নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদনত ছালে-বেৰে কোবাই বিষয় উত্থাপন কৰি পলায় অখিল গগৈয়ে : মন্ত্ৰী পীয়ূষ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ফেব্ৰুৱাৰীঃ অখিল গগৈয়ে সদায় বিধানসভাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ প্ৰথমতে ছালে-বেৰে কোবাই উত্থাপন কৰে আৰু তাৰ পাছত তাৰ পৰা পলায়ন কৰে। বিধানসভাত আজি এই মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাৰ। বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আজি বিধানসভাত সৰৱ হৈ পৰে মন্ত্ৰী পীয়ূষ হাজৰীকা। কোনোবাই বিধেয়ক আনি বিধানসভাত অনুপস্থিত থাকিব পাৰে, এনেকুৱা কিবা নিয়মত আছে নেকি বুলি আজি বিধানসভাত বিধানসভাৰ উপাধ্যক্ষক প্ৰশ্ন কৰে মন্ত্ৰী হাজৰীকাই। অখিল গগৈয়ে বিধেয়ক আনি বিধানসভাত আজিৰ অন্তিম দিনটোত অনুপস্থিত থকাত মন্ত্ৰীগৰাকীয়ে বিধায়কজনক তীব্ৰ সমালোচনা কৰি কয় যে এই সদনত আমি ১২৬জন আমি ইয়াত সদস্য আছো, তেওঁ এই ১২৬জনৰ নিজকে ফাৰ্ষ্ট বয় বুলি কয়, তেওঁ নিজকে সৰ্বজান্তা বুলি কয়। অখিল গগৈ নামৰ বিধায়কজন সদনত আবেলি কেতিয়াও নাথাকে বুলি মন্ত্ৰী হাজৰীকাই উপাধ্যক্ষক অভিযোগ কৰি কয় যে এই বিধায়কজনে বিধানসভাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ প্ৰথমতে ছালে-বেৰে কোবাই উত্থাপন কৰে আৰু তাৰ পাছত তাৰ পৰা পলায়ন কৰে। এই বিষয়টো অলপ চিন্তাজনক বুলি তেওঁ উপাধক্ষ্যক বিষয়টো দৃষ্টিগোচৰ কৰে। মন্ত্ৰী হাজৰীকাই অখিল গগৈৰ বিৰুদ্ধে অভিযোগ আনি আৰু কয় যে এই বিধায়কজনে সদনত প্ৰশ্ন আনে আৰু সময়ত নাইকিয়া হৈ যায়। তেওঁ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ উপাধ্যক্ষক আহ্বান জনায়। অখিল গগৈৰ এই কাৰ্য গৰিহণাযোগ্য বুলি কয় মন্ত্ৰী হাজৰীকাই। নিজকে জ্ঞানী, সৰ্বজান্তা বুলি কোৱা বিধায়কজনৰ এনে কাৰ্য গৰিহণা হয়নে নহয় বুলি উপাধ্যক্ষক প্ৰশ্ন কৰে মন্ত্ৰী হাজৰীকাই। তেওঁৰ অনুপস্থিতি সদনৰ অৱমাননা হয় নে নহয় বুলি তেওঁ প্ৰশ্ন কৰে। এইক্ষেত্ৰত তেওঁ বিৰোধী দলৰ দলপতিৰ পৰাও সদুত্তৰ তেওঁ আশা কৰে। মন্ত্ৰীগৰাকীৰ অভিযোগ উপধ্যক্ষগৰাকীয়ে আলোচনা কৰিব বুলি কয়।

You might also like