নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : এক অধিক স্বচ্ছ ভৱিষ্যতৰ দিশে

ভাৰতে ২০২২ চনৰ ১ ডিচেম্বৰত আন্তঃৰাষ্ট্রীয় সহযোগিতাৰ মুখ্য আন্তঃচৰকাৰী মঞ্চ জি–২০ৰ অধ্যক্ষতা গ্রহণ কৰিছে৷ ক’ভিডৰ পাছত বিশ্ব ক্রমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা তথা বিশ্বজুৰি মন্দাৱস্থাৰ আশংকা অধিক হৈ অহাৰ সময়ত ভাৰতৰ এহ অধ্যক্ষতা আশা, সপোন আৰু আকাংক্ষাৰ সন্মিলন হিচাপে বিবেচিত হৈছে৷ পূর্বে গোলকীয় উষতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ প্রত্যাহ্বান কেতিয়াও আজিৰ দৰে মাত্রাধিক হোৱা নাছিল৷ বিশ্ববাসীয়ে উদ্বিগ্নতাৰে এনে কিছুমান গুৰুত্বপূর্ণ বিষয়ৰ সমাধান বিচাৰি আছে৷ পূর্বৰ জি–২০ অধ্যক্ষতাসমূহৰ প্রচেষ্টা আৰু ফলাফলৰ ওপৰত নির্ভৰ কৰি সকলোৰে বাবে এক বহনক্ষম ভৱিষ্যৎ গঢ়ি তোলাৰ বাবে বিশ্বজোৰা সহযোগিতাৰ নতুন ক্ষেত্রত প্রৱেশ কৰাহ হ’ল ভাৰতৰ অধ্যক্ষতাৰ লক্ষ্য৷ ভাৰতৰ অধ্যক্ষতাৰ বিষয়বস্তু– ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ’ বা ‘বসুধৈৱ কুটুম্বকম’ৰ মতে আমি আমাৰ ‘এক পৃথিৱী’ক আৰোগ্য কৰি তোলা, আমাৰ ‘এক পৰিয়াল’ৰ মাজত সমন্বয় সৃষ্টি কৰা আৰু আমাৰ ‘এক ভৱিষ্যত’ৰ বাবে আশা প্রদান কৰাৰ দিশত কাম কৰিবলৈ প্রতিশ্রুতিবদ্ধ৷ ভাৰতে আজি বিশ্বৰ দ্রুততম উন্নয়নশীল অর্থনীতিসমূহৰ ভিতৰত স্থান লাভ কৰিছে৷ এই অর্থনীতিয়ে বিশ্বৰ জনসংখ্যাৰ প্রায় ১% সামৰি থকা সত্ত্বেও আমি বিকাশ ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱর্তন হ্রাস কৰাত যথেষ্ট ভাল প্রদর্শন কৰিছোঁ৷ ২০২২ চনৰ জলবায়ু পৰিৱর্তন প্রদর্শন সূচকত (চি চি পি আই) আমি শীর্ষৰ ৫খন প্রদর্শনকাৰী দেশৰ ভিতৰত স্থান লাভ কৰিছো৷ ভাৰতে নিম্ন কার্বন অর্থ ব্যৱস্থালৈ ৰূপান্তৰৰ ক্ষেত্রতো বিশ্বক নেতৃত্ব প্রদান কৰি আছে৷ আমি ইতিমধ্যে অজীৱাশ্ম ইন্ধন ক্ষমতা সংযোজনৰ ওপৰত আমাৰ প্রতিশ্রুতিত উপনীত হৈছো আৰু এয়া হয়াৰ ৰাষ্ট্রীয় নির্ধাৰিত প্রতিশ্রুতি (এন ডি চি) অনুসৰি ২০৩০ চনৰ লক্ষ্য বর্ষতকৈ বহু পূর্বে সমাধা