লোককে দেখুৱাই মৰমেৰে মাতিবা
🔹 ড০ পার্থসাৰথি মহন্ত
মানুহজন মোৰ ফালেই আহি আছে৷ ক্ষন্তেকতে আমি সমুুখা–সমুখি হ’ম৷ মোৰ কিন্তু তেওঁৰ মুখখন চাবলৈও মন নাই৷ আঁৰত থাকি বহুত ক্ষতি কৰিছে মোক৷ তেওঁক মাতিবলৈ মোৰ অকণো মন নাই৷ কিন্তু পৰিস্থিতি এনেকুৱা যে এভইড কৰাৰো সময় নাই৷ কি কৰিম, কি নকৰিম একো উৱাদিহ পোৱা নাই৷ ইতিমধ্যে মানুহজন আহি পালেই আৰু মোক ইমান আদৰেৰে মাত দিছে যে মই হতভম্ব৷ কিংকর্তব্যবিমূঢ় হৈ মই খপিয়াইছোঁ কি ক’ম, কি নক’ম৷ অথচ ভিক্টিম মই– তেওঁৰ কূট কর্মৰো, তেওঁৰ এই ৰাজহুৱা আদৰৰো৷
আমাৰ সকলোৰে এনে হয়৷ প্রায়েই হয়৷ আমাক বাৰে বাৰে হতচকিত কৰি যায় এই চাম মানুহে৷ কি ধাতুৰে গঢ়া এই মানুহখিনি
মানৱ সম্পর্ক যিমানেই সৰল, সিমানেই জটিল৷ লৌকিক আন্তঃসম্পর্ক বুজি পোৱা অতি দুৰূহ৷ আত্মীয়তা এক প্রদর্শন নে পাৰস্পৰিক ভাব বিনিময়ত হোৱা এক উপলব্ধি, এক আৱেগ, এক অনুভৱ ক্ষণিকৰ এক প্রদর্শনতে এই অনুভৱ সম্ভৱ হয় নে তথাপি কিন্তু এই মানুহখিনিয়ে পাছফালৰ পৰা ছুৰী মাৰি আহি সন্মুখত তোমাৰ কুটুম্ব৷ কি এক আপাত–বিৰোধী আচৰণ৷ আমাক হতবুদ্ধি কৰি পেলায়, সামাজিক গতি বিজ্ঞান বিভ্রান্ত হৈ পৰে৷
এই অসংগত স্বভাৱৰো কাৰণ আছে৷ এই মানুহখিনি ভয়াতুৰ৷ এওঁলোকে মুকলিকৈ বিৰোধিতা কৰিব নোৱাৰে৷ এওঁলোকে তোমাৰ সন্মুখত থিয় হৈ তোমাৰ মোকাবিলা কৰিব নোৱাৰে৷ সেই শক্তি আৰু সাহস এওঁলোকৰ নাই৷ সেয়েহে মুকলি সংঘাত এৰাই চলিব খোজে৷ সেই কাৰণেই তেওঁলোকে এক বন্ধুত্বপূর্ণ পৰিৱেশৰ সৃষ্টি কৰিব খোজে৷ কাৰণ এখন সমাজ আছে৷ সমাজত এটা নাম থাকে, পৰিচয় থাকে৷ প্রত্যেকৰে৷ সেই সুনাম বা প্রতিচ্ছবি কোনেও নষ্ট কৰিব নোখোজে৷ সামাজিক স্বীকৃতি বৰ সহজ নহয়৷ এবাৰ সামাজিক গ্রহণযোগ্যতা পোৱাৰ পিছত সেয়া কোনেও হেৰুৱাব নোখোজে৷ তোমাক অপকাৰ কৰি আহিও যে মুখৰ আগত ভালকৈ মাতেহি, সেয়া তেওঁলোকৰ ভাবমূর্তি মেনেজমেণ্টৰ অংশ৷ তোমাকটো ভয় কৰেই৷ তুমি কিজানি বেয়াকৈ কৈয়ে দিয়া৷ তেওঁতো ঠাইতে ধ্বংস৷ থিতাতে৷ সেই বিপদ চপাই লোৱাতকৈ তোমাক ভালকৈ মাতিব৷ বিনয়ী বিনম্র সকলো হৈ৷ এক অভিনয়৷
এখিনি মানুহ আছে যি অমায়িকতাক নিজৰ অভিসন্ধি ঢাকি ৰখাৰ সাধন হিচাপে ব্যৱহাৰ কৰে৷ মাতে–কথাই ভীষণ শুৱলা হৈ তেওঁলোকে তোমাৰ বিশ্বাস আদায় কৰি লয়৷ তুমি যাতে কোনোপধ্যেই তেওঁক সন্দেহ নকৰা৷ তোমাক অন্ধকাৰত ৰাখি তেওঁ তোমাৰ ক্ষতি কৰি যাব৷ তেওঁৰ কাৰচাজিৰ প্রতি তোমাৰ তিলমানো সন্দেহ নহ’ব৷ ভাও ধৰাত এওঁলোক ইমান পাকৈত৷ বিশ্বাসপ্রৱণ হৈ তোমাৰ লগতে থাকি তোমাক ক্ষতি কৰি যাব৷ তেওঁ হৈ থাকিব খোজে বা থাকে এক অসন্দিগ্ধ চৰিত্র৷
