নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত অব্যাহত আছে ডেংগুৰ প্রাদুর্ভাৱ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে ডেংগুৰ প্রাদুর্ভাৱ৷ শেহতীয়াকৈ ডেংগু প্রতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিলেও ৰাজ্যৰ প্রান্তে প্রান্তে এতিয়াও ডেংগুত শতাধিক লোক আক্রান্ত হৈছে৷ যোৱা ৫ দিনতে ৰাজ্যত মুঠ ২৪৭জন লোক ডেংগুত আক্রান্ত হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি যোৱা ১৫ নৱেম্বৰত ৫৭জন, ১৬ নৱেম্বৰত ৫২জন, ১৭ নৱেম্বৰত ৪৯জন, ১৮ নৱেম্বৰত ৫৫জন আৰু ১৯ নৱেম্বৰত ৩৪জন লোক ডেংগুত আক্রান্ত হৈছে৷ ৰাজ্যৰ কার্বি আংলং জিলাত এইপর্যন্ত ডেংগুৰ সর্বাধিক প্রাদুর্ভাৱ ঘটা পৰিলক্ষিত হৈছে৷ এই জিলাখনত দৈনিক বহুসংখ্যক লোক ডেংগুত আক্রান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি কার্বি আংলঙত যোৱা ১৫ নৱেম্বৰত ৪০জন, ১৬ নৱেম্বৰত ২৩জন, ১৭ নৱেম্বৰত ৩৬জন, ১৮ নৱেম্বৰত ৩২জন আৰু ১৯ নৱেম্বৰত ২৬জন লোক ডেংগুত আক্রান্ত হৈছে৷ ইয়াৰ উপৰি গোলাঘাট, যোৰহাট, কামৰূপ, কামৰূপ (মহানগৰ), লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, ওদালগুৰি আদি জিলাতো ডেংগুৰ ব্যাপক প্রাদুর্ভাৱ ঘটা পৰিলক্ষিত হৈছে৷ অৱশ্যে ডেংগুৰ প্রাদুর্ভাৱ ঘটা অঞ্চলসমূহত চৰকাৰীভাৱে সজাগতাৰ সৃষ্টি কৰাৰ লগতে ল’বলগীয়া সাৱধানতা সন্দর্ভত বিভিন্ন কার্যসূচী গ্রহণ কৰা হৈছে৷

You might also like