নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচন মানেই ভূপেন বৰাৰ পইচা লোৱাৰ পৰ্ব : আজমলৰ বিস্ফোৰণ

বিশেষ বাৰ্তা, ২৭ ফেব্রুৱাৰীঃ যোৱা বছৰ অনুষ্ঠিত ৰাজ্যসভা নির্বাচন, ৰাষ্ট্রপতি নির্বাচনেই নহয়, বিগত লোকসভা নির্বাচনতো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈছিল প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই মহাবিস্ফোৰণ ঘটাইছে এ আই ইউ ডি এফৰ সভাপতি, সাংসদ বদৰুদ্দিন আজমলে৷ আজমলে এই গুৰুতৰ অভিযোগ সম্পর্কত কয় যে এই সম্পর্কত তেওঁৰ হাতত তথ্য–প্রমাণ মজুত আছে৷ আসন্ন লোকসভা নির্বাচনৰ ১৮ দিন পূর্বে তেওঁ তথ্য–প্রমাণ ৰাজহুৱা কৰিব৷ উল্লেখ্য যে কেইদিনমান পূর্বে আজমলে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই তেওঁলোকৰ পৰাও ‘মাল’ লয় আৰু মুখ্যমন্ত্রীৰ পৰাও মাল লৈ দুয়োফালে ছেটিঙত থকাৰ গুৰুতৰ অভিযোগ তুলিছিল৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাই আজমলৰ সেই অভিযোগ পোনছাটেই নস্যাৎ কৰি তেওঁ যদি ১০০ টকা লোৱাৰো প্রমাণ কৰিব পাৰে, তেন্তে তেওঁ ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব বুলি ঘোষণা কৰে৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি আজমলে কয় যে ভূপেন বৰাই ১০০ টকা লোৱা নাই, বহু বেছি পৰিমাণৰ ধন লৈছে৷ ১০০ টকা ল’বলৈ ভূপেন বৰা ভিক্ষাৰী নেকি? ভূপেন বৰাই যোৱা ৰাজ্যসভা নির্বাচন, লোকসভা নির্বাচন, ৰাষ্ট্রপতি নির্বাচনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৰা টকা লৈছিল৷ লাইন পাতি টকা লৈছিল৷ অহা লোকসভা নির্বাচনৰ পূর্বে তাৰ প্রমাণ দিম৷ নির্বাচনৰ ১৮ দিন আগত সেই প্রমাণ দিম৷ এই প্রসংগতে আজমলে আৰু কয় যে মুখ্যমন্ত্রী ড০ শর্মাই ইতিপূর্বে কৈছে, কংগ্রেছত তেওঁৰ বিনিয়োগ আছে৷ ইয়াৰ পাছত আৰু কি প্রমাণৰ প্রয়োজন? আনহাতে মুখ্যমন্ত্রী ড০ শর্মাৰে তেওঁৰ ঘনিষ্ঠতাৰ প্রসংগত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত আজমলে কয় যে তিনি মাহৰ মূৰত তেওঁ মুখ্যমন্ত্রীৰ সৈতে এবাৰ কথা পাতে আৰু স্মাৰক–পত্র দিয়ে৷ তেওঁ যদি মুখ্যমন্ত্রীৰ সৈতে কথা পাতে, সেয়া ৰেকর্ডিং কৰি দেখুৱাই দিয়ক৷ কংগ্রেছীসকলে সেয়া দেখুৱাই দিয়ক৷ যিসকল কংগ্রেছীয়ে ৰাতি ৰাতি মুখ্যমন্ত্রীৰ কাষলৈ যায়, সেইসকলে তেওঁক ভূতৰ দৰে দেখে৷ কাৰণ তেওঁলোক মুখ্যমন্ত্রীৰ ওচৰলৈ টকা আনিবলৈ যায়৷ তেওঁ থাকিলে টকা ল’ব নোৱাৰিব বাবেই তেওঁক ভূত দেখা দি দেখে৷ ইপিনে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বত গঠিত মহাজোঁটত এ আই ইউ ডি এফ দল থাকিব বুলি স্পষ্ট কৰি দি আজমলে কয় যে সেই জোঁটবন্ধনত কংগ্রেছ, তৃণমূল কংগ্রেছ, এন চি পি, নীতিশ কুমাৰৰ দলো থাকিব৷ এই প্রসংগতে তেওঁ ভূপেন বৰাৰ ‘পলিটিকেল চেন্স’ নাই বুলি উল্লেখ কৰি কয় যে কালি যদি সমগ্র ভাৰতত বিজেপিক প্রতিহত কৰাৰ বাবে সকলো বিৰোধী দল একগোট হৈ যায়, এ আই ইউ ডি এফ দল বাহিৰত থাকিব নেকি? ইতিমধ্যে এ আই ইউ ডি এফ দল নীতিশ কুমাৰৰ সৈতে সম্পূর্ণ যোগাযোগত আছে৷ তেতিয়া ভূপেন বৰাৰ অৱস্থা কি হ’ব? সেই সময়ত ভূপেন বৰাৰ প্রদেশ কংগ্রেছৰ সভাপতিৰ চকীয়েই নাথাকিব৷ আনহাতে অসমৰ মুছলমানসকল বর্তমানৰ চৰকাৰৰ দিনত ফূর্তিত আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা মন্তব্য সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি আজমলে কয় যে বর্তমান ৰাজ্যত যিমান উচ্ছেদ হৈছে, তাৰ ৯০ শতাংশই মুছলমান অধ্যুষিত অঞ্চলত হৈছে৷ বাল্য বিবাহবিৰোধী অভিযানতো মুছলমানসকলেই আক্রান্ত হৈছে৷ প্রথম দিনা মাজুলীত বাল্য বিবাহবিৰোধী অভিযানত হিন্দু লোকক ধৰা হ’ল৷ একেই ৰাতিৰ ভিতৰতে সকলোকে এৰি দিলে৷ কিন্তু বাল্য বিবাহবিৰোধী অভিযানত ধৰা মুছলমানসকল এতিয়াও জে’লত আছে৷ সেইদৰে বর্তমানৰ চৰকাৰৰ দিনত চতুর্থবর্গৰ চাকৰিৰ পৰাও মুছলমানসকল বঞ্চিত হোৱাৰ কথা উল্লেখ কৰি আজমলে কয় যে অহা ২০ বছৰৰ পাছত মুছলমানসকলে দেশ শাসন কৰিব৷ শিক্ষাৰ জৰিয়তে ২০ বছৰ পাছত যি চৰকাৰেই নাথাকক কিয়, যোগ্যতাৰ ভিত্তিত মুছলমান যুৱক–যুৱতীসকলক্ ডাঙৰ ডাঙৰ পদবীত চাকৰি দিবলৈ বাধ্য কৰিম৷ ইয়াৰ বাবে তেওঁ মুছলমান যুৱক–যুৱতীসকলক্ সুশিক্ষিত হোৱাৰ আহ্বান জনাই কয় যে মেধাৰ ভিত্তিত যাতে ডাঙৰ ডাঙৰ পদবীত মুছলমান যুৱক–যুৱতীসকল অধিষ্ঠিত হ’ব পাৰে, তাৰ বাবে এতিয়াৰে পৰাই আন কাম বাদ দি কষ্ট কৰিব লাগিব৷

You might also like