অৱশ্যে এনে লোকো আছে যি তোমাৰ অপকাৰ কৰাৰ পিছত অনুশোচনাত ভোগে৷ তেওঁলোকৰ বিবেক দংশন হয়৷ তেওঁলোকৰ এক অপৰাধবোধ হয়৷ তেওঁলোক অনুতপ্ত হয়৷ এই আত্মসন্তাপৰ তেওঁলোকে উপশম বিচাৰে৷ অথচ ক্ষমাও খুজিব নোৱাৰে৷ মনস্তাপৰ এই জ্বালা প্রশমিত কৰিবলৈ অৱশেষত তেওঁলোক তোমাৰ প্রতি হৈ পৰে অত্যধিক অমায়িক আৰু মৰমিয়াল৷ তেওঁলোকে ভাবে যে তেওঁলোকৰ এই প্রয়োজনাধিক মৰম আৰু অনুকম্পাই এক ধৰণৰ ক্ষমা প্রার্থনা৷
মানুহে নিজৰ যিকোনো কামেই ন্যায়সংগত বুলি প্রমাণ কৰিব খোজে৷ নিজৰ দৃষ্টিত পাৰেও৷ এয়া মানুহৰ এক প্রকৃতিপ্রদত্ত সামর্থ্য৷ নিজে ভুল বুলি জনাৰ পিছতো তেওঁলোকে সেই কামৰ ন্যায্যতা প্রতিপাদন কৰিব খোজে৷ এয়া স্বভাৱগত৷ এনেকুৱা মানুহ আছে যি তোমাক কৰা অন্যায় ন্যায়সংগত বুলি ভাবে৷ সেয়া উচিত বুলি ভাবে৷ ন্যায্য বুলি ভাবে৷ গতিকে তেওঁৰ তোমাক মুখৰ আগত ভালকৈ মতাত সমস্যা নহয়৷ তেওঁৰ মতে তুমিহে বেয়া৷ তেওঁতো ভালেই৷
অর্থাৎ কাৰণ যিয়েই নহওক৷ বাস্তৱ একে৷ তোমাৰ ক্ষতি কৰিব, কিন্তু সকলোকে দেখুৱাই অন্তৰংগ হ’ব৷ কিন্তু তেওঁলোকৰ সেই লোকক দেখুওৱা মৰমত ভোল গৈ আমিতো বাৰে বাৰে ভিক্টিম হৈ থাকিব নোৱাৰোঁ৷ এওঁলোকৰ পৰা বাচি থকাৰ উপায় কি?
আমি এওঁলোকৰ উদ্দেশ্য বুজিব পাৰিব লাগিব৷ তেওঁলোকৰ আদৰ–সাদৰৰ গুপ্ত উদ্দেশ্য কি ধৰিব পাৰিব লাগিব৷ এয়া চালাকী নে প্রকৃত অনুতাপ৷ তেওঁলোকৰ মৰমত পমি যাব নালাগিব৷ যদি প্রয়োজন হয় আমি কিছু কঠোৰ হ’ব লাগিব৷ আমি নিজৰ কাৰণে এডাল লক্ষ্মণৰেখা টানি ল’ব লাগিব৷ এনে মানুহক এই লক্ষ্মণৰেখা পাৰ হৈ আমাৰ কাষ চাপিবলৈ নিদিয়াই শ্রেয়৷ এনে লোকক দুবাৰ বিশ্বাস কৰাৰ কোনো যুক্তি নাই৷ ভালকৈ মাতষাৰ দিলে বুলিয়েই ক্ষমা কৰি দিম নে? ক্ষমা অতি উত্তম গুণ৷ কিন্তু অপাত্রক দান দিব নালাগে৷ এটা কথা অৱশ্যে হয়– ক্ষমাত এটা অধ্যায় শেষ হয়৷ লগতে মানসিক অশান্তিখিনি৷ কিন্তু ক্ষমা যদি তোমাৰ মন ভুলোৱা অস্ত্র হয় তেতিয়া!
সমস্যা হ’ল আমাৰ প্রায় সকলোৰে নিজৰ প্রশংসা শুনি ভাল লাগে৷ এক সহজাত প্রৱণতা৷ কিন্তু কথা হ’ল প্রশংসা আৰু তোষামোদ দুটা বেলেগ৷ শলাগ লোৱা বা কৃতজ্ঞতা প্রকাশ কৰা চাটূক্তি নহয়৷ প্রশংসা কেতিয়া খোচামুদি হৈছে বুজিব পাৰিব লাগিব৷ চাটুকাৰিতাত উটি–ভাহি গ’লে নহ’ব৷ কোনটো আচল আদৰ, কোনটো চেলোৱা সাদৰ বুজি যদি নাপালা আকৌ ভিক্টিম হ’লা৷ মুখত সকলো মিঠা৷ পিঠিৰ ফালে মিঠাজনহে আচল সখা৷
সাঁথৰ৷ মৰমৰ সাঁথৰ৷ কোনটো আচল, কোনটো নকল৷ কোনে ধৰিব৷ কোনে ধৰা পেলাব৷ ভাও ধৰাত সকলো পাকৈত৷ সমাজ আজি নাটঘৰ৷ সকলো আজি ভাৱৰীয়া৷ আমি প্রত্যেকেই দুমুখীয়া৷