন আৰু কলা–সংস্কৃতিৰ তথ্য বিশ্লেষণ কৰি চালে দেখা যায়–

১) মিজোসকলৰ ঘৰৰ সন্মুখত একো একোটা গোবৰ গেছৰ টেংকীৰ দৰে ডাঙৰ টেংকী আছে৷ মিজোৰামত নদী আৰু ভূ–জল দুষ্প্রাপ্য৷ সেই কাৰণে বাৰিষা বৰষুণৰ পানী খৰালি দিনৰ বাবে সংৰক্ষণ কৰি থয়৷
২) মিজোসকলৰ ঘৰবোৰ কাঠ, বাঁহ, টিন আৰু এজবেচটছৰ বেৰ দি আটোমটোকাৰিকৈ সজোৱা আছাম টাইপৰ ঘৰ৷ কাৰণ মিজোৰামত ইটাভাতা নাই৷ মাটিবোৰ ইটা বনোৱাৰ কাৰণে উপযোগী নহয়৷ এজবেচটছবোৰ পাতল আৰু যিকোনো দোকানতেই পোৱা যায়৷
৩) প্রত্যেকখন গাঁওতেই একো একোটা সার্বজনীন পায়খানা ঘৰ দেখিব পোৱা গ’ল৷ পায়খানা ঘৰবোৰ ইমান ধুনীয়াকৈ সজাই–পৰাই ৰাখে প্রথম দেখিলে সেইবোৰ পায়খানা ঘৰ বুলি ভাবিবই নোৱাৰি৷
৪) মিজোসকলে ঘৰৰ সন্মুখবোৰ নানা ৰঙীন ফুল আৰু অর্কিডেৰে সজাই–পৰাই ৰাখে৷ ঘৰবোৰৰ ভিতৰত বেলেগ বেলেগকৈ খোটালি নাই৷ হ’ল ঘৰৰ দৰে৷ মজিয়াৰ মাজত এখন জুহালখন থাকে৷ দুৱাৰবোৰত তলা মাৰিবলৈ কুন্দীও নাই৷ কাৰণ মিজোৰামত চুৰি–ডকাইতি নহয়৷
৫) মিজোৰামত পথৰ দাঁতিত প্রস্রাৱ কৰাটো আৰু সুৰাপান কৰা আইনমতে সমানেই দণ্ডনীয়৷ এই অপৰাধত অপৰাধীসকলে ছমাহ কাৰাদণ্ডৰ লগতে নগদ ধনৰ জৰিমনাও ভৰিব লাগে৷
৬) মিজো হোটেলবোৰত সাধাৰণতে খাদ্য আগতেই প্রস্তুত কৰি ৰাখে৷ গ্রাহকে নিজৰ প্রয়োজন অনুযায়ী খাদ্য নিজে লৈ খায় আৰু অৱশিষ্ট খাদ্য ৰৈ গ’লে পুনৰ খাদ্য ৰখা পাত্রটোতে ঢ়ালি থৈ যায়৷ মিজোসকলে খাদ্যক ইশ্বৰৰ প্রসাদ বুলি বিশ্বাস কৰে৷ সেই কাৰণে খাদ্য জুঠা হোৱাৰ কোনো চিন্তাধাৰাও নাই৷ খাদ্যদ্রব্যৰ অপব্যয় মিজোসকলৰ বাবে নীতি–বহির্ভূত কথা৷
৭) মিজোৰামত ড্রেফিক আইন আৰু প্রশাসন ব্যৱস্থা অতি কঠোৰ৷ কঠোৰ অনুশাসন ব্যৱস্থা মানি চলে বাবে পথত পদাতিক আৰু বাহন চালকে শৃংখলাবদ্ধভাৱে চলাচল কৰে৷ সেয়েহে ঠেক পাহাৰীয়া দুর্গম ৰাস্তা পথৰ সত্ত্বেও মিজোৰামত পথ দুর্ঘটনাৰ হাৰ অতি কম৷
৮) মিজোৰামৰ ৯৮ শতাংশ লোক খ্রীষ্টিয়ান ধর্মাৱলম্বী৷ প্রতি দেওবাৰে প্রত্যেকখন গাঁওতেই গির্জাঘৰত পুৱাৰ প্রার্থনা কৰাৰ পিছত ল’ৰা–ছোৱালীবোৰে কমিউনিটী ছার্ভিচ কৰিব যায়৷ স্কুলীয়া ল’ৰা–ছোৱালীবোৰে গাঁৱৰ সার্বজনীন পায়খানা ঘৰ, গা ধোৱা জলাশয়, স্কুল আৰু গির্জাঘৰৰ চৌহদ আদি চাফ–চিকুণ কৰে৷ মিজোৰামত নদী নাই বুলিবই পাৰি৷ সেই কাৰণে পাহাৰীয়া সৰু সৰু নিজৰাৰ পানীবোৰ বাঁহৰ চুঙাইদি বোৱাই নিলগৰ পৰা আনি শিল আৰু ইটাইদি সজা কৃত্রিম জলাশয়ত জমা কৰি ৰাখে৷ ৰাষ্ট্রীয় ঘাইপথৰ কাষত বনাই থোৱা এনেধৰণৰ কৃত্রিম ঘৰ জলাশয়বোৰত ল’ৰা–ছোৱালীৰ পৰা বুঢ়া–বুঢ়ী সকলোৱেই মুক্তমনে স্নান কৰা, কাপোৰ ধোৱা আদি কাম কৰে৷
৯) গির্জাঘৰৰ সমূহীয়া প্রার্থনাৰ পিছত আকৌ মিজো ডেকা ল’ৰা–ছোৱালীবোৰে অসুস্থ মানুহক চিকিৎসাৰ ব্যৱস্থা কৰা, নলা–নর্দমা খন্দা, অসহায় অকলশৰীয়া মানুহৰ ঘৰ আদি মেৰামতি কৰি দিয়া ইত্যাদি সমাজসেৱা কৰে৷ বয়সিয়ালসকলে কমিউনিটী ফিষ্টৰ যোগাৰ কৰাত লাগি যায়৷
দেওবাৰে দিনৰ সাঁজটো গাঁৱৰ ধনী–দুখীয়া সকলোৱেই মিলি একেলগ হৈ খায়৷ ইয়াকে মিজোসকলে স্থানীয় ভাষাত ৰুৱাইথেহ্ বুলি কয়৷ মিজোৰামৰ প্রত্যেকখন গাঁৱতেই একো একোটা কমিউনিটী চেণ্টাৰ আছে আৰু তাতেই কমিউনিটী ফিষ্ট মানে সমূহীয়া প্রীতিভোজ খোৱা হয়৷ ই গাঁৱৰ বাসিন্দাসকলক একগোট কৰে৷ গাঁৱৰ নানান সমস্যাৰ সমাধান এই প্রীতিভোজনৰ মাজতেই বিচাৰি লয়৷ সকলোতকৈ প্রাধান্য দিয়ে কাৰোবাৰ যদি খাদ্য নাটনি, চিকিৎসাৰ নাটনি বা শিক্ষা সুবিধাৰ নাটনি হৈছে তাক কেনেদৰে সমাধান কৰিব পাৰি ইত্যাদি৷
১০) ৰাজধানী আইজলৰ পৰা দূৰৱর্তী অঞ্চল যেনে– চেলিং, কলাসিব, থেঞ্জল, হাউলং আদিৰ মাজেদি পাৰ হৈ যোৱা ৰাষ্ট্রীয় ঘাইপথৰ দুই কাষে লানি লানি দোকানৰ শাৰী পৰিলক্ষিত হয়৷ কিন্তু আচৰিত কথাটো হ’ল দোকানবোৰত এজনো দোকানী নাথাকে৷ প্রতিখন দোকানতে ফলমূল, আচাৰৰ বটল, শুকান মাংস থকা, বাঁহৰ চুঙা, চাউলৰ পেকেট, চকলেট, চাবোন, নিমখৰ পেকেট, চৰবতৰ বটল ইত্যাদি বিভিন্ন ধৰণৰ ব্যৱহাৰিক বস্তু দামসহ লেবেল লগাই সজাই থোৱা থাকে৷ প্রত্যেকখন দোকানত একোটাকৈ পইচা ৰখা কাঠৰ বাকচ থাকে৷ বাকচবোৰত কোনো তলা মাৰি ৰখা নহয়৷ যিকোনো গ্রাহকে লেবেল লগাই ৰখা মূল্য পৰিশোধ কৰি নিজে নিজৰ প্রয়োজনীয় বস্তু ক্রয় কৰিব পাৰে৷ টকা ভঙনীয়া কৰিব কাৰণে গ্রাহকে যিকোনো দোকানৰে পইচা ৰখা বাকচৰ পৰা টকা উলিয়াই আনিব পাৰে৷ মুঠতে হিচাপৰ গণ্ডোগোল নকৰিলেই হ’ল৷

