নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকাশৰ বাবে এদিন কার্যসূচীৰে ধেমাজিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব  শর্মা

চিচিবৰগাঁও সমষ্টিৰ ১২,১৪৩ ব্যক্তিক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্রীৰ
বর্তমানৰ চৰকাৰে জনসাধাৰণৰ মৌলিক সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰিছে
চিলাপথাৰত মহাবীৰ লাচিত বৰফুকনৰ প্রতিমূর্তি উন্মোচন মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ফেব্ৰুৱাৰীঃ খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ সুনিশ্চিতকৰণৰ জৰিয়তে সামাজিক সমতাৰ দিশত ৰাজ্যখনক আগুৱাই নিয়াৰ এক বলিষ্ঠ পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি চিলাপথাৰৰ দঞি-পল কালচাৰেল কমপ্লেক্সত আয়োজিত বিশাল ৰাজহুৱা সভাত ধেমাজি জিলাৰ চিচিবৰগাঁও বিধানসভা সমষ্টিৰ ১২,১৪৩গৰাকী ব্যক্তিক মিছন বসুন্ধৰা ২.০ৰ অধীনত ভূমি পট্টা বিতৰণ কৰে৷ আনহাতে ধেমাজি জিলাৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিকাশৰ বাবে এদিন কার্যসূচীৰ অধীনত আজি বিভিন্ন আন্তঃগাঁথনিমূলক প্রকল্প, পৌৰসভা প্রকল্প আদিকে ধৰি বিকাশৰ দিশত সহায়ক হোৱাকৈ ৮৫ কোটি টকা ব্যয় সাপেক্ষে কেহবাটাও প্রকল্পৰ শুভ উদ্বোধন তথা শিলান্যাস কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ ১০০ লাখ টকা ব্যয় সাপেক্ষে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অন্তর্গত ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ পুকীয়াস্থিত খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্র বি পি এইছ চিৰ মূল ভৱনৰ নবীকৰণ প্রকল্পৰ উদ্বোধনে অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ ক্ষেত্রত এক নতুন মাত্রা সংযোজন কৰিব৷ তদুপৰি, ১১০০ লাখ টকা ব্যয় সাপেক্ষ চোমনিগাঁৱৰ পৰা আমগুৰি লোকনির্মাণ বিভাগৰ পথ পর্যায়–১লৈ গাইনদী মথাউৰিৰ সম্প্রসাৰণ, ২০০০ লাখ টকা ব্যয় সাপেক্ষে চোমনিগাঁৱৰ পৰা আমগুৰি লোকনির্মাণ বিভাগৰ পথ পর্যায়–২লৈ ৪খন শ্বাটাৰ শ্লুইচসহ গাইনদী মথাউৰিৰ সম্প্রসাৰণ, ১৯৭ লাখ টকা ব্যয় সাপেক্ষে জীয়াধল মথাউৰিত ২খন শ্বাটাৰ শ্লুইচগেট, ১০০০ লাখ টকা ব্যয় সাপেক্ষে কুমটীয়া সোঁপাৰৰ বালিচাপৰিৰ পৰা হাতীগড এলেকালৈ মথাউৰিৰ সম্প্রসাৰণ, ১২৮০ লাখ টকা ব্যয় সাপেক্ষে ধেমাজিত আৱর্ত ভৱন নির্মাণ আৰু ২৮৬৪ লাখ টকা ব্যয় সাপেক্ষে চিলাপথাৰ পৌৰসভাৰ অধীনত ১৩৬৪টা প্রধানমন্ত্রী আৱাস যোজনা–সকলোৰে বাবে আৱাসগৃহ নগৰৰ গৃহ নির্মাণ প্রকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে অসমৰ ভূমিহীন লোক বা চৰকাৰী চিলিং মাটিত বাস কৰি থকা পৰিয়ালসকলক মাটিৰ পট্টা দিয়াৰ বাবে মিছন বসুন্ধৰা আৰম্ভ কৰা হৈছিল৷ তেওঁ কয় যে স্বাধীনতাৰ ৭৫ বছৰ পিছতো ধেমাজি জিলাৰ বহু হাজাৰ পৰিয়ালৰ মাটিৰ পট্টা নাছিল৷ বহু চৰকাৰ আহিল বহু চৰকাৰ গল, যদিও মাটিৰ ওপৰত কোনো ধৰণৰ সিদ্ধান্ত লব পৰা নাছিল৷ বর্তমানৰ চৰকাৰখনে জনসাধাৰণৰ মৌলিক সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে বসুন্ধৰা ৩.