নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিক’ডিং জীৱন : তর্জনী আঙুলি

পার্থসাৰথি মহন্ত

তর্জনী আঙুলি৷ টোঁৱাবলৈ খুব সহজ৷ বহুতেই কয়– ‘নোটোঁৱাবা’৷ বাকীকেইটা আঙুলি নিজৰ ফালে টোঁ খাই থাকে৷ টোঁওৱাজনে ভাবে– বুঢ়া আঙুলিটোৰে বাকী তিনিটা ঢাকি থৈছে৷ আনে দেখা নাই৷ আঁঠু জোকাৰ খোৱাৰ আগতেই উঠি যায় তর্জনী আঙুলি৷

আমি প্রশ্ন কৰোঁ, দোষ দিওঁ, সমালোচনা কৰোঁ৷ আনক৷ নিজক নহয়৷ কেৱল সহজ কাৰণে আমি আনক সমালোচনা কৰোঁনে নে আমাৰ সচেতন–ৱচেতন মনত এনেকুৱা কিবাকিবি ডাইনেমিক্ছ চলি থাকে যে আমি সুবিধা পালেই আনৰ সমালোচনা আৰম্ভ কৰি দিওঁ৷

সমালোচনা দৰকাৰী৷ বেয়া কামৰ৷ ভাল কামৰ যেনেদৰে প্রশংসা হ’ব লাগে, বেয়া কামৰো তেনেদৰে সমালোচনা হ’ব লাগে৷ কিন্তু এই সমালোচনা যেতিয়া আন কাৰোবাক অৱনমিত কৰাৰ আহিলা হৈ পৰে, তেতিয়া কেতিয়া?

যেতিয়া আমি আনক লৈ আৰিষ্ট হৈ থাকোঁ, যেতিয়া আমি আনক লৈ ব্যস্ত হৈ থাকোঁ, যেতিয়া আমি আনক লৈ ব্যগ্র হৈ থাকোঁ৷ এটা যেন অবচেচন৷ এই অবচেচন আনৰ প্রতি থকা আমাৰ ঈর্ষা বা হিংসাৰ বাবেও হ’ব পাৰে৷ তেতিয়াতো আমি সম্পূর্ণ বেবেৰিবাং সমালোচনা কৰি পেলাওঁ৷ আমি ভাবোঁ যে আমি যুক্তিপূর্ণ কাম কৰিছোঁ বা কথা কৈছোঁ, কিন্তু আমি যে একেবাৰে সংহতিহীন কথা কৈ আছোঁ, উপলব্ধিয়েই নকৰোঁ৷ তেনে ক্ষেত্রত আমি গোটেইখিনি কথা সম্পূর্ণকৈ গম পোৱাৰ আগতেই সমালোচনাত মুখৰ হৈ উঠোঁ৷ আচলতে আমি কথাখিনি জানিবলৈ নৰওঁৱেই৷ কাৰণ, আমাৰ অৱচেতন মনটো এনে এটা মুহূর্তৰ কাৰণে ৰৈয়ে আছিল৷ কাৰোবাৰ ব্যক্তিত্ব, শক্তি, সামর্থ্যক লৈ আমাৰ মনত ঈর্ষা আছে৷ তেওঁৰ ভাল দেখিলে আমাৰ মন বেয়া হয়৷ তেওঁ আৰু ওপৰলৈ যাব বুলি আমাৰ শংকা হয়৷ আমি কেতিয়াও তেওঁ হ’ব নোৱাৰিম বুলিও আমি জানো৷ কি কৰিম? কিবা এটা সুবিধা পাইছোঁ– সমালোচনা কৰিম৷

সন্মুখত নোৱাৰোঁ৷ পাছৰ পৰা কৰিম৷ লুকাই লুকাই কৰিম৷ এটা সাত্ব্ন্না লভিম– নেফানেফ কৰি পেলালোঁ বুলি৷ লগতে আৰু এটা তৃপ্তি পাওঁ– যাৰ আগত সমালোচনা কৰিছোঁ, সেইসকলৰ তেওঁৰ প্রতি ইম্প্রেছন বেয়া কৰি দিলোঁ বুলি৷ পিছে ভুকি থকা কুকুৰৰ প্রতি ভ্রূক্ষেপ নকৰাকৈ হাতী যেনেকৈ নিজৰ ৰাস্তাত গৈ থাকে, তেৱোঁ তেনেকৈ নির্লিপ্ত৷ নিজৰ ৰাস্তাত৷ নিজৰ কামত৷ আমি মাত্র ভুকাৰ আনন্দ লওঁ৷

লগতে ভাবি লওঁ, সকলোখিনি আমাৰ নিয়ন্ত্রণত আছে, আমাৰেই কর্তৃত্ব চলি আছে৷ হাতীটো যে গৈ আছে, আমি পলাই যোৱা বুলিও ভাবি লওঁ৷ মানে তেনেকৈ ভাবি মনটো ভাল লগাওঁ৷ কাৰণটো হ’ল, আমাৰ অহং ভাব৷ আমাৰ হিমালয়সদৃশ ইগ’৷ কর্মক্ষেত্র বা সামাজিক পৰিৱেশত যেতিয়া কেইজনমান লোক লগ হৈ কথা হয় বা বহু লোকৰ সমাৱেশ হয়, তেনে পৰিস্থিতিত আমি অনুপস্থিত এজনৰ প্রতি আঙুলি টোঁৱাই ভাল পাওঁ৷ সেই মানুহটোক ফালি পেলাইছোঁ বুলি এক তৃপ্তি লভোঁ আৰু ময়েই শ্রেষ্ঠ বুলি অনুভৱ কৰোঁ৷

