অসমৰ ভূ–গর্ভৰ পানীত বিষাক্ত মৌলৰ উপস্থিতিঃ ইয়াৰ ভয়াৱহতা
হেমন্ত বৰগোহাঁই
দেহা থাকিলেহে বেহা৷ Health is Wealth। আমাৰ দৰে দেশত বা আমাৰ অসমত বেছিসংখ্যক মানুহেই কেনেকৈ পৰিয়ালটো পোহপাল দিম বা পেটৰ অন্নমুঠিৰ কথা চিন্তা কৰোঁতেই যায়৷ চাৰিওফালে সমস্যাই সমস্যা৷ বানপানী, চাকৰি, ধুমুহা, ভূমিকম্প, প্রদূষণ, বাট–পথ, বিজুলী, ড্রাগছৰ বেহা, মহামাৰী, জাপানিজ এনকেফেলাইটিছ, দুর্নীতি, জীয়াই থকাৰ সমস্যা, খোৱাপানী আৰু বিভিন্ন মানুহৰ বিভিন্ন সমস্যা৷ আমাৰ সমাজত জীয়াই থকাৰ সমস্যাই শতকৰা ৯০ ভাগ মানুহক ব্যস্ত কৰি ৰাখে৷
ইমানবোৰ সমস্যাৰ মাজত আমি জীয়াই থাকিবলৈ খাই থকা ভূ–গর্ভৰ পানীটোপাত ফ্ল’ৰাইড, আর্ছেনিক মণিকৰ দৰে বিষাক্ত মণিকৰ উপস্থিতিৰ প্রমাণ লাহে লাহে পানীৰ পৰীক্ষাসমূহ বাঢ়ি অহাত অসমৰ বহু ঠাইত ধৰা পৰিছে৷ আনহাতে, আমাৰ পানী যোগান আঁচনিৰ সৰহভাগ ভূ–গর্ভস্থ পানীৰ ওপৰতে নির্ভৰশীল৷ গতিকে স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণত এই বিষয়টো বৰ চিন্তনীয় হৈ পৰিছে৷ কাৰণ, এই বিষাক্ত মণিকবোৰ হৈছে Silent Killer৷ টিউবৱেল গভীৰ নলীনাদ (Shallow Deep Tube Well) পানীতকৈ নৈ, জান, জুৰি, পুখুৰী আৰু কুঁৱাৰ পানী বহুত নিৰাপদ বুলি ক’ব পৰা যায়৷
পানীত থকা ফ্ল’ৰাইডৰ পৰিমাণ যদি প্রতি লিটাৰ পানীত ১.৫ মিলিগ্রামতকৈ বেছি থাকে, তেনেহ’লে এনে খোৱাপানী স্বাস্থ্যৰ কাৰণে অপকাৰী বুলি কোৱা হয়৷ কিন্তু গুৱাহাটীৰ কিছু বিশেষ অঞ্চলকে কেন্দ্র কৰি কার্বি আংলং, নগাঁও আৰু নামনি অসমৰ কিছু ঠাইত অধিক পৰিমাণে খোৱাপানীত ফ্ল’ৰাইড থকাৰ কথা গম পোৱা গৈছে৷ এই ঠাইবোৰ হৈছে নাৰেংগীৰ অইল ইণ্ডিয়া লিমিটেডৰ ট্রেনছ্মিছন টাৱাৰ থকা পাহাৰটোৰ নামনি অংশ (বীৰকুছি, কলিতাকুছি, সাতগাঁৱৰ কিছু অংশ), দৰংগিৰি, ডবকা, নীল বাগান, ডংকামকা, কলিয়াবৰ, কার্বি আংলং জিলাৰ আনজুকপানী, টেকেলাংজুলি, বাঘপানী, গৰমপানী, খাৰ খোৱা, হৰগুটি, লাংহিন, ৰামচা পথাৰ, ডকমক, ডেনগাঁও, নগাঁও জিলাৰ হালধি আলি, কাঞ্চনজুৰি, কালিদেউ, লেটেং, ৰাংলু, কামপুৰ, নাৰিকলি, ভলভলি(volvoli) কচুৱা, কেন্দুগুৰি আদি অঞ্চলত বহুত পৰিমাণে ফ্ল’ৰাইড মণিক দ্রৱীভূত হৈ খোৱাপানীত আছে৷
