নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখাঃ মোক ন’ বুলি ক’লে৷ মোক!!!

পার্থসাৰথি মহন্ত

                   ভাবিব পাৰানে? মোক ন’ বুলি ক’লে৷ মোক
ৰাইট্৷ নোৱাৰোঁ৷ আমাক কোনোবাই ন’ ক’ব বুলি আমি বহুতেই ভাবিব নোৱাৰোঁ৷ কিন্তু কিয়?
আমি অনেকেই প্রত্যাক্ষিত হ’বলৈ বেয়া পাওঁ৷ আমাৰ গাত লাগে৷ সাংঘাতিক গাত লাগে৷ আমাক অগ্রাহ্য কৰা আমি কোনোপধ্যেই গ্রাহ্য নকৰোঁ৷ অলপ–চৰপ আমিবোৰ গোঁৱাৰ৷ আনে কি পৰিস্থিতিত আমাৰ ন’ ক’বলগীয়া হৈছে আমি বুজিবলৈ যত্ন নকৰোঁ৷ বুজিব নোখোজেজা৷ ‘মোক ন’ নক’বা৷ মহ accapt নকৰোঁ৷’ মোৰ কথা কিন্তু সকলোৱে শুনিব লাগিব৷ কাৰণ দুয়োপক্ষই হয়ভৰ নিদিয়ালৈকে কথা–বার্তা শেষ নহয় বুলি আমাৰ ধাৰণা৷
এনেকুৱা মানুহ আমি প্রায়েই লগ পাওঁ৷ এনেকুৱা মানুহৰ লগতে আমি কাম কৰিব লগা হয়৷ এই মানুহবিলাকক ন’ কোৱা সিমান সহজ নহয়৷ এই মানুহখিনি অতি আঁকোৰগোজ৷ একেটা কথাকে কৈ কৈ আমাক যুক্তিপূর্ণভাৱে ভাবিব নোৱাৰা কৰি দিয়ে৷ তেওঁলোকে আমাৰ দুর্বলতাবোৰো ভালকৈ জানে৷ আৰু এই দুর্বলতাবোৰ হিট্ কৰে৷ আমি বাধ্য হৈ যাও যাওঁ ইয়েছ ক’বলৈ৷
এই ধৰণৰ মানুহখিনিৰ ব্যক্তিত্বই আক্রমণাত্মক৷ মনোভাব আগ্রাসী৷ তেওঁলোক ভীষণ আত্মকেন্দ্রিক আৰু লাজ লগাকৈ স্বার্থপৰ৷ নিজৰ ৰাস্তাত যদি এটা ন’ পায়, এটা বাধা পায় তাক তেওঁলোকে ভাঙি চূড়মাৰ কৰি দিব খোজে৷ কিবা কৰি হ’লেও এই বাধা পাৰ হ’ব, কিন্তু ন’ নহ’ব, এওঁলোকক কাৰণে আলাপ–আলোচনা বুলি কথা নাই৷ এওঁলোকৰ কাৰণে নেগশ্বিয়েচন হৈছে মেনিপুলেচন ইম’চ’নেল ব্লেকমেইলিং exchange offer যি কৰিব লাগে তেওঁলোকে কৰিব কিন্তু ন’ নহ’ব৷ তাৰ পাছতো যদি উত্তৰটো ন’ হৈয়ে থাকে, তেওঁলোকে গোটেই কথাটো এটা ব্যক্তিগত আখেজ হিচাপে ল’ব৷ প্রতিশোধপৰায়ণ হৈ উঠিব৷ সুযোগৰ অপেক্ষাত ৰ’ব৷ সুবিধা পালেই আপোনাৰ অপকাৰ কৰিব৷
ইয়াত আঁকোৰগোজ, স্বার্থপৰ, নিলাজ, আক্রমণাত্মক নহ’লেও কিন্তু প্রায়ভাগ পুৰুষে ন’ উত্তৰ হিচাপে সহজতে গ্রহণ কৰিব নোৱাৰে৷ প্রত্যাখ্যানে পুৰুষৰ আত্মসন্মানত আঘাত কৰে৷ লগতে তেওঁলোকে ভাবে যে কিবা কাৰণত ভুল বুজা কাৰণেহে উত্তৰটো নেতিবাচক হৈছে৷ সেই ভাবি লোৱা ভুলটো দূৰ কৰিবলৈ তেওঁলোকে বুজাবলৈ আৰম্ভ কৰে যি জিদ ধৰা বা জোৰ কৰাৰ দৰে হৈ পৰে৷ সৈমান কৰিব নোৱাৰালৈকে তেওঁলোকে কথাটো এৰি নিদিয়া হয়৷ পুৰুষপ্রধান সমাজ ব্যৱস্থাত পুৰুষে অধিক গুৰুত্ব আৰু প্রশ্রয় পাই ডাঙৰ হয়৷ সীমিত জা–যোগাৰ থকা পৰিয়াল এটাকো ল’ৰাটোৱে সীমাবদ্ধতাৰ মাজতো বিচৰণখিনি পায়৷ ন’ৰ লগত চিনাকি নোহোৱাকৈয়ে তেওঁলোক ডাঙৰ হয়৷
নাৰীয়ে ন’ গ্রহণ নকৰে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পুৰুষ মনোবিজ্ঞানীসকলক সামৰিক সেৱা আৰু চৰকাৰী বিভাগসমূহত নিয়োগ কৰা হৈছিল৷ মহিলা মনোবিজ্ঞানীসকলক এই দায়িত্বৰ পৰা আঁতৰাই ৰখা হৈছিল৷ এই প্রত্যাখ্যান কিন্তু মহিলাসকলে গ্রহণ নকৰিলে৷ তেওঁলোকে ৰাষ্ট্রীয় মহিলা মনোবিজ্ঞানী পৰিষদ গঠন কৰিলে৷ এই বৈষম্যৰ বিৰুদ্ধে নিজ যুক্তি সাব্যস্ত কৰিলে আৰু যুদ্ধকালীন কমিটীবোৰত অন্তর্ভুক্ত হ’ল৷ নব্য আৰু সামূহিক হেতু বা উদ্দেশ্য৷ ব্যক্তিগত ক্ষেত্রতো আঁকোৰগোজ পুৰুষৰ দৰে আঁকোৰগোজ নাৰী আছে৷
ন’ এটা শুনিবলৈ ভাল নলগা শব্দ, উত্তৰ৷ সকলোৰে কাৰণে৷ কিছুৱে মনটো বেয়া লাগিলেও পাহৰি যায় বা পাহৰি যাবলৈ যত্ন কৰে, আন কিছুৱে মনতে পুজি ৰাখে৷ এনে মানুহখিনিৰ কাৰণে ন’ কোৱা মানুহজন নিমিষতে এটা মস্ত ভিলেইন হৈ পৰে৷ ‘মই কি কৰিলোঁ মোক যে না বুলি ক’লে’৷ ‘মই তেওঁৰ কথা ইমান ভালকৈ কওঁ৷’ ‘ভগৱানে কিয় মোক এই ন’টো শুনোৱালে৷’ লাগে সেই মানুহজনে তেওঁক মানতে নটা কাম কৰি দিয়ক৷ দহ নম্বৰটো ন’ হোৱাৰ লগে লগে লেঠা লাগি গ’ল৷ গোটেইখিনি নিগেটিভ হৈ গ’ল৷ ইয়াৰে একাংশই ন’ কোৱাজনক পাৰিলে কেতিয়া এসেকা দিব পাৰি সেই সুযোগৰ সন্ধান কৰিবলৈ লয়৷ সম্পর্কটোতে এটা ডার্ক ছেপ্তাৰ আৰম্ভ হয়৷
আৰু চিটুৱেচনটো যদি ৰিজার্ভ কৰি দিওঁ৷ ন’ কোৱাজন যদি আমি নিজেই, তেতিয়া তেতিয়া আমি সাংঘাতিক যুক্তিবাদী হৈ পৰোঁ৷ আৰু ন’ গ্রহণ নকৰাজন অযৌক্তিক৷ ‘ইমান বুজাইছেছা, বুজি নাপায়,’ ‘মানুহে চ’ব কাম কৰি দিয়াটো সম্ভৱ নহয়তো,’ ‘এইবোৰ মানুহে অকল নিজৰটোহে জানে৷’ একো অস্বাভাৱিক নহয়৷ আমিতো সদায় নিজৰটোহে বুজি পাওঁ৷ আমাৰ স্বার্থৰ পৰিপন্থী কিবা এটা হ’লেই আমি গিজগিজাই উঠোঁ৷
অর্থাৎ ন’ শুনা আৰু ন’ কোৱা এটাও সহজ নহয়৷
