বিশেষ লেখা : অসমৰ পর্যটনৰ নৱজাগৰণৰ শুভাৰম্ভ
জয়ন্ত মল্ল বৰুৱা
পর্যটন, জনস্বাস্থ্য কাৰিকৰী,
দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী
অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূর্ব দিশৰ সূর্য উঠা দেশ
গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱস ৰাতি
অসম দেশৰ দৰে নেপাওঁ
ইমান ৰসাল মাটি৷
কথা–সুৰ–কণ্ঠঃ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা
এটা–দুটা বছৰ নহয়, সুদীর্ঘ ৯টা দশকজুৰি আমাৰ পুণ্যভূমি দেশ ভাৰতবর্ষত ব্রিটিছৰাজ চলিছিল৷ ১৮৫৮ চনৰ পৰা ১৯৪৭ চনলৈ অর্থাৎ ৮৯ বছৰ ইংৰাজ শাসকে ভাৰতবর্ষক পৰাধীনতাৰ শিকলিৰে বান্ধি ৰাখিছিল৷ ব্রিটিছৰ এই পৰাধীনতাৰ পৰা মুক্ত হোৱা নাছিল আমাৰ মাতৃভূমি অসমো৷ ইংৰাজৰ ঔপনিৱেশিক শাসনকালতেই দেশত প্রৱর্তন হৈছিল ‘The Sarais Act. 1867 (Act 22 of 1867)’ অর্থাৎ ‘অতিথিশালা আইন ১৮৬৭ (১৮৬৭ চনৰ ২২নং আইন)’ শীর্ষক পর্যটন সংক্রান্তীয় এখন বিশেষ আইন৷ আচৰিত যেন লাগিলেও ঔপনিৱেশিক কালত প্রৱর্তন হোৱা পর্যটন সংক্রান্তীয় আইনখন সাম্প্রতিক সময়লৈ অসমত প্রৱর্তিত আছিল৷ অবিশ্বাস্য হ’লেও সঁচা যে এই ঔপনিৱেশিক আইনখনক বাদ দি অসমত আজিপর্যন্ত এখন স্বতন্ত্র পর্যটন আইন নাছিল৷ অসমৰ পর্যটন খণ্ডক লৈ আমি সকলোৱে গৌৰৱবোধ কৰোঁ৷ অসমৰ প্রাকৃতিক–ভৌগোলিক ইত্যাদি অলেখ পর্যটনৰ সম্পদেই বিশ্ববাসীক প্রতিটো ক্ষণতে আকর্ষিত কৰি আহিছে৷ অথচ সুদীর্ঘ ডেৰশ বছৰে এই ঔপনিৱেশিক আহনখনেই নিয়ন্ত্রণ কৰি আহিছিল অসমৰ সুবিশাল পর্যটন খণ্ডক৷ বিশ্ববন্দিত, ভাৰতৰত্ন ভূপেনদাই তাহানিতেই ৰূপ আৰু গুণৰ শেষ নোহোৱা দেশ হিচাপে আমাৰ মাতৃভূমি অসমক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিছিল৷ অথচ এখন সুকীয়া পর্যটন আহন প্রৱর্তনৰ কথা হয়তো কোনেও ভবা নাছিল৷ গণতান্ত্রিক পৰম্পৰাৰে স্বাধীনতাৰ পাছৰে পৰা এখনৰ পাছত আন এখন ৰাজ্য চৰকাৰ নিৰন্তৰ গতিত অহা–যোৱা চলি থাকিল যদিও অসমৰ পর্যটন খণ্ডই লাভ নকৰিলে সুকীয়া বিধি-ব্যৱস্থা৷ উল্লেখৰ নিষ্প্রয়োজন যে ঔপনিৱেশিক কালতে প্রৱর্তিত ‘অতিথিশালা আইন ১৮৬৭ (১৮৬৭ চনৰ ২২নং আহন)’ কার্যতঃ সাম্প্রতিক সময়ত এখন সম্পূর্ণ অপ্রাসংগিক–অর্থহীন পেলনীয়া কাগজলৈ ৰূপান্তৰিত হৈছে৷ সহজ কথাত সাম্প্রতিক প্রেক্ষাপটত অসমৰ সুবিশাল পর্যটন খণ্ডক সামৰি ল’ব পৰাকৈ এই ঔপনিৱেশিক আইনখন এক বিন্দুও প্রাসংগিক হৈ থকা নাই৷ স্পষ্টতঃ অসমৰ অর্থনীতিৰ অন্যতম ৰাজহাড় হিচাপে চিহ্ণিত পর্যটন খণ্ডক শক্তিশালী কৰি ৰখাৰ স্বার্থত এখন সুকীয়া আইন প্রৱর্তন কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছিল৷ সময়ৰ এনে বাস্তৱ আহ্বানৰ প্রতি ইতিবাচক সঁহাৰি জনাই দেশৰ অন্যতম গতিশীল, কর্মঠ মুখ্যমন্ত্রী তথা অসমৰ ভৱিষ্যদ্রষ্টা ৰাজনীতিক ড০ হিমন্ত বিশ্ব শর্মাৰ প্রত্যক্ষ নীতি-নির্দেশনা আৰু দিহা-পৰামর্শৰ ভিত্তিত ৰাজ্যখনৰ পর্যটন বিভাগৰ দায়িত্ববাহী মন্ত্রী হিচাপে অসম বিধানসভাৰ পৱিত্র মজিয়াত উত্থাপন কৰা হৈছিল ‘The Assam Tourism (Development and Registration) Bill- 2024′ অর্থাৎ অসম পর্যটন (উন্নয়ন আৰু পঞ্জীয়ন) বিধেয়ক, ২০২৪৷ ইংৰাজ শাসনকালৰ পৰাহ প্রৱর্তন হৈ থকা’The Sarais Act 1867 (Act 22 of 1867)’ শীর্ষক আইনখন বাতিল কৰাৰ পাছত অসমৰ পর্যটন খণ্ডক অধিক সমৃদ্ধিশালী কৰাৰ লক্ষ্যৰেই বিধানসভাৰ মজিয়াত ডত্থাপিত ‘অসম পর্যটন (উন্নয়ন আৰু পঞ্জীয়ন) বিধেয়ক, ২০২৪’খন শাসক–বিৰোধী উভয় পক্ষৰ সহমতত গৃহীত হোৱাৰ লগে লগে অসমৰ পর্যটন ক্ষেত্রত এক অঘোষিত নৱজাগৰণৰ সূচনা হ’ল বুলি নিঃসন্দেহে ক’ব পাৰি৷
এখন নির্দিষ্ট পর্যটন আইন নথকাৰ বাবে ৰাজ্যখনৰ এই বৃহৎ ক্ষেত্রখনৰ সৈতে জড়িত ব্যক্তিসকলে খোজেপতি বহু প্রত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছিল৷ উদাহৰণস্বৰূপে– পর্যটন ক্ষেত্রখনৰ অন্যতম গুৰুত্বপূর্ণ অংগ হিচাপে বিবেচিত হোটেল-ৰিজ’ৰ্ট বা আন যিকোনো অতিথিশালাৰ বাবে একাধিক কর্তৃপক্ষৰ পৰা আপত্তিবিহীন প্রমাণ-পত্র ল’বলগীয়া হৈছিল৷ সেহ অনুসৰি পৌৰসভা বা পঞ্চায়তৰ পৰা ট্ৰেড লাইচেঞ্চ, ভূমি প্রমাণ-পত্র, ঔদ্যোগিক অনুজ্ঞা-পত্র, খাদ্য সুৰক্ষা প্রমাণ-পত্র, অগ্নিনির্বাপক বাহিনীৰ প্রমাণ-পত্র, প্রদূষণ নিয়ন্ত্রণ প্রমাণ-পত্র, বৈদ্যুতিক অনুজ্ঞা-পত্র, বাৰ লাইচেঞ্চ, পেলনীয়া সামগ্রীৰ বাবে সুকীয়া ব্যৱস্থা, শ্রম কল্যাণ কার্যালয়ৰ প্রমাণ-পত্র, জি এছ টি পঞ্জীয়ন, পানকার্ড ইত্যাদিৰ প্রয়োজন হৈছিল৷ অৱশ্যে কামৰূপ মহানগৰ জিলাৰ ক্ষেত্রত জিলা আয়ুক্ত আৰু আৰক্ষী আয়ুক্তই যৌথভাৱে এই কাম সম্পাদন কৰে৷ ৰাজ্যখনৰ পর্যটন ক্ষেত্রখনক সঁচা অর্থত অধিক সমৃদ্ধিশালী আৰু শক্তিশালী কৰিব পৰাকৈ একক কর্তৃত্বপ্রাপ্ত কোনো নির্দিষ্ট ব্যৱস্থা বা কর্তৃপক্ষ নথকা হেতুকে এই ক্ষেত্রখনৰ সৈতে জড়িত হ’বলৈ অহা ব্যক্তি অর্থাৎ বিনিয়োগকাৰীসকলে এনেদৰে এটাৰ পাছত আনটো সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছিল৷ যাৰ পৰিপ্রেক্ষিতত পর্যটন খণ্ডত বিনিয়োগকাৰীসকলক উৎসাহ যোগোৱাৰ লগতে এই সমগ্র প্রক্রিয়া সূচল কৰাৰ অর্থে একক ক্ষমতাপ্রাপ্ত এটা ব্যৱস্থা সৃষ্টি কৰাৰ অতি প্রয়োজন হৈ পৰিছিল৷ এনে দৃষ্টিকোণেৰে সুদীর্ঘ ডেৰশ বছৰীয়া ঔপনিৱেশিক পর্যটন ব্যৱস্থাৰ বিলুপ্তি ঘটাই দেশৰ অমৃতকালত অসমৰ বাবে এখন স্বতন্ত্র পর্যটন বিধেয়ক বিধানসভাৰ মজিয়াত উত্থাপন কৰা হৈছিল৷
আমি সকলোৱে জানো যে সাম্প্রতিক সময়ত অসমৰ পর্যটন ক্ষেত্র দিনক দিনে সম্প্রসাৰিত হৈ আহিছে৷ প্রাকৃতিক, ভৌগোলিক, সাংস্কৃতিক, ধর্মীয়, আধ্যাত্মিক, ঐতিহাসিক ইত্যাদি ক্ষেত্রৰ অসংখ্য সমলেৰে সমৃদ্ধ হৈ আহিছে আমাৰ ৰাজ্যখনৰ বিশাল পর্যটনৰ মানচিত্রখন৷ এশিঙীয়া গঁড়েৰে অসম যেনেকৈ বিশ্ববিখ্যাত, সেইদৰে পুণ্যতীর্থ শক্তিপীঠ মা কামাখ্যাও সমানে বিখ্যাত৷ কাজিৰঙা, মানাহ, ওৰাং, ডিব্রু-ছৈখোৱা, নামেৰী, দিহিং পাটকাই, ৰাইমনা ৰাষ্ট্রীয় উদ্যান, পবিতৰা, ভেৰজান-বৰাজান, পানীদিহিং, দীপৰ বিল, হোলোঙাপাৰ গিবন, নামবৰ, গৰমপানী, নামবৰ-দৈগ্রুং, পূব কার্বি আংলং, সোণাই-ৰূপাই, বৰনদী, চক্রশিলা, আমচাং, লাওখোৱা, বুঢ়া চাপৰি, মাৰাট লংৰি, বৰাইল অভয়াৰণ্যসমূহতো স্থানীয় তথা দেশী–বিদেশী পর্যটকে বিচাৰি পায় সৌন্দর্যৰ আকৰ৷ বিশ্বৰ বৃহত্তম নদীদ্বীপ-সত্রভূমি মাজুলী আৰু ক্ষুদ্রতম নদীদ্বীপ উমানন্দই যেনেকৈ বিশ্বৰ পর্যটকক আকর্ষণ কৰে, একেদৰে আকর্ষণৰ কেন্দ্রবিন্দু বৰদোৱা, বৰপেটা, পাটবাউসী, নাৰায়ণপুৰ আদি স্থানৰ সত্রভূমিও৷ মহাবীৰ লাচিত-চিলাৰায়–কনগাভৰু-জয়মতীৰ স্বদেশপ্রেম-আত্মত্যাগৰ লগতে ঊষা–অনিৰুদ্ধৰ পৱিত্র ভূমি তেজপুৰো পর্যটন ক্ষেত্রৰ উর্বৰ ক্ষেত্র৷ ৰংঘৰ–তলাতল ঘৰ–কাৰেংঘৰক সামৰি আহোম ৰাজত্বক এতিয়াও শিৰত লৈ জিলিকি থকা শিৱসাগৰৰ কথা নতুনকৈ দোহৰাৰ কোনো প্রয়োজনেই নাই৷ একেদৰে বিশ্ববন্দিত সত্রীয়া নৃত্য, বিহুনৃত্য, মাজুলী–নলবাৰী–হাউলী ৰাস তথা উজনি অসমৰ বিভিন্ন স্থানৰ ভাওনাৰ লগতে ৰাজ্যখনৰ প্রতিটো জাতি–জনগোষ্ঠীৰ অতি চহকী কৃষ্টি–সংস্কৃতি, বিভিন্ন পৰম্পৰাগত খাদ্য–সম্ভাৰ আৰু পোছাকেও যুগে যুগে আকর্ষিত কৰি আহিছে পর্যটকক৷ এনেদৰে শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্রহ্মপুত্রলৈ সমগ্র অসম এনেকুৱা এখন ঠাই নাই য’ত পর্যটনৰ সম্ভাৱনা ভৰি থকা নাই৷
অতিথি দেবো ভবঃ৷ পর্যটন উদ্যোগৰ ক্ষেত্রত এয়া এক চিৰশাশ্বত বাণী হিচাপে পৰিচিত হৈ আহিছে৷ সুখৰ কথা এয়ে যে তাহানিকালৰ পৰাই অসমীয়া জাতি স্বাভাৱিকভাৱে অতিথিপৰায়ণ৷ সেয়েহে অতিথিপৰায়ণ অসমীয়া জাতিৰ বাবে নিঃসন্দেহে পর্যটন ক্ষেত্র আটাহতকৈ বিশ্বাসযোগ্য–নির্ভৰ কর্মক্ষেত্র হিচাপে বিবেচনা কৰিব পাৰি৷ এনেবোৰ দিশ বিবেচনা কৰিয়ে অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰা হৈছিল পর্যটন সম্পর্কীয় এই নতুন বিধেয়কখন৷ পৰিৱর্তিত সময় আৰু পৰিস্থিতিত ৰাজ্যখনৰ পর্যটন খণ্ডটোৱে মুখামুখি হোৱা অসংখ্য বাধাৰ প্রাচীৰ আঁতৰাই পর্যটন খণ্ডটোক সুশৃংখলিত, সুপৰিকল্পিত, সুপৰিচালিত ৰূপত আগুৱাই নিয়াৰ বাবেই এনে এখন আইনৰ অতিকৈ প্রয়োজন হৈ পৰিছিল৷ অসম পর্যটন নীতি–২০২২(Assam Tourism Policy-2022)ৰ দ্বাৰা যদিও অসমৰ পর্যটন খণ্ডৰ এটা পথৰ সন্ধান কৰা হৈছিল তথাপি এখন সুসংহত আইন অবিহনে ইয়াক আগবঢ়াই নিয়াটো আছিল তেনেহ কঠিন৷ সেয়েহে পর্যটন খণ্ডৰ সৈতে জড়িত বিনিয়োগকাৰী, নিয়োগ ব্যৱস্থা অর্থাৎ কর্মসংস্থাপন, পর্যটনৰ কেন্দ্রবিন্দু হিচাপে থলুৱা তথা দেশী–বিদেশী পর্যটকক অসমলৈ আকর্ষণ কৰা ইত্যাদি দিশসমূহৰ বাবে এহ আইনখন প্রৱর্তন কৰাটো অত্যন্ত প্রয়োজনীয় হিচাপে বিবেচিত হৈছিল৷ এই কথা ক’বহ লাগিব যে এইখন কেৱল আইনী তথ্য–পাতি(Legal Document) নহয়, বৰং এই আইনখন হৈছে অসমৰ পর্যটন উদ্যোগৰ মূল ৰাজহাড়স্বৰূপ৷ এয়া যথার্থতে অসমৰ অর্থনীতিৰ বিকাশ, বিশাল কর্মক্ষেত্র সৃষ্টি, আন্তঃগাঁথনি উন্নয়ন, নিয়োগৰ প্রচুৰ সম্ভাৱনা, সাংস্কৃতিক বিনিময় আৰু গ্রামাঞ্চলৰ পর্যটন ক্ষেত্রৰ সৈতে জড়িত কৰাই গ্রাম্য অর্থনীতিত সবলীকৰণ ইত্যাদিৰ এখন ভৱিষ্যদ্রষ্টা আইন৷
