বিশেষ লেখাঃ শীতৰ অনুভৱ
শীতৰ দিনবোৰত জুহালৰ জুই কুৰাৰ কাষত বহি জুই সেকা, চোতালত বহি ৰ’দ পোওৱা আৰু নিহালিৰ ভিতৰত গা-ঢাকি শুই থকা অথবা গৰম গৰম চাহ-পকৰি খাই খাই আড্ডা পিতাৰ আমেজেই সুকীয়া । তাতে আকৌ গ্ৰীষ্মৰ উৎকট গৰমৰ বিপৰীতে শীতৰ কালছোৱাত প্ৰেমৰ অনভূতিবোৰো গাঢ় হৈ উঠে । অৱশ্যে জাৰৰ প্ৰচণ্ড প্ৰকোপত গাৰ নিহালিখনৰ সমান কি হ’ব পাৰে ?
পশ্চিমৰ বহু কবি-সাহিত্যিকে তেওঁলোকৰ ৰচনাত শীতকালটোক প্ৰাচুৰ্যহীন বুলি উল্লেখ কৰা দেখা যায় যদিও আমাৰ অসমত ই তেনেই প্ৰাণহীন নহয় কাৰণ, এই ঋতুত প্ৰকৃতি এফালে শুকান-নিৰস হৈ পৰিলেও আনফালে কিন্তু শীতকালীন কিছুমান ফল-মূল আৰু শাক-পাচলি যেনে ৰজনীগন্ধা, নাৰ্জি, ডালিয়া,ইন্দ্ৰমালতী,লাই-লফা,পালেং,গাজৰ,সুমথিৰা আদিৰে ভৰি পৰে । সৌন্দৰ্যৰ পোহাৰ মেলি ফুলি উঠা ফুলে শীতৰ বিষন্নতাক আঁতৰাই জীয়াই থকাৰ নতুন প্ৰেৰণা যোগায়,বতৰৰ নতুন শাক-পাচলিয়ে মানুহৰ খাদ্যাভ্যাস সলনি কৰি স্বাস্থ্য আৰু ৰূপ-সৌন্দৰ্যত সতেজতা প্ৰদান কৰে ।
শীতৰ এনে দ্ব্যৰ্থক ভূমিকাৰ বাবেই হয়তো দেশী-বিদেশী কবি-সাহিত্যিক সকলে শীতক ভিন্ন ভিন্ন দৃষ্টি ভংগীৰে লক্ষ্য কৰা দেখা যায় । নাট্যকাৰ উইলিয়াম ছেইক্সপিয়েৰে শীতক কেতিয়াবা Barren winter, with his wrathful nipping cold বুলি আৰু কেতিয়াবা the winter of our discontent বুলি উল্লেখ কৰিছে । আমেৰিকাৰ কবি কাৰ্ল চেণ্ডবাৰ্গে শীতৰ কুঁৱলী শব্দহীন ভাৱে মেকুৰী-খোজেৰে (The fog comes on little cat feet) আহে বুলি কোৱাৰ বিপৰীতে আকৌ সাৰা টিচডেলে A Winter Night ত শীতৰ প্ৰকোপক তৰোৱালৰ ধাৰৰ সৈতে তুলনা কৰি লিখিছে–
My window-pane is starred with frost,
The world is bitter cold to-night,
The moon is cruel, and the wind
Is like a two-edged sword to smite.
