নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যৰ প্রতিষ্ঠানলৈ ঠিকা আবণ্টনৰ স্বার্থতেই জিএমচিৰ ষড়যন্ত্রৰ অভিযোগ

নিয়মীয়া বাৰ্তা ১৫ জুনঃ পুনৰ কৃত্রিম বানত বুৰিব গুৱাহাটী মহানগৰী৷ মহানগৰীক কৃত্রিম বানমুক্ত কৰাৰ বাবে পৌৰ নিগমে তৎপৰতাৰে কাম আৰম্ভ কৰিছিল যদিও কার্যতঃ সেয়া সম্ভৱ হৈ উঠা নাই৷ মহানগৰীৰ নলা–নর্দমা নিষ্কাশনৰ বাবে ৰাজকোষৰ ১৩০ কোটি টকা ব্যয় ধার্য কৰি ৭১টা ঠিকাদাৰী প্রতিষ্ঠানক ঠিকা আবণ্টন দিয়া হৈছিল৷ কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰে যোৱা ১১ মে’ৰ পৰা তীব্র গতিত নলা–নর্দমা নিষ্কাশনৰ কাম আৰম্ভ কৰে৷ নৱনিযুক্ত পৌৰ আয়ুক্তৰ তৎপৰতাত নলা–নর্দমা নিষ্কাশনৰ কাম চলি থকাৰ মাজতে ঠিকা আবণ্টনক লৈ বিভিন্ন প্রশ্ণ উত্থাপিত হয়৷ একে সময়তে মহানগৰীৰ ছটা জ’নত চলি থকা নলা–নর্দমা নিষ্কাশনৰ চৰজমিন তদন্ত কৰি বিভাগীয় অভিযন্তাই কামৰ খতিয়ান পৌৰ আয়ুক্ত দেৱাশিস শর্মাক অৱগত কৰায়৷

বিগত প্রায় এমাহত কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰসকলে মাত্র ২৫–৩০ শতাংশ কাম সম্পন্ন কৰাত পৌৰ আয়ুক্তই অসন্তুষ্টি প্রকাশ কৰি প্রতিগৰাকী ঠিকাদাৰলৈ কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰে৷ সেই অনুসৰি পৌৰ আয়ুক্তক ঠিকাদাৰসকলে প্রতিবেদন দাখিল কৰে যদিও পৌৰ আয়ুক্তগৰাকী প্রতিবেদনত অসন্তুষ্ট হয়৷ কামৰ অগ্রগতিৰ প্রতি তীব্র অসন্তুষ্টি প্রকাশ কৰি আজি ৭১গৰাকী ঠিকাদাৰক ঠিকা বাতিল কৰা বুলি পত্র প্রেৰণ কৰে৷ পৌৰ আয়ুক্তগৰাকীৰ পত্র পোৱাৰ পিছতেই ঠিকাদাৰসকল ক্ষোভত ফাটি পৰিছে৷

ইপিনে, আজি পৌৰ আয়ুক্তৰ জাননী পোৱাৰ পিছত একাংশ ঠিকাদাৰে জি এম চি কার্যালয়ত চৌহদত সমৱেত হৈ বিষয়টো পর্যালোচনা কৰে৷ একাংশৰ মতে জি এম চিয়ে ঠিকা বাতিল কৰি বহিঃৰাজ্যৰ প্রতিষ্ঠানক ঠিকা আবণ্টনৰ ষড়যন্ত্র কৰা বুলি একাংশই অভিযোগ কৰে৷ থলুৱা ঠিকাদাৰৰ পৰিৱর্তে বহিঃৰাজ্যৰ প্রতিষ্ঠানক নলা–নর্দমা নিষ্কাশনৰ বাবে ষড়যন্ত্র চলোৱাত ঠিকাদাৰসকলে ক্ষোভ প্রকাশ কৰে৷পুনৰ কৃত্রিম বানত বুৰিব গুৱাহাটী মহানগৰী৷ মহানগৰীক কৃত্রিম বানমুক্ত কৰাৰ বাবে পৌৰ নিগমে তৎপৰতাৰে কাম আৰম্ভ কৰিছিল যদিও কার্যতঃ সেয়া সম্ভৱ হৈ উঠা নাই৷ মহানগৰীৰ নলা–নর্দমা নিষ্কাশনৰ বাবে ৰাজকোষৰ ১৩০ কোটি টকা ব্যয় ধার্য কৰি ৭১টা ঠিকাদাৰী প্রতিষ্ঠানক ঠিকা আবণ্টন দিয়া হৈছিল৷

কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰে যোৱা ১১ মে’ৰ পৰা তীব্র গতিত নলা–নর্দমা নিষ্কাশনৰ কাম আৰম্ভ কৰে৷ নৱনিযুক্ত পৌৰ আয়ুক্তৰ তৎপৰতাত নলা–নর্দমা নিষ্কাশনৰ কাম চলি থকাৰ মাজতে ঠিকা আবণ্টনক লৈ বিভিন্ন প্রশ্ণ উত্থাপিত হয়৷ একে সময়তে মহানগৰীৰ ছটা জ’নত চলি থকা নলা–নর্দমা নিষ্কাশনৰ চৰজমিন তদন্ত কৰি বিভাগীয় অভিযন্তাই কামৰ খতিয়ান পৌৰ আয়ুক্ত দেৱাশিস শর্মাক অৱগত কৰায়৷ বিগত প্রায় এমাহত কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰসকলে মাত্র ২৫–৩০ শতাংশ কাম সম্পন্ন কৰাত পৌৰ আয়ুক্তই অসন্তুষ্টি প্রকাশ কৰি প্রতিগৰাকী ঠিকাদাৰলৈ কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰে৷ সেই অনুসৰি পৌৰ আয়ুক্তক ঠিকাদাৰসকলে প্রতিবেদন দাখিল কৰে যদিও পৌৰ আয়ুক্তগৰাকী প্রতিবেদনত অসন্তুষ্ট হয়৷

কামৰ অগ্রগতিৰ প্রতি তীব্র অসন্তুষ্টি প্রকাশ কৰি আজি ৭১গৰাকী ঠিকাদাৰক ঠিকা বাতিল কৰা বুলি পত্র প্রেৰণ কৰে৷ পৌৰ আয়ুক্তগৰাকীৰ পত্র পোৱাৰ পিছতেই ঠিকাদাৰসকল ক্ষোভত ফাটি পৰিছে৷ ইপিনে, আজি পৌৰ আয়ুক্তৰ জাননী পোৱাৰ পিছত একাংশ ঠিকাদাৰে জি এম চি কার্যালয়ত চৌহদত সমৱেত হৈ বিষয়টো পর্যালোচনা কৰে৷ একাংশৰ মতে জি এম চিয়ে ঠিকা বাতিল কৰি বহিঃৰাজ্যৰ প্রতিষ্ঠানক ঠিকা আবণ্টনৰ ষড়যন্ত্র কৰা বুলি একাংশই অভিযোগ কৰে৷ থলুৱা ঠিকাদাৰৰ পৰিৱর্তে বহিঃৰাজ্যৰ প্রতিষ্ঠানক নলা–নর্দমা নিষ্কাশনৰ বাবে ষড়যন্ত্র চলোৱাত ঠিকাদাৰসকলে ক্ষোভ প্রকাশ কৰে৷

You might also like