হৈছে৷ শেহতীয়া এন ডি চি অনুসৰি ভাৰতে এতিয়া ২০৩০ চনৰ ভিতৰত নিজৰ জি ডি পিৰ নির্গমনৰ তীব্রতা ২০০৫ চনৰ স্তৰৰ তুলনাত ৪৫ শতাংশ হ্রাস কৰিবলৈ প্রতিশ্রুতিবদ্ধ হৈ আছে৷ ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম ইন্ধনভিত্তিক শক্তি সম্পদৰ পৰা প্রায় ৫০ শতাংশ বৈদ্যুতিক শক্তি স্থাপন ক্ষমতা আহৰণ কৰিবলৈও ভাৰত প্রতিশ্রুতিবদ্ধ৷ যুৱ জনসংখ্যা, ক্রমবর্ধমান নগৰীকৰণ, ডিজিটেলাইজেচন, প্রযুক্তিৰ অভিযোজন আৰু ষ্টার্ট আপৰ বৃদ্ধিৰ সৈতে ভাৰতৰ প্রধান লক্ষ্য হৈছে বহনক্ষমভাৱে সুলভ মূল্যৰ শক্তিৰ ব্যৱহাৰৰ সুবিধা সকলোলৈ আগবঢ়োৱা৷ দেশখনে সাম্প্রতিক সময়ত এই উদ্দেশ্যসমূহত সফল হোৱাৰ ক্ষেত্রত গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিছে৷ আমি পূর্বৰ ঘাটিৰ তুলনাত এতিয়া এক বিদ্যুৎ উদ্বৃত্ত ৰাষ্ট্রত পৰিণত হৈছো৷ আমি এক সংহত ৰাষ্ট্রীয় গ্রিড স্থাপন কৰিছোঁ, বিতৰণ নেটৱর্ক শক্তিশালী কৰিছোঁ, নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ অংশগ্রহণকাৰী হিচাপে আত্মপ্রকাশ কৰিছো আৰু সার্বজনীন ঘৰুৱা বিদ্যুতীকৰণৰ লক্ষ্যত উপনীত হৈছো৷ ভাৰতৰ হন্ধন মিশ্রণ যথেষ্ট বৈচিত্র্যপূর্ণ৷ চৰকাৰে নতুন প্রযুক্তি আৰু উদ্ভাৱনৰ জৰিয়তে স্বচ্ছ বিদ্যুৎ উৎপাদনত ভাৰতৰ ক্ষমতা বৃদ্ধিৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ ২০২৬ চনৰ ভিতৰত নতুন ক্ষমতা সংযোজন দুগুণ কৰাৰ লক্ষ্যৰে ভাৰতত নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ দ্রুত হাৰত বৃদ্ধি পাহছে৷ ভাৰতৰ শক্তি মিশ্রণত সৌৰ আৰু বায়ুৰ অংশ অসাধাৰণভাৱে বৃদ্ধি পাহছে৷ দেশখন আধুনিক জৈৱশক্তিৰ ক্ষেত্রত বিশ্বৰ অন্যতম বৃহৎ উৎপাদক৷ সেউজ হাইড্র’জেনে অর্থব্যৱস্থাক কার্বনমুক্ত কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব আৰু দেশখনে সেউজ হাইড্র’জেন উৎপাদন আৰু ৰপ্তানিৰ বাবে এক গোলকীয় কেন্দ্র হোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ ভাৰতে বিশ্বৰ দ্রুততম বিকাশশীল নৱীকৰণযোগ্য শক্তিৰ (আৰ ই) ক্ষমতাসম্পন্ন দেশ হিচাপে