বিধানসভাত এই আইনখন গৃহীত হৈ অসমৰ ৰাজ্যপাল মহোদয়ৰ সাংবিধানিক অনুমোদনমর্মে অসম পর্যটন (ডন্নয়ন আৰু পঞ্জীয়ন) বিধেয়ক, ২০২৪খন আইনলৈ ৰূপান্তৰিত হৈ ৰাজ্যখনত বলৱৎ হোৱাৰ লগে লগে অসমৰ পর্যটন ক্ষেত্রত স্বাভাৱিকতে এক নৱজাগৰণৰ সূচনা হ’ব৷ পূর্বে উল্লেখ কৰা হৈছে যে এখন নির্দিষ্ট পর্যটন আহন নথকাৰ বাবে এই বিশাল ক্ষেত্রখনৰ সৈতে জড়িত প্রায় সকলো দিশ বা বিষয় এককথাত পৰম্পৰাগতভাৱে চলি আছিল৷ পঞ্জীয়ন ব্যৱস্থা নথকাৰ কাৰণে আমি নাজানিছিলো কিমানসংখ্যক মানুহ পর্যটন ক্ষেত্রৰ লগত জড়িত, পর্যটকৰ কাৰণে প্রকৃততে কিমান সা–সুবিধা অসমত আছে, পর্যটন ক্ষেত্রৰ লোকসকলে পর্যটকে পাবলগীয়া সা–সুবিধাসমূহ দিছেনে নাই, পর্যটন ক্ষেত্রত কিমান লোক সংস্থাপিত হৈ আছে আৰু প্রকৃততে ৰাজ্যখনলৈ কিমান ৰাজহ আহৰণ হয়৷ জিলা কর্তৃপক্ষকে ধৰি বিভিন্ন বিভাগ-কর্তৃপক্ষ, নিগম-নিকায়-পঞ্চায়ত আদিৰ দ্বাৰা পৃথকে পৃথকে বিভিন্ন দিশ নিয়ন্ত্রিত হৈ থকাৰ ফলত বাস্তৱ ক্ষেত্রত ইয়াৰ নিয়ন্ত্রণ ব্যৱস্থাটোও আইনগত দিশৰ পৰা যথেষ্ট প্রত্যাহ্বানমূলক আছিল৷ সমান্তৰালভাৱে পর্যটনৰ অন্যতম অংগ হিচাপে বিবেচিত হোৱা এহ দিশসমূহ প্রত্যক্ষভাৱে চোৱা–চিতা অথবা নিয়ন্ত্রণৰ ক্ষেত্রতো পর্যটন বিভাগৰ নাছিল কোনো আইনগত ব্যৱস্থা৷ অর্থাৎ পর্যটন বিভাগৰ অধীনত প্রত্যক্ষভাৱে পঞ্জীয়ন নথকা বাবে পর্যটন বিভাগে ইচ্ছা কৰিলেও পর্যটনকেন্দ্রিক এনেবোৰ দিশৰ ক্ষেত্রত আইনগত কাৰণত একপ্রকাৰ অসহায় অৱস্থাৰ দৰে হৈ আছিল৷ কিন্তু এহ নতুন আইনখনে অসমৰ সমগ্র পর্যটন ক্ষেত্রখনক এক প্রণালীবদ্ধ, সুশৃংখলিত আৰু সুপৰিকল্পিত অৱস্থালৈ ৰূপান্তৰ কৰিব৷ পর্যটন খণ্ডৰ অংশীদাৰসকলৰ ক্ষেত্রত এহ সংক্রান্তীয় বিভিন্ন ব্যৱস্থাৰ বাবে পঞ্জীয়নৰ ব্যৱস্থা কৰা হ’ব৷ উদাহৰণস্বৰূপে– থকা–খোৱাৰ ব্যৱস্থা(Accommodation)ৰ অধীনস্থ হেৰিটেজ বাংলো, হোটেল, ৰিজ’ৰ্ট, ট্যুৰিষ্ট লজ, হোমষ্টেছ, ম’টেলছ, গেষ্ট হাডছ, সেৱা প্রদানকাৰী এপার্টমেণ্ট, ৰেষ্টুৰেণ্ট, ধাবা, কাফেটেৰিয়া, বাৰ, পথৰ দাঁতিৰ সেৱা প্রদানকাৰী ব্যৱস্থা, ক্রুজ শ্বিপ, ক্রুজ ব’ট, হাউছ ব’ট, ট্যুৰিষ্ট ব’ট ইত্যাদি৷ সেহদৰে দুঃসাহসিক ক্রীড়াকলাপৰ সৈতে