সেইবাবে এইবোৰ ঠাইত থকা নাগৰিকসকলৰ দাঁত, হাড় আদিৰ বিভিন্ন ৰোগ হ’ব পাৰে৷ এনে পানী খাই থাকিলে মানুহৰ দাঁতৰ এনামেল নাইকিয়া হৈ দাঁতবোৰ ক্ষয় হৈ ক’লা পৰি যায়৷ হাত আৰু ভৰিৰ হাড় শৰীৰৰ ওজন বহন কৰিব নোৱাৰি বেঁকা হৈ পৰে৷ ৰাজহাড় বেঁকা হয়৷ পংগু শিশুৰ জন্ম হয়৷ পেটৰ বিষ, ডায়েৰীয়া, শৌচ কচা বা শৌচ টান হয় বা অনিয়মীয়া হয়৷ খাদ্যবস্তু হজম নোহোৱা হয়৷ অকালবৃদ্ধ হৈ পৰে৷ শৰীৰৰ ওজন কমে৷ কম বয়সতে মৃত্যু হয়৷ অকণমান খুন্দা খালেই বা বাথৰুমত পৰিলেই’Anatomical Fracture’ ৰোগ হ’ব পাৰে৷ এনে ৰোগত ৰোগীগৰাকীৰ শৰীৰৰ হাড়বোৰ সৰু সৰু টুকুৰা হৈ ভাগি পৰে৷ শৰীৰটো কেঁচু এটাৰ দৰে হৈ পৰে৷
নিজে একো লৰচৰ কৰিব নোৱৰা হয়৷ মই এজন ৰোগীৰ তেনে অৱস্থা হোৱা দেখা পাইছোঁ৷ দাঁত শিৰশিৰায়, দাঁতবোৰ ফাট মেলে আৰু অৱক্ষয় হয়৷ ফ্ল’ৰ’ছিছ ৰোগ হয়৷ অসমৰ পানীত থকা ফ্ল’ৰাইডৰ উৎস বুলি ক’বলৈ গ’লে ইয়াত থকা আগ্ণেয় আৰু ৰূপান্তৰিত শিলৰ মাজত থকা ফ্ল’ৰ’স্পাৰ, ফ্ল’ৰ’ এপাটাইট, এম্ফিবল, হর্নব্লেণ্ড, ট্রিমলাইট, মাইকা, ফছফেট (কার্বি আংলং), চূণশিল আৰু ছেল বুলি ক’ব পাৰি৷ তদুপৰি স্থানীয়ভাৱে লো–তীখাৰ কাৰখানা এলুমিনিয়াম, চীনামাটি, ক’ক, চিমেণ্ট উদ্যোগক উৎস বুলি ক’ব পাৰি৷
আমি খোৱাপানীত আর্ছেনিকৰ পৰিমাণ প্রতি লিটাৰ পানীত ১০ পি পি এম মানে ০.০১ মাইক্রমিলিগ্রাম প্রতিলিটাৰ(p pm=Parts per million বা দহ লাখ ভাগৰ এভাগ, নিচেই ক্ষুদ্র পৰিমাণ)৷ ১০ পি পি এমতকৈ বেছি থাকিলেই আমাৰ দেহৰ বাবে ই বহুত অপকাৰী৷ ফ্ল’ৰাইডৰ অণুবোৰৰ হাড়ৰ লগতহে সম্পর্ক বেছি৷ কিন্তু, আর্ছেনিকৰ অণু, পৰমাণুবোৰ আমাৰ দেহৰ মূৰৰ চুলিৰ পৰা ভৰিলৈকে দেহৰ প্রত্যেকটো কোষত আশ্রয় লয়৷ এই আর্ছেনিক মণিকৰ অণু–পৰমাণুৰ অবাধ গতি৷ ইয়াৰ গতি কোনেও বাধা দিব নোৱাৰে৷ সেইবাবে মানুহৰ দেহৰ দুর্বল অংশবোৰত লোহাত মামৰে ধৰাৰ ধৰণে অপকাৰ কৰিবলৈ আৰম্ভ কৰে৷
আর্ছেনিক মণিকৰ পানীত দ্রৱীভূত অণু পৰমাণুবোৰে(Atoms) আমাৰ নখ, চুলি, তেজ, কিডনী, প্রস্রাৱৰ চুলিৰ দৰে নলিকাবোৰ, গাৰ চালৰ তৰপবোৰ, চকুৰ ভিতৰৰ বিভিন্ন অংশ, হার্ট, মগজু, হাঁওফাঁও, লিভাৰ, পিত্তথলী সকলোতে ওলোটা প্রতিক্রিয়া আৰম্ভ কৰে৷ প্রথম অৱস্থাত মানুহৰ টোপনি টোপনি ভাব(Sleepyness), মাংসপেশীৰ বিষ, মূৰৰ বিষ, গোৰোহা আৰু তলুৱাত ফাট মেলা, হাতৰ ৰেখাবোৰ ৰঙা পৰি ফাট মেলা, প্রস্রাৱত তেজৰ চেঁকুৰা, বমি বমি ভাব, প্রস্রাৱ কমি যোৱা, কিডনীৰ ৰোগ, ভিটামিন–এৰ পৰিমাণ কমি যোৱা৷ হিম’গ্লবিনৰ পৰিমাণ কমি যোৱা, চকুৰ দৃষ্টিশক্তি হঠাৎ কমি যোৱা, কুকুৰীকণা, বমি বমি ভাব, চুলি শুকান হৈ যোৱা, চুলি ফাটি যোৱা, মূৰত অ’ত ত’ত চুলি পকা আৰম্ভ হোৱা, হাঁওফাওৰ ৰোগ৷