আত্মপ্রকাশ কৰিছে৷ হয়াৰ জৰিয়তে ভাৰত নৱীকৰণযোগ্য শক্তিৰ বাবে আটাহতকৈ আকর্ষণীয় বিনিয়োগৰ কেন্দ্রস্থল হৈ উঠিছে৷ এহ প্রচেষ্টাসমূহে ভাৰতক নিজৰ প্রয়োজনীয়তা পূৰণ কৰাত সহায় কৰাৰ লগতে গোলকীয় কার্বন–ডাই–অক্সাইড্ নির্গমন হ্রাস কৰাৰ বাবে গোলকীয় প্রচেষ্টাত অৰিহণা যোগাইছে৷ নীতিগত ব্যৱস্থা আৰু প্রশমনৰ ওপৰত গুৰুত্ব দিয়াটো গুৰুত্বপূর্ণ যদিও ব্যক্তি আৰু সমুদায়ৰ ওপৰত গুৰুত্ব দিয়াটোও অতি প্রয়োজনীয় যাতে সুনির্দিষ্ট তথা গুণগত পৰিৱর্তন আনিব পাৰি৷ ভাৰতে স্বচ্ছ ভাৰত অভিযান, উজ্জ্বলা আঁচনি বা গিভ ইট আপ অভিযানৰ দৰে পদক্ষেপৰ জৰিয়তে বিকাশ আৰু সামাজিক আৰু আচৰণগত পৰিৱর্তনৰ ক্ষেত্রত গুৰুত্বপূর্ণ সফলতা প্রদর্শন কৰিছে৷ ২০২১ চনত গ্লাছগোত চি অ’ পি ২৬ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রৱর্তন কৰা গোলকীয় পদক্ষেপ– লাইফ বা লাহফ ষ্টাইল ফৰ দ্য এনভাইৰনমেণ্টক আগুৱাই নিয়াৰ বাবে ভাৰত বর্তমান সাজু হৈছে৷ লাইফ–এ ব্যক্তি আৰু সমুদায়ক পৰিৱেশ সুৰক্ষিত আৰু সংৰক্ষণ কৰাৰ বাবে ‘অবিবেচক আৰু ধ্বংসাত্মক’ ব্যৱহাৰৰ পৰিৱর্তে এক আন্তর্জাতিক গণ আন্দোলন হিচাপে হয়াক আগুৱাই নিবলৈ/নির্মাণ কৰিবলৈ আহ্বান জনাইছে৷ লাইফ–এ পৃথিৱীৰ সৈতে খাপ খোৱা আৰু ইয়াৰ ক্ষতি নকৰা জীৱন যাপন কৰিবলৈ মানুহৰ ব্যক্তিগত আৰু সামূহিক কর্তব্যৰ কথা সোঁৱৰাই দিয়ে৷ ১.৪ বিলিয়নতকৈও অধিক লোকে বসবাস কৰা এক বৃহৎ উন্নয়নশীল অর্থনীতি হিচাপে ভাৰতৰ জলবায়ু অভিযোজন আৰু প্রশমন উচ্চাকাংক্ষা কেৱল ভাৰতৰ বাবেই নহয়, সমগ্র ধৰিত্রীৰ বাবেও আৱশ্যকীয়৷ নৱীকৰণযোগ্য শক্তিৰ ৰূপান্তৰৰ ক্ষেত্রত ভাৰতৰ আকর্ষণীয় অগ্রগতিয়ে এহ কথাকে প্রমাণ কৰিছে যে দেশসমূহে তেওঁলোকৰ প্রয়োজনীয়তা পূৰণ কৰিবলৈ তেওঁলোকৰ সম্পদ ব্যৱহাৰ কৰাৰ ক্ষেত্রত বুদ্ধিদীপ্ত বাছনি কৰি সফল হ’ব পাৰে৷ ভাৰতৰ জি–২০ অধ্যক্ষতাই সকলোৰে বাবে এক বহনক্ষম ভৱিষ্যৎ গঢ়ি তুলিবলৈ সদস্য দেশসমূহৰ মাজত এক ন্যাসৰক্ষীৰ ৰূপত সহযোগিতা গঢ়ি তুলিব৷

আৰ কে সিং

কেন্দ্রীয় শক্তিমন্ত্রী

You might also like