নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্ন ছাইটত ইটালীৰ প্রধানমন্ত্রীৰ ডিপফেক ভিডিঅ’

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ এইবাৰ ‘ডিপফেক’ৰ চিকাৰ হ’ল ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল’নি৷ কেইবাটাও ভিডি’ত প্রধানমন্ত্রীগৰাকীৰ্ মুখ ব্যৱহাৰ কৰি পর্ন ছাইডত আপলোড কৰাৰ অভিযোগ উঠিছে দুই ব্যক্তিৰ বিৰুদ্ধে৷ আমেৰিকাৰ এটা কনঢেণ্ট ৱেবছাইটত এই ভিডি’ মুকলি কৰি দিয়া হৈছে৷ লাখ লাখ মানুহে এই ভিডি’ চাইছে৷ এই ঘটনাত জড়িত অপৰাধীক শাস্তি প্রদানৰ লগতে বৃহৎ অংকৰ ধন ক্ষতিপূৰণ হিচাপে দাবী কৰিছে মেল’নিয়ে৷ সংবাদ সংস্থা বিবিচি সূত্রই সদৰী কৰা অনুসৰি এগৰাকী পর্ন অভিনেতাৰ সৈতে মেল’নিৰ এই ডিপফেক ভিডি’ প্রস্তুত কৰি আমেৰিকাৰ এটা পর্ন ছাইটত আপলোড কৰা হৈছিল৷ মাহৰ পিছত মাহ ধৰি এই ভিডি’বোৰত লাখ লাখ ভিউ আহিছিল৷ স্মর্তব্য যে ২০২২ চনত ইটালীৰ প্রধানমন্ত্রীৰ দায়িত্ব লাভ কৰিছিল মেল’নিয়ে৷ তাৰ পূর্বে মেল’নিৰ মুখ ব্যৱহাৰ কৰি ভিডি’বোৰ পর্ন ছাইটত মুকলি কৰি দিয়া হৈছিল বুলি অভিযোগ উঠিছে৷ শেহতীয়াকৈ বিষয়টো নজৰলৈ অহাৰ লগে লগে কঠোৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ আদালতৰ দ্বাৰস্থ হৈছে প্রধানমন্ত্রী মেল’নি৷

You might also like