জড়িত সকলো ধৰণৰ ব্যৱস্থা যেনে– পেৰাগ্লাইণ্ডিং, পেৰাছেইলিং, ৰাফটিং, চাইক্লিং, মাউণ্টেহন বাহকিং হত্যাদি, সেৱা প্রদানকাৰী যেনে– ট্যুৰিবিষ্ট গাহড, ট্যুৰ অপাৰেটৰ, ড্রেভেল এজেণ্ট, ডেষ্টিনেচন মেনেজমেণ্ট অপাৰেটৰ, গোল্ফ কোর্ছ, হস্ত আৰু কাৰু শিল্পৰ সৈতে জড়িত গাঁও, হস্তনির্মিত সামগ্রীৰ বিপণী, বিনোদনমূলক পার্ক, ৱাটাৰ পার্ক হত্যাদি৷ সেহদৰে ট্যুৰিষ্ট এণ্ড স্প’ৰ্টছ অপাৰেটৰৰ অধীনত সকলো পর্যটক পৰিবাহী বাহন, ড্রেভেল এজেণ্ট আদি৷ নতুন আইনখনৰ অধীনত পর্যটন সঞ্চালকালয়ে মূল চালিকা শক্তি হিচাপে কর্ম সম্পাদন কৰি এই সম্পর্কীয় সকলো বিধি–ব্যৱস্থা বলৱৎ কৰাৰ লগতে যাৱতীয় নীতি–নির্দেশনা প্রদান কৰিব৷ এইক্ষেত্রত জিলা পর্যটন বিষয়াৰো যথেষ্ট গুৰু দায়িত্ব আছে৷
নতুন পর্যটন আইনখনে কেৱল পর্যটন সম্পর্কীয় বিধি–ব্যৱস্থা প্রয়োগতে সীমাবদ্ধ নাথাকিব৷ ইয়াৰ সলনি অসমৰ পর্যটন ক্ষেত্রখনক বিশ্বৰ পর্যটন মানচিত্রত এক সুকীয়া মাত্রা প্রদানৰ লক্ষ্যৰে তথা অসমৰ অর্থনৈতিক সম্ভাৱনাক আৰু অধিক সমৃদ্ধিৰ বাটত আগুৱাই নিয়াৰ উদ্দেশ্যে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রত বিশেষভাৱে মনোনিৱেশ কৰিব৷ সমান্তৰালভাৱে অসমৰ পর্যটনৰ সামগ্রিক গুণগত মান বৃদ্ধি কৰাটোও এই আইনখনৰ অন্যতম প্রধান বৈশিষ্ট্য৷ এইক্ষেত্রত স্থানীয় অঞ্চল তথা স্থানীয় লোকৰ অংশগ্রহণক প্রধানভাৱে গুৰুত্ব আৰোপ কৰা হ’ব৷ তৃণমূল পর্যায়ৰ পৰাই অসমৰ যাউতিযুগীয়া কৃষ্টি-সংস্কৃতিৰ প্রসাৰ আৰু প্রচাৰেৰে পর্যটন খণ্ডক সমৃদ্ধ কৰাৰ বাটো এই আইনখনে মুকলি কৰিব৷ এক সুনির্দিষ্ট পৰিকল্পনাৰ অভাৱত পর্যটনকেন্দ্রিক বজাৰখনক অসমে ইমানদিনে সঠিক দিশত নির্দিষ্ট লক্ষ্য অভিমুখে আগুৱাই নিব পৰা নাছিল৷ এনে প্রেক্ষাপটত এই নতুন আইনখন অসমৰ পর্যটন খণ্ডৰ বাবে হ’ব এটা বৃহৎ মাহলৰ খুঁটিস্বৰূপ৷ পৰিশেষত ডেৰশবছৰীয়া এলান্ধুকলীয়া ঔপনিৱেশিক আইন বাতিল কৰাৰ পাছত অসমৰ বাবে এখন স্বতন্ত্র পর্যটন আইন ৰূপায়ণৰ শুভক্ষণত বাৰে বাৰে যেন প্রতিধবনিত হৈছে লুইত কোঁৱৰ ৰুদ্র বৰুৱাই তাহানিতে লিখি থৈ যোৱা আৰু বিহু সম্রাট খগেন মহন্তই প্রাণ ঢালি গোৱা বনগীত এফাঁকি–
মোৰ অসমীৰে হাবি বননিতে
চেকুৰা চেকুৰা সোণে
জিকেমিকাই থাকে…৷