বিক্রেতা নথকা এই বজাৰবোৰক মিজো ভাষাত ঘাহ্ লউ দাউৰ বুলি কোৱা হয়৷ সাধাৰণতে মিজো খেতিয়কসকল বহু পৰিশ্রমী৷ ঘৰৰ ল’ৰা–ছোৱালীবোৰ স্কুল বা কলেজত যোৱাৰ পিছত ঘৰৰ গৃহিণীগৰাকীয়েও খেতিপথাৰত কাম কৰে অথবা পোহনীয়া পশুপালন–মীনপালন্ আদি কামত ব্যস্ত হৈ যায়৷ খেতিয়ক মিজোসকলে দোকানত বহি থকাটো সময়ৰ অপব্যয়িতা বুলি ভাবে৷ সেই গতিকে তেওঁলোকৰ সমাজ ব্যৱস্থাত ঘাহ্ লউ দাউৰ অর্থাৎ বিক্রেতাবিহীন বজাৰ সংস্কৃতিৰ প্রাধান্যতা বহুত বেছি৷

মিজোৰামৰ বিক্রেতাবিহীন বজাৰ সংস্কৃতিয়ে মিজোসকলৰ সততা আৰু আস্থাৰ অপূর্ব নিদর্শনৰ চাক্ষুষ প্রমাণ দাঙি ধৰে৷ তেওঁলোকৰ নিষ্ঠা, আত্মবিশ্বাস, নিয়মানুৱর্তিতা আৰু শৃংখলাবদ্ধ জীৱনশৈলীৰ প্রতি সঁচাকৈয়ে শ্রদ্ধাত মূৰ দেদা খাই পৰে৷ আজিৰ উচ্ছৃংখল পৃথিৱীখনত মিজোসকলৰ ৰুৱাইথেহ্ আৰু ঘাহ্ লউ দাউৰ সংস্কৃতিৰ দৰে বিৰল নিদর্শনৰ প্রচাৰ আৰু অনুকৰণ কৰা খুবেই প্রয়োজন৷

You might also like