নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বতাহত বিহ : দেশৰ ৰাজধানীত ভয়াৱহ পৰিস্থিতি

🔹 বিশ্ব স্বাস্থ্য সংস্থাৰ নির্ধাৰিত মানতকৈ ১০০ গুণ প্রদূষিত দিল্লীৰ বায়ু

🔹 বন্ধ ঘোষণা শিক্ষানুষ্ঠান–ট্রাক চলাচল–নির্মাণকাৰ্য

বিশেষ বাৰ্তা, ৬ নৱেম্বৰ : বায়ু প্রদূষণে ক্রমাৎ অধিক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে দেশৰ ৰাজধানী দিল্লীত৷ বায়ু প্রদূষণৰ মাত্রা ঊর্ধ্বগামী হোৱাৰ লগে লগে দিল্লীৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈ পৰিছে৷ পুনৰ দিল্লীৰ বায়ুৰ মান অতিশয় বিপজ্জনক শ্রেণীত অন্তর্ভুক্ত কৰা হৈছে৷ যাৰ জৰিয়তে দেশৰ ভিতৰতে দিল্লী আটাইতকৈ প্রদূষিত চহৰ হিচাপে বিবেচিত হৈছে৷ ৰাজধানীখনৰ বিভিন্ন অংশত বায়ুৰ মান সূচাংক (একিউআই) ৫০০ৰ ঘৰ অতিক্রম কৰিছে৷ দুপৰীয়াৰ ভাগত দিল্লীৰ ৱাজিৰপুৰ নিৰীক্ষণ কেন্দ্রত সর্বোচ্চ একিউআইৰ পৰিমাণ ৮৫৯ নির্ধাৰণ কৰা হৈছে৷ দিল্লীৰ এই প্রদূষণৰ মাত্রা বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰি দিয়া বায়ুমান নিয়মাৱলীৰ পৰিমাণতকৈ প্রায় ১০০ গুণ অধিক৷ শেহতীয়া তথ্য অনুসৰি, দিল্লীত একিউআই মাত্র দুদিনতে দুগুণলৈ বৃদ্ধি পাইছে৷ যোৱা ২ নৱেম্বৰত একিউআইৰ পৰিমাণ ২৫৬ আছিল যদিও দেওবাৰৰ দিনটোত গড় হিচাপত একিউআইৰ পৰিমাণ ৪৮৩লৈ বৃদ্ধি পায়৷ যোৱা অক্টোবৰ মাহত দিল্লীৰ একিউআইৰ পৰিমাণ ১৫০ৰ পৰা ২০০ৰ ভিতৰত আছিল৷ কিন্তু ২৮ অক্টোবৰৰ পৰা একিউআইৰ মাত্রা বাঢ়িবলৈ আৰম্ভ কৰে আৰু ২০০ৰ ঘৰ অতিক্রম কৰে৷ তেতিয়াৰ পৰা দিল্লীত একিউআইৰ পৰিমাণ বৃদ্ধি হৈ আছে৷ দিল্লী আৰু এনচিআৰ অঞ্চলত চলাচল কৰা বুজন পৰিমাণৰ যান–বাহন তথা উদ্যোগৰ পৰা হোৱা প্রদূষণৰ লগতে পঞ্জাব আৰু হাৰিয়ানাত কৃষকসকলে খেতিৰ অৱশিষ্ট জ্বলোৱা কার্য প্রদূষণৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে৷ যাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় চৰকাৰে বায়ু প্রদূষণ নিয়ন্ত্রণৰ বাবে তৃতীয় পর্যায়ৰ পদক্ষেপ গ্রহণ কৰিছে৷ একিউআইৰ মাত্রা ৪০০তকৈ অধিক হোৱা অঞ্চলসমূহত সম্পূর্ণভাৱে নির্মাণকার্যসমূহ বন্ধ কৰা হৈছে৷ প্রদূষণৰ মাত্রা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দিল্লীৰ প্রাথমিক পর্যায়ৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছে৷ দিল্লীৰ শিক্ষামন্ত্রী আতীশিয়ে কয় যে ৰাজ্যখনৰ প্রাথমিক বিদ্যালয়সমূহ অহা ১০ নৱেম্বৰলৈ বন্ধ থাকিব৷ তদুপৰি ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ পাঠদান অনলাইনৰ জৰিয়তে কৰাৰ ব্যৱস্থাও গ্রহণ কৰা হৈছে৷ উল্লেখ্য যে দেশৰ ৰাজধানীখনৰ বায়ু প্রদূষণৰ মান নিম্নগামী হোৱাত কেন্দ্রীয় চৰকাৰে গ্রেডেড ৰেছপঞ্চ একচন প্লেনৰ ষ্টেজ–৪ ব্যৱস্থাৱলী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে৷ কেন্দ্রৰ বায়ুৰ মান ব্যৱস্থাপনা আয়োগে এই ব্যৱস্থাৱলীসমূহ প্রদূষণ প্রতিৰোধৰ বাবে নির্ধাৰণ কৰি দিছে৷ ইয়াৰ অধীনত দিল্লীত কেইবাটাও বিশেষ পদক্ষেপ গ্রহণ কৰা হৈছে৷ ইয়াৰ ভিতৰত দিল্লীৰ বাহিৰে আন ৰাজ্যত পঞ্জীয়নভুক্ত হোৱা লঘু বাণিজ্যিক বাহনসমূহৰ প্রৱেশত বাধা দিয়া হৈছে৷ কেৱল বৈদ্যুতিক বাহন, চিএনজি, বিএছ–৬ ডিজেলচালিত আন ৰাজ্যৰ বাহনকহে দিল্লীত প্রৱেশৰ অনুমতি দিয়া হৈছে৷ অৱশ্যে জৰুৰীকালীন বাহন আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহনসমূহক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে৷ তদুপৰি দিল্লীৰ চৰকাৰী আৰু ব্যক্তিগত কার্যালয়সমূহত ৫০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰহে অনুমতি দিয়াৰ বিষয়েও চিন্তা–চর্চা কৰিছে৷ এই নিয়ম কার্যকৰী হ’লে কার্যালয়সমূহৰ আন ৫০ শতাংশ কর্মচাৰীয়ে ঘৰৰ পৰাই কর্তব্য সম্পন্ন কৰিব লাগিব৷ প্রদূষণৰ মাত্রা বৃদ্ধি পোৱাৰ লগে লগে দিল্লীৰ বিভিন্ন স্থানত পানী ছটিওৱাকে ধৰি কেতবোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ বিশেষকৈ প্রদূষণৰ হটস্পট হিচাপে চিহ্ণিত অঞ্চলসমূহত দিল্লী অগ্ণিনির্বাপণ সেৱাৰ বাহনৰ দ্বাৰা পানী ছটিওৱাৰ বাবে ব্যৱস্থা গ্রহণ কৰা হৈছে৷ মুঠ ১২খন বাহন এই কামত নিয়োজিত কৰা হৈছে৷ ইপিনে, দিল্লীৰ প্রদূষণৰ মাত্রা বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ নাগৰিকসকলৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে৷ একেৰাহে চাৰি দিন একিউআইৰ মাত্রা ৫০০ৰ ঘৰ অতিক্রম কৰাৰ পাছত স্বাস্থ্য বিশেষজ্ঞসকলে দিল্লীৰ সকলো বয়সৰ লোকৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে৷ তেওঁলোকে প্রকাশ কৰা অনুসৰি, বর্তমানৰ প্রদূষিত বায়ু সেৱন কৰাটো ২৫–৩০ডাল চিগাৰেট সেৱন কৰাৰ সমান ক্ষতিকাৰক৷ মেদান্ত হাস্পতালৰ বিশিষ্ট চিকিৎসক ডাঃ অৰবিন্দ কুমাৰে কয় যে মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে শৰীৰৰ এনে এটা অংগ নাই, য’ত বায়ু প্রদূষণৰ প্রভাৱৰ পৰা বচাব পৰা যায়৷ এনে প্রদূষিত বায়ু সেৱনৰ ফলত ষ্ট্রোক, হাঁওফাঁওৰ কর্কট, হাঁপানী, শ্বাস–প্রশ্বাসজনিত আন ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে বুলিও ইউৰোপিয়ান এনভাইৰনমেণ্ট এজেঞ্চীয়ে প্রকাশ কৰিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে একিউআইৰ মাত্রা ০–৫০ৰ ভিতৰত থাকিলে তাক ভাল বুলি ধৰা হয়৷ আনহাতে একিউআইৰ মাত্রা ৫১–১০০ৰ ভিতৰত থাকিলে সন্তোষজনক, ১০১–২০০ৰ ভিতৰত থাকিলে মধ্যমীয়া, ২০১–৩০০ৰ ভিতৰত থাকিলে শোচনীয়, ৩০১–৪০০ৰ ভিতৰত থাকিলে অতি শোচনীয় আৰু ৪০১–৫৫০ৰ ভিতৰত থাকিলে বিপজ্জনক হিচাপে চিহ্ণিত কৰা হয়৷ একিউআইৰ মাত্রাই ৪৫০ৰ ঘৰ অতিক্রম কৰিলে তাক অতি বিপজ্জনক হিচাপে ধৰা হয়৷

You might also like