নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহে তলাবন্ধ : অসম বহুমুখী সমবায় সমিতিৰ বিষয়া-কৰ্মচাৰী-গ্ৰাহকৰ হাহাকাৰ

বিশেষ বাৰ্তা, ৫ ফেব্ৰুৱাৰী : সম্প্ৰতি অসম বহুমূখী সমবায় সমিতিৰ ৰাজ্যখনত থকা সকলো সক্ৰিয় -নিষ্ক্ৰিয় শাখাসমুহত সম্প্ৰতি বিষয়া কৰ্মচাৰী, অভিকৰ্তা, অংশীদাৰ তথা গ্ৰাহকসকলৰ মাজত এক  ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখযোগ্য  যে অসম বহুমূখী সমবায় সমিতিৰ একাংশ শাখাত তথা মূখ্য কাৰ্যালয়ত আভ্যন্তৰীণ বিত্তীয় কেলেংকাৰি, বিসংবাদৰ বাবে  বিভিন্ন পক্ষৰ  অভিযোগ মৰ্মে  অসম চৰকাৰৰ সমবায় বিভাগে এক জৰুৰী কালীন নিৰ্দেশ অনুসৰি সমিতিৰ মুখ্য কাৰ্যালয়কে ধৰি প্ৰায় ২৪০টা শাখাত যোৱা ৩০ ডিচেম্বৰৰ  ২০২২ তাৰিখে হিচাপ পৰীক্ষা (অডিট) কৰাৰ  প্ৰসংগত প্ৰথম পৰ্য্যায়ত ১৫ দিনৰ বাবে তলা লগাই দিয়ে। ক্ৰমে ইয়াৰ ম্যাদৰ  নিৰ্দেশ বৃদ্ধি কৰি ৩১ জানুৱাৰী আৰু শেষতীয়া ভাবে পুনৰ ২০ ফেব্ৰুৱাৰী ২০২৩লৈ বৃদ্ধি কৰাত ৰাজ্য খনত থকা সক্ৰিয় শাখাসমুহত বিষয়া কৰ্মচাৰী তথা গ্ৰাহক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কাৰন প্ৰায়সংখ্যক নিয়মীয়া শাখাত দৈনন্দিন কাম কাজ নিয়াৰিকৈ চলি থকা সময়ত তথা কিছুমান শাখাত অতি  সুন্দৰ  ভাৱে লেন -দেন চলি থকাৰ সময়ত এনেদৰে হঠাত  প্ৰশাসনে  তলা লগাই দিয়াৰ বাবে এক  আচহুৱা পৰিবেশৰ শৃষ্টি  হৈছে । ঠাই বিশেষে  অভিকৰ্তা তথা  বিষয়া  কৰ্মচাৰী সকলে গ্ৰাহকৰ মাজত ঘৰে ঘৰে গৈ সভা সমিতি পাতি  শংকিত নহবলৈ অনুৰোধ জনাইছে  যদিও সমিতিৰ কাৰ্য্যালয় খোলাৰ সঠিক দিন তাৰিখ  ঘোষনা কৰিব নোৱাৰাত জীবন -মৰনৰ আশংকাত দিন কটাব লগাত পৰিছে অভিকৰ্তাৰ লগত  বিষয়া কৰ্মচাৰী সকলে । উল্লেখযোগ্য যে ঠাই বিশেষে গ্ৰাহকৰ  হেচা, বেয়া ব্যবহাৰ গালি-গালাজ সমালোচনাক সহ্য কৰিব নোৱাৰি বহুকেইজন অভিকৰ্তা ই  শাখা পৰিচালকক আত্মজাহৰ ভাবুকিও প্ৰদান কৰিছে। আনহাতে নিয়মীয়াভাৱে চলি থকা শাখা সমুহে গ্ৰাহকক  প্ৰদান কৰা ঋন সমূহৰ ক্ষেত্ৰতো দুঃচিন্তাত ভূগিছে শাখা পৰিচালকসকল। গতিকে এই সন্দৰ্ভত অসম বহুমূখী সমবায় সমিতিৰ কৰ্মচাৰী ইউনিয়নে অসমৰ  মুখ্যমন্ত্ৰীক ড. হিমন্ত বিশ্ব শৰ্মাক সমিতিৰ  হাজাৰ হাজাৰ কৰ্মচাৰী আৰু  গ্ৰাহকৰ  মাজত সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে শাখা সমুহ খুলি দিয়াৰ বাবে কাতৰ অনুৰোধ জনাইছে। লগতে সমিতি খনৰ বিত্তীয় কেলেংকাৰীত জড়িত তথা বিগত ৩০ বছৰে  সমিতিৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ জীৱনৰ লগত হেতালী  খেলা ব্যক্তি, বিষয়াক কঠোৰ শাস্তি প্ৰদান কৰি  ঠাই বিশেষে দোষ -ক্ৰুটি আতৰাই সমিতি খনক শক্তিশালী কৰাৰ বাবে পাৰদৰ্শী  চৰকাৰী  বিষয়াৰ  অন্তভুক্তিৰে শক্তিশালী সঞ্চালক মণ্ডলী গঠন কৰি সমিতি খনক  পুনৰ জীবিত কৰনৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে অসম বহুমূখী সমবায় সমিতিৰ বন্ধ হৈ থকা শাখা সমুহত গ্ৰাহক ৰাইজৰ সঞ্চিত ধনৰ ক্ষেত্ৰত সৃষ্টি হোৱা শংকা সমূহ দুৰ কৰিবলৈ চৰকাৰী ভাৱে এক জাননী যোগে ৰাইজক আশ্বস্ত কৰিবলৈকো কৰ্মচাৰী ইউনিয়নে কৰযোৰে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।
প্ৰেৰক অমিতাভ বৰুৱা
You might also like