নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ আৰক্ষীৰ স্বচ্ছতা অভিযান; চাফাই কৰ্মীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: চাফাই কৰ্মীক গামোচা পিন্ধাই হোজাই আৰক্ষীয়ে আৰম্ভ কৰে এই স্বচ্ছতা অভিযান ৷ এই ঘটনা হোজাইৰ যমুনামুখত। আজি পুৱা হোজাই আৰক্ষী অধীক্ষক বৰুণ পূৰকায়স্থৰ নিৰ্দেশত হোজাই জিলাৰ সকলো আৰক্ষী থানাই নিজ নিজ এলেকাত চাফাই অভিযান চলায় । ব্যতিক্ৰম যমুনামুখ আৰক্ষী । তেওঁলোকে চাফাই কৰ্মীক গামোচা পিন্ধোৱাৰ পিছত থানা প্ৰাংগনৰ পৰা আৰম্ভ কৰি যমুনামুখ বজাৰ আৰু যমুনামুখ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় চৌহদত ঝাড়ু মাৰি চাফা কৰে ৷ আজিৰ এই কাৰ্য্যসূচীত যমুনামুখ আৰক্ষীৰ লগতে গাওঁৰক্ষী বাহিনীয়েও সহযোগ কৰে ৷ ইপিনে হোজাই, লংকা, লামডিং, ডবকা, মোৰাঝাৰ কাকী আৰক্ষী থানাৰ আৰক্ষীৰ লগতে যোগীজান, দেবস্থান, নীলবাগান আৰক্ষী পহৰা চকীৰ আৰক্ষীয়েও নিজ নিজ এলেকাত চাফাই অভিযান চলায় ৷  মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া থমাচ দলেৰ নেতৃত্বত মোৰাঝাৰ বজাৰত চাফাই অভিযান চলায় । মূলত: লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে এই চাফাই অভিযান চলে ।

You might also like