নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইনৰ নতুন নীতি ঘোষণা…এতিয়াৰে পৰা সলনি হ’ব নিয়ম

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ  অসমলৈ অহা বিমান যাত্ৰীৰ ক্ষেত্ৰত নতুন প্ৰট’কল ৰাজ্য চৰকাৰৰ। এতিয়াৰে পৰা VISITASSSAM.ORG নামৰ এপটোত অনলাইন ফৰ্ম ভৰ্তি কৰিব লাগিব। ক’ভিড আৰোগ্য হৈ অহা ব্যক্তিৰ নহয় কোনো টেষ্ট। বিমানে-ৰে’লেৰে আহিলেও নহয় টেষ্ট। ক’ভিড সুস্থ হোৱাৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব যাত্ৰীসকলে।

আনহাতে ৰে’ল বা বিমানেৰে অসমলৈ আহিলে এতিয়াৰে পৰা ২৪ ঘণ্টা কোৱাৰেণ্টাইনত থাকিব লাগিব। পূৰ্বতে ১০ দিন কোৱাৰেণ্টাইনত থাকিব লাগিছিল। অৱশ্যে তাৰ বাবে ২২০০ টকা দি আৰটি পিচিআৰ পৰীক্ষা কৰিব লাগিব। আৰু যদি বিনামূলীয়াকৈ আৰটি পিচিআৰ কৰে পৰীক্ষাৰ ফলাফলৰ বাবে ৩-৫ দিন সময় অপেক্ষা কৰিব লাগিব । ফলাফল নহা পৰ্যন্ত কোৱাৰেন্টাইনত থাকিব লাগিব।

আজি জনতা ভৱনত হোৱা এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like