নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুপামাৰীত বুজন পৰিমাণৰ কৰেক্সৰ বটলসহ আটক এজন

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : নগৰবেৰাৰ টুপামাৰীত আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে জোৰদাৰ অভিযান। কুখ্যাত নিচাজাতীয় কফ ছিৰাপৰ ব্যৱসায়ী নুৰ আলমক আটক কৰে। বুজন পৰিমাণৰ কৰেক্সৰ বটলো জব্দ কৰে আৰক্ষীৰ দলটিয়ে | টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এলেক্স সোণোৱালে এক গোপন সূত্ৰৰ পম খেদি দেওবাৰৰ নিশা চলাইছিল এই অভিযান | অভিযানত মুঠ ৮৫টা কফ ছিৰাপৰ বটলসহ নুৰ আলম ওৰফে নুৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটিয়ে | নুৰ আলীৰ ঘৰ নগৰবেৰাৰ ৰঙ্গেশ্বৰী পাম গাঁৱত। দীৰ্ঘদিনৰে পৰা অঞ্চলটোত নুৰ আলীয়ে চলাই আহিছিল কৰেক্সৰ ৰমৰমীয়া বেহা | অৱশেষত নাটকীয়ভাৱে হাতে-লোটে ধৰা পৰে কৰেক্সৰ ব্যৱসায়ীজন। আৰক্ষীৰ এই সফলতাক সকলোৱে শলাগিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like