কাৰণ, আমি কিছুমান অতি চয়তান৷ যেতিয়াই আমি কাৰোবাক বেয়া বুলি দেখুৱাব খোজোঁ, তেতিয়াই আমি তেওঁক সমালোচনা কৰোঁ৷ দৰকাৰ হ’লে সাজি সাজি কথা ক’ম, কিন্তু বেয়া ক’ম৷

আমি অৱশ্যে কেতিয়াবা এটেনচন বিচাৰিও এনেকুৱা কৰোঁ৷ আমি যেতিয়া দেখোঁ যে আমাক দেখোন পাট্টাই দিয়া নাই, আমি অলপ সমালোচনা কৰি দিওঁ৷ সামাজিক মাধ্যমততো আৰু সুবিধা৷ ক’ৰবাত কিবা এটা পোষ্ট আহিছে৷ বচ্৷ কমেণ্ট দি দিয়া৷ আমি নিজে মহাবীৰ অনুভৱ কৰিলোঁ৷ ইফালে, সিজনে গমেই পোৱা নাই৷ গম পালেও ইমান অদৰকাৰী মানুহৰ অদৰকাৰী কথাত মূৰ ঘমোৱাৰ সময় নাই৷ আমি কিন্তু সুখী হৈ গ’লোঁ৷

আচলতে আমি যাক আঙুলি টোঁৱাওঁ, আমি তেওঁ আনৰ পৰা পোৱাৰ দৰে প্রশংসা, শ্রদ্ধা, সন্মান পাব বিচাৰোঁ৷ গুৰুত্ব বিচাৰোঁ, যেতিয়া নাপাওঁ তেতিয়া নিজকে তেওঁতকৈ জ্ঞানী বুলি জাহিৰ কৰিবলৈ সুবিধা এটা পালেই তেওঁলৈ আঙুলি টোঁৱাওঁ৷

আমি হতাশ হৈ পৰোঁ৷ আমি যেতিয়া তেওঁ হ’ব নোৱাৰোঁ, আমি তেতিয়া তেওঁৰ ভুল খোঁচৰাৰ চেষ্টা কৰোঁ৷ তেওঁৰ ভুল নহওক, কোনো কথা নাই৷ আমাৰ হাতত সকলো তথ্য নাই, কোনো কথা নাই৷ যি তথ্য আছে, সঁচা হয় নে নহয় নাজানো, কোনো কথা নাই৷ মই এটা সুবিধা পাইছোঁ বুলি ভাবিছোঁ আঙুলি টোঁৱাবলৈ, মই এৰি নিদিওঁ৷

এই যে আনে আমাক আঙুলি টোঁৱায়, আমাক কিমান এফেক্ট কৰে বাৰু? তাৰ আগতে প্রশ্ণ হ’ল, আমি এই আঙুলিটোক কিমান গুৰুত্ব দিব লাগে? এই উত্তৰৰ আগতে কেইটামান কথা মনত পেলাই লওঁ৷ কাৰণ আনে টোঁৱাই থকা তর্জনী আঙুলিটো দেখিলে আমি অলপ উত্তেজিত হৈ পৰোঁ আৰু এই কথাবোৰ পাহৰি যাওঁ৷

আমাক যিয়ে আঙুলি টোঁৱায়, তেওঁৰ চিন্তা–মানসিকতাহে সেই আঙুলিটোত ৰিফ্লেক্ট হয়৷ সেই প্রশ্ণ–মন্তব্য তেওঁৰ সীমিত চিন্তাশক্তি আৰু ক্ষুদ্র মনৰহে সৃষ্টি৷ এই দুর্বলতা, এই কাপুৰুষালি বা আত্মবিশ্বাসহীনতা লুকাই–চুৰকৈ আঙুলি টোঁওৱা স্বভাৱটোতে ওলাই পৰে৷ আত্মবিশ্বাসী, স্বাভিমানী, শক্তিশালী মানুহে আঁৰত থাকি চৰিত্র হনন নকৰে৷ আৱেগতকৈ তেওঁৰ বিবেক বেছি শক্তিশালী৷ দুর্বলীখিনিৰ সবল চিন্তাশক্তি নাথাকিব পাৰে৷ কিন্তু আৱেগিক হৈ নিজৰ কল্পনাৰে তেওঁলোকে গল্প সৃষ্টি কৰিব পাৰে৷ টিভি ছিৰিয়েলত থকা টুইষ্টো দিব পাৰে৷ সঁচা নহয় বুলি যিহেতু জানেই, লুকাই–চুৰকৈ আঙুলিকে টোঁৱাই থাকে৷

অর্থাৎ, সফলতাৰ মাপকাঠীত যি তোমাতকৈ তলত, তেওঁহে তোমাক পাছফালৰ পৰা আঙুলি টোঁৱায়৷ লুকাই লুকাই তোমাক এইম্ কৰি যিমান তর্জনী আঙুলি টোঁৱাব, তুমি সিমানেই সফল, সিমানেই ওপৰত৷ তেওঁলোকে সেই আঙুলিটোহে টোঁৱাব পাৰে, তুমি যি কৰা, সেয়া কৰাৰ সাহস কেতিয়াও গোটাব নোৱাৰে৷

ফোনঃ ৯৪৩৫০–৪৮৪৮০

You might also like