ন’ শুনাৰ ক্ষেত্রত আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল ৰিয়েকচন কি হ’ব বা দেখুৱাম৷ এটা অতি অসজা লগা পৰিস্থিতি৷ লগতে আৰু এটা তাৎক্ষণিক সিদ্ধান্ত ল’ব লগা হয়৷ ইযেছৰ কাৰণে লাগি থাকিবা, পোনছাটেই উঠি গুচি যাবা নে কিবা এটা মধ্যম পন্থা উলিয়াবা৷ আৰু এই গোটেই কথাবোৰ ভাবিব লাগিব মুখৰ অভিব্যক্তি ভাবলেশহীন কৰি ৰাখি, মুখত একো ধৰা পৰিব নালাগিব৷ মূৰ খোৱা কথাটো হ’ল এই গোটেইকেইটা প্রতিক্রয়াই ৰুদ্ধ হ’ব পাৰে, পৰিস্থিতিসাপেক্ষে৷ কোনটো কেতিয়া সঠিক বা উপযুক্ত হ’ব সেয়া আমাক অভিজ্ঞতাই শিকায়৷
সেই কাৰণে বহু চাকৰিৰ সাক্ষাৎকাৰতো সোধা হয় ‘তুমি ন’ কেনেকৈ গ্রহণ কৰা?’ কর্মক্ষেত্রত ন’ তিনিধৰণৰ লোকৰ পৰা আহিব পাৰে৷ বচে ন’ ক’ব পাৰে৷ সহকর্মীয়ে ন’ ক’ব পাৰে, তলতীয়া কর্মচাৰীয়ে ন’ ক’ব পাৰে৷ তিনিও ক্ষেত্রতে আমাৰ প্রতিক্রিয়া আৰু পৰিস্থিতি চম্ভালাৰ পদ্ধতি বেলেগ বেলেগ হ’ব৷
মানে আনি ন’ শুনিবলৈ শিকিব লাগিব৷ মুখায়ৱত কোনো নেতিবাচক ভাব প্রকাশ হ’বলৈ দিব নালাগি বা এই মুহূর্তত চকুত চকু থৈ কথা পতা অতি দৰকাৰী৷ উত্তৰটো কিয় ন’ হ’ল সেয়া অৱশ্যে সুধিব লাগে৷ এই কাৰণবোৰৰ যদি মানি ল’ব পৰা বিধৰ নহয় সেয়া বিনম্রতাৰে কৈ দিব লাগে৷ উশাহ–নিশাহ যিমান পাৰি স্বাভাৱিক ৰাখিব লাগে৷ মনত পেলাই থাকিব লাগে এই ন’ এই শেষ কথা নহয়৷
শুনাটো বাৰু হ’ল৷ কোৱাটো৷ ন’ কোৱা অতি কঠিন সাধাৰণতে আমি কোনেও কাকো হতাশ কৰিব নোখোজোঁ৷ মানুহে তাৰেই সুযোগ লয়৷ নেতিবাচক উত্তৰ জটিল বা ৰূঢ় কৰি একো লাভ নাই৷ তাতকৈ এটি চুটি ব্যাখ্যা দিয়া ভাল, বুজাই দি কিয় উত্তৰটো ন’ হ’ল৷ দৃঢ় কিন্তু বিনম্র৷ পুলিচে এইটো টেকনিকেই ব্যৱহাৰ কৰে৷ ফার্ম, বাট্ পলাইট্৷ লগতে এইটোও বুজাই দিয়াই চৰকাৰী যে এয়া কোনো ব্যক্তিগত সিদ্ধান্ত নহয়, এয়া ডিউটী৷ কোনো অপৰাধবোধ নোহোৱাকৈ আমি ন’ ক’বলৈ শিকিব লাগিব, পাৰিব লাগিব৷ ন’ এটা সম্পূর্ণ স্পষ্ট ষ্টেটমেণ্ট৷ দোষী দোষী ভাবেৰে ন’ ক’ব পাৰিলেহে কোনো সংকোচ শংকা বা মনে মনে এটা ভয় থকাকৈ ইয়েছ ক’ব পাৰি৷ সেয়াহে সঁচা সম্পর্ক৷ সেয়াহে বিয়িং অনেষ্ট৷
ফোন ঃ ৯৪৩৫০৪৮৪৮০

You might also like