০ৰ জৰিয়তে এজমালি  পট্টাৰ ভূমিসমূহ ভাগ–বটোৱাৰা কৰাৰ সুবিধা প্রদান কৰা হব৷ অসমৰ বহ সামাজিক অনুষ্ঠানৰ নিজা ভূমি নাই৷ মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে নামঘৰ, মন্দিৰ, ক্লাৱকে ধৰি সামাজিক সংগঠনসমূহকো ভূমিৰ পট্টা প্রদান কৰা হব৷ ধেমাজি জিলাৰ বহু অঞ্চলত ট্ৰাইবেল বেচ্ট এণ্ড ব্লক আছিল আৰু তাৰ কাৰণে মৰাণ, মটক, আহোম, গোর্খা আদিয়ে মাটিৰ পট্টা লাভ কৰা নাছিল৷ এইবাৰ এই জনগোষ্ঠীসমূহক সুৰক্ষিত শ্রেণীত অন্তর্ভুক্ত কৰাৰ বাবে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে খিলঞ্জীয়া লোকসকলে যদি নিজৰ ভূমিত বসবাস কৰি থাকে তেতিয়া হলে মিছন বসুন্ধৰা ৩.০ত তিনিটা প্রজন্মৰ নথিপত্র জমা দিয়াৰ প্রয়োজন নাথাকিব৷ ইয়াৰ ফলত এইবাৰ যিসকল বাদ পৰি গৈছে তেওঁলোকে ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হব৷ বর্তমানৰ ৰাজ্য চৰকাৰৰ দিনত এক আমূল পৰিৱর্তন সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে এইবছৰ ৪০ লাখ লোকক নতুনকৈ ৰেচন কার্ড প্রদান কৰা হৈছে আৰু যিসকল বাদ পৰি গৈছে সেই সকলকো প্রদানৰ ব্যৱস্থা কৰা হব৷ অসমত চাকৰি দিয়াৰ নামত দালালি সম্পূর্ণৰূপে বন্ধ কৰা হৈছে বুলিও তেওঁ কয়৷ অৰুণোদয়ৰ বৃক্ষজোপা বাঢ়ি গৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এইবাৰৰ বাজেটত আৰু ৩ লাখ লোকক অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰি লোৱাৰ বাবে ব্যৱস্থা গ্রহণ কৰা হব৷  অৰুণোদয় আৰু ৰেচন কার্ড থকা পৰিয়ালৰ মুখ্য ব্যক্তিজনৰ নামত চৰকাৰী খৰচত বীমাৰ ব্যৱস্থা কৰা হব৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে মাইক্র ফাইনেন্সৰ ঋণ ৰেহাই, চিকিৎসা মহাবিদ্যালয় স্থাপন, নতুন পথ নির্মাণ, নতুন ৰাষ্ট্রীয় ঘাইপথ নির্মাণ আদিৰ কথা উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহক ৮ কোটি টকাকৈ প্রদান কৰি আন্তঃগাঁথনি শক্তিশালী কৰা হব৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে অহা ১ মার্চৰ পৰা ১৫ মার্চৰ ভিতৰত ৫০০ খন বিদ্যালয়ক ৮ কোটি টকাকৈ প্রদান কৰি বিদ্যালয়সমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ কাম আৰম্ভ কৰা হব৷ ২০২৮–২৯ বর্ষৰ ভিতৰত সমগ্র বিদ্যালয়সমূহক এটা নতুন কায়কল্প প্রদান কৰা হব৷ যোৱা দুটা বছৰৰ ভিতৰতে কেন্দ্রীয় চৰকাৰৰ সকলোবোৰ আঁচনি জনসাধাৰণৰ দুৱাৰডলিত উপনীত কৰাটো সম্ভৱ হৈ উঠিছে৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী আৱাস যোজনা আৰু মুখ্যমন্ত্রী আৱাস যোজনাৰ অধীনত দৰিদ্র লোকসকলে গৃহ লাভ কৰিবলৈ সক্ষম হব৷ মুখ্যমন্ত্রীয়ে লগতে চিচিবৰগাঁৱক মহকুমা অথবা উপ–জিলা হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ লোৱা হব৷ অহা ১ জুলাইৰ পৰা নতুন মহকুমাৰ কাম আৰম্ভ কৰা হব৷ মুখ্যমন্ত্রীয়ে কয় যে প্রতিটো মথাউৰিকে পথ হিচাপে নির্মাণ কৰা  পদক্ষেপ লোৱা হৈছে৷ অনুষ্ঠানত সাংসদ প্রদান বৰুৱা, বিধায়ক ভূৱন পেগু, মিছিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ভৈৰৱ দেউৰী, জিলা আয়ুক্ত অংকুৰ ভডাঁলী, ছাত্র আৰু যুৱ কল্যাণৰ ৰাজ্যিক পর্যায়ৰ পৰামর্শদাতা সমিতিৰ সদস্য-সচিব গীতার্থ গোস্বামী, বিশিষ্টা সমাজকর্মী ৰূপা কামান, ধেমাজি উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ তুলেন কোঁৱৰ, চিলাপথাৰ পৌৰসভাৰ সাভনেত্রী  লাৱণ্য দলে পাইত, বিশিষ্ট সমাজকর্মী লক্ষীধৰ শেনছোৱাকে ধৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে ধেমাজিৰ চিলাপথাৰস্থিত মাদুৰীপথাৰত মহাবীৰ লাচিত বৰফুকনৰ এটি প্রতিমূর্তিও উন্মোচন কৰে৷
You might also like