উচ্চ ৰক্তচাপ, হাইপাৰটেনছন, মধুমেহ, দাঁত ঢ়িলা হোৱা, ডায়েৰীয়া আদি যিকোনো লক্ষণ দেখা দিব পাৰে৷ উত্তৰ প্রদেশৰ গংগা উপত্যকাৰ প্রায়বোৰ জিলাতে খোৱাপানীত বা ভূ–গর্ভৰ পানীত আর্ছেনিক অণু–পৰমাণু ধৰা পৰিছে৷ ইয়াৰে গাজীপুৰ, বাৰাণসী, বালিয়া জিলাৰ বহু ঠাইত ৫০ পি পি এমতকৈ বেছি পৰিমাণে আর্ছেনিক থকা গম পোৱা গৈছে৷ পশ্চিমবংগতো ১০খনতকৈ অধিক জিলাত অধিক পৰিমাণে আর্ছেনিক মৌল পানীত থকাটো গম পোৱা গৈছে৷ ইতিমধ্যে এহাজাৰতকৈ অধিক গাঁৱত মাত্রাধিক আর্ছেনিক মৌলৰ উপস্থিতি ভূ–গর্ভৰ পানীত থকাটো নিশ্চিত হৈছে৷ বাংলাদেশতো ব্রহ্মপুত্র, পদ্মা, মেঘনা উপত্যকাৰ লগতে সুন্দৰবন ব–দ্বীপতো অধিক মাত্রাত আর্ছেনিক মৌল ভূগর্ভস্থ পানীত পোৱা গৈছে৷ ইয়াত হাতৰ তলুৱা চিৰাচিৰ হৈ ফাটি যোৱা ৰোগটো বেছিকৈ মানুহৰ হয়৷
আমাৰ অসমত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ দিনতে (২০০১–২০০২) এক বিশেষ আঁচনিৰ জৰিয়তে আর্ছেনিক মৌলৰ উপস্থিতিৰ প্রথম আৰম্ভণি হৈছিল৷ যাদৱপুৰ বিশ্ববিদ্যালয়ে অসমত বহুকেইখন জিলাত শৃংখলাবদ্ধ অনুসন্ধান চলাইছিল৷ কেন্দ্রীয় ভূ–জল ব’ড, অসম, ভূ–তত্ত্ব আৰু খনি বিভাগ অসম, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, অসম আই আই টি গুৱাহাটী আৰু জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ অসম যুটীয়াভাৱে, যোৰহাটNEIST আৰু ভূ–তত্ত্ব বিভাগ, অসম যুটীয়াভাৱে, অসম প্রদূষণ নিয়ন্ত্রণ বিভাগ (প্রয়োজন অনুসাৰে) অসমত ভূ–জলৰ আর্ছেনিক মৌলৰ উপস্থিতি অধ্যয়ন কৰি আহিছে৷ বর্তমানলৈ অসমৰ ১৮খন জিলাত কিছুমান ঠাইত অধিক বিপজ্জনক পৰিমাণে ভূ–গর্ভৰ ২০ মিটাৰৰ পৰা ২০০ মিটাৰ মানৰ গভীৰতাৰ পানীত মাত্রাধিক পৰিমাণে আর্ছেনিক মৌল পোৱা গৈছে৷
লখিমপুৰ, ধেমাজি অঞ্চলৰ বগীনদী, গোগামুখ ব্লক, বিহপুৰীয়া, লালুক, পথালিপাম, আমগুৰি, লাইমেকুৰী, ভোগপুৰ, গোবিন্দপুৰ, গাগলডুবি অঞ্চলত আর্ছেনিক বেছিকৈ পোৱা গৈছে৷ যোৰহাট তিতাবৰ অঞ্চলত খৰিকটীয়া, বৰহোলা, তিতাবৰ টাউন, ৰজাবাৰী, টিপমীয়া, কাণখোৱা, চেকুণী গাঁও অঞ্চলত ১৬৬ৰ পৰা ৪৬৭ মাইক্র মিলিগ্রাম প্রতি লিটাৰ পানীত (মাত্র ১০ মাইক্র মিলিগ্রামহে থাকিব লাগে) আর্ছেনিক মৌল থকাৰ উমান পোৱা গৈছে৷ এই উৎসবোৰৰ সৰহভাগ হাতে মৰা টিউবৱেল৷ আনহাতে, দক্ষিণ অসমৰ কাছাৰ উপত্যকাত মির্জা, মনাচৰা, দুৱাৰবন্দ, তাৰাপুৰ, হালদিবাৰী আদি ঠাইত এতিয়ালৈকে অধিক আর্ছেনিক মাত্রাৰ কথা জনা গৈছে৷ মাজুলী জিলাত ৮ মিটাৰৰ তলৰ স্তৰসমূহত আর্ছেনিক মৌলৰ উপস্থিতি বেছি হোৱাৰ সম্ভাৱনা আছে৷ এতিয়ালৈকে দুটামান ব্লকৰ ভূ–গর্ভৰ পানীত মাত্রাধিক আর্ছেনিক মৌলৰ উপস্থিতি ধৰা পৰিছে৷
অসমৰ বৰপেটা, বঙাইগাঁও, ধুবুৰী, কামৰূপ (গ্রাম্য), মৰিগাঁও, নগাঁও, দৰং, শোণিতপুৰ, গোলাঘাট, তিনিচুকীয়া, কাছাৰ, হাইলাকান্দি, লখিমপুৰ, ধেমাজি, মাজুলী, যোৰহাট, কার্বি আংলং আৰু কৰিমগঞ্জ জিলাত শৃংখলাবদ্ধ অনুসন্ধান বর্তমান চলি আছে৷ এইবোৰ জিলাতো আর্ছেনিকৰ উমান পোৱা গৈছে৷ বৰহোলা চাহ বাগিচাত (যোৰহাট জিলা) আর্ছেনিক মৌলৰ ভূ–গর্ভৰ পানীত ৪৫০ মাইক্র মিলিগ্রামতকৈ বেছি প্রতি লিটাৰত পোৱা গৈছে৷ বৰহোলাৰ তেলখাদতো তেজষ্ক্রিয় পদার্থৰ(Radioactive Element) উমান পোৱা গৈছে৷
আর্ছেনিক মৌলৰ উৎস আর্ছেন’ পাইৰাইট(Arseno Pyrite), ৰিয়েলগাৰ(Realgar), অ’র্পিমেণ্ট(Orpiment) আৰু কবাল্টটাইট(Cobaltite) আদি৷ এই মৌলবোৰ যৌগ হিচাপে এণ্টিমনি, লৌহ, ৰূপ, সোণ, বিছমাথ আদি ধাতুৰ আকৰ, আগ্ণেয়গিৰিৰ পৰা সৃষ্টি হোৱা শিল, ছাই(Volcanic Ashes)ৰ লগত মিহলি হৈ থাকে৷ ইয়াৰে আর্ছেনিক টেট্রা অক্সাইড(As2O3) মানুহৰ দেহৰ বাবে অপকাৰী মৌল৷ কিন্তু, আর্ছেনিক পেণ্টা অক্সাইড As2O5)টো মানুহৰ দেহৰ বাবে অপকাৰী নহয়৷ খুব সম্ভৱ, হিমালয় পর্বতমালা, মণিপুৰ সীমান্ত আৰু কার্বি আংলং (মিকিৰ পাহাৰ) পাহাৰৰ পৰাRiver Sediments হিচাপে আহি ব্রহ্মপুত্র উপত্যকাত জমা হৈছে৷ কিছুমান মূল্যৱান ধাতুৰ অনুসন্ধানত আর্ছেনিক মৌলPath Finder element হিচাপে ব্যৱহাৰ কৰে৷
আর্ছেনিক মৌল বেছি থকা ঠাইত ভূ–গর্ভস্থ পানীত আইৰনৰ পৰিমাণো বেছি থাকে৷ ভূ–গর্ভৰ পানীতকৈ মাটিৰ উপৰিভাগৰ পানী মানুহৰ বাবে বেছি উপকাৰী৷ আর্ছেনিক মৌলৰ পৃথকীকৰণ পদ্ধতি কিছু আছে৷ সাধাৰণ পৃথকীকৰণ পদ্ধতিবোৰেৰে ইয়াক পৃথক কৰিব নোৱাৰি৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী জনসংখ্যা বৃদ্ধিৰ লগে লগে আর্ছেনিক মৌলই স্বাস্থ্যৰ সুৰক্ষাত ভয়াৱহ ৰূপ ল’ব পাৰে৷
জ্যেষ্ঠ ভূ–তত্ত্ববিদ, ফোনঃ ৯৪৩৫১–০২৮৩৮