কাৰ্ল চেণ্ডবাৰ্গৰ কবিতাৰ ‘কুঁৱলী’ মেকুৰীৰ দৰে সন্তৰ্পনে আহি বন্দৰ আৰু চহৰখনৰ ফালে কিছুপৰ চাই থাকে আৰু ৰ’দ ওলাই অহাৰ লগে লগে তাৰ পৰা আঁতৰি যায়গৈ । সেই একেই অনুভৱেৰে লিখা স্কটলেণ্ডৰ কবি ৰবাৰ্ট ষ্টিভেনশ্যনৰ কবিতাত আমি দেখোঁ — তেওঁ শীতকালৰ বেলিটোক তেনেইএলেহুৱা বুলি বৰ্ণনা কৰিছে,কাৰণ ই বৰ পলমকৈ ওলায় আৰু এক-দুই ঘণ্টাৰ পাছত আকৌ নোহোৱা হৈ যায় ।
Late lies the wintry sun a-bed,
A frosty, fiery sleepy-head;
Blinks but an hour or two; and then,
A blood-red orange, sets again
বাংলাদেশৰ বিখ্যাত কবি মহম্মদ নুৰুল হুদাৰ ‘শীত এলে’ নামৰ কবিতাটিত দেখা যায়-শীতকাল অহাৰ লগে লগে জাকে জাকে চৰাই উৰি আহিছে আৰু সেই চৰাইবোৰৰ কল কাকলিত মুখৰিত হৈ উঠিছে চৌদিশ- ‘শীত এলে পাখিগুলি আসে/ হিমেল সমুদ্র ভেঙে আকাশে আকাশে/ ডানার কাঁপনে লাগে চঞ্চলিত বহতা সবুজ/ পাখিদের বুক যেন রাঙা তরমুজ/ পাখির বুকের কাছে/ আঁকাবাঁকা নদীগুলি হাসে… । ’তেনেদৰে কবি ৰবীন্দ্ৰনাথ ঠাকুৰ,নজৰুল ইছলাম আদিৰ কবিতাতো শীতৰ নৈসৰ্গিক সৌন্দৰ্য সুন্দৰ ৰূপত প্ৰতিফলিত হৈ উঠিছে ।
কবি জীৱনানন্দ দাশে কিন্তু শীতক ভিন্ন সময়ত ভিন্ন ভিন্ন দৃষ্টিৰে লক্ষ কৰিছে । তেওঁ যদি কেতিয়াবা শীতকালৰ নৈসৰ্গিক দৃশ্যত মুগ্ধ হৈছে,কেতিয়াবা আকৌ শীতক মৃত্যু অথবা বিষন্নতাৰ প্ৰতীক ৰূপেও ব্যৱহাৰ কৰিছে । ‘শীতরাত’ নামৰ কবিতাত তেওঁ লিখিছে–
এইসব শীতের রাতে আমার হৃদয়ে মৃত্যু আসে
বাইরে হয়তো শিশির ঝরছে, কিংবা পাতা…
আকৌ ‘নিৰ্জন স্বাক্ষৰ’ নামৰ কবিতাটিত কবিয়ে শীতক মৃত্যুৰ সৈতে তুলনা কৰাও আমি দেখা পাওঁ–‘যে নক্ষত্র মরে যায়, তাহার বুকের শীত/লাগিতেছে আমার শরীরে’।
শীতে মনলৈ বিষন্নতাৰ ভাৱো হয়তু কেতিয়াবা কঢ়িয়াই আনে । বাংলা সাহিত্যৰ বিখ্যাত কবি বুদ্ধদেব বসুয়ে আকৌ শীতৰ বুকুত নিজৰ মৃত্যু কামনা কৰিছে-
‘আমি যদি ম’রে যেতে পারতুম/এই শীতে,গাছ যেমন ম’রে যায়/সাপ যেমন ম’রে থাকে সমস্ত দীর্ঘ শীত ভ’রে…'(এই শীতে) ।
কিছুসংখ্যক কবিয়ে শীতক শ্ৰমজীবি মানুহৰ দৃষ্টিৰে লক্ষ কৰিছে । দুৰ্দশাগ্ৰষ্ট মানুহৰ বাবে শীত মানেই সমস্যাৰ ঋতু । জমিদাৰী শোষণৰ বলি হোৱা শ্ৰমজীৱি মানুহৰ অন্ন-বস্ত্ৰৰ সমস্যা । সেইবাবেই ‘জাৰৰ দিনৰ সপোন’শীৰ্ষক কবিতাত হেম বৰুৱাই লিখিছিল–
মৰা পৃথিৱীত তেজৰ আৰতি/এটা টুনি আহে দুটা টুনি আহে/এটা ধান নিয়ে/দুটা ধান নিয়ে/ধানৰ দ’মত তেজপিয়াৰ ৰণচালি…………
সুধাকণ্ঠ ভূপেন হাজৰিকাই ‘শীতৰে সেমেকা ৰাতি’ গীতত লিখিছিল বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাগি পৰা পঁজাটিত তুঁহজুই একোৰাত উমি উমি জ্বলি থকা ৰক্তিম এটি উত্তাপ হোৱাৰ বাসনাৰ কথা । তেনেদৰে মাথোঁ ২৬ বছৰ বয়সতে মৃত্যু হোৱা কবি সুকান্ত ভট্টাচাৰ্যও শীতৰ নৈসৰ্গিকতাত কেতিয়াও উচ্ছসিত হোৱা নাছিল । অভাৱ-অনাটন আৰু যক্ষ্মাৰোগত আক্ৰান্ত হোৱা কবি সুকান্ত ভট্টাচাৰ্য আছিল শ্ৰেণী সংগ্ৰামৰ কবি । তেওঁ দাৰিদ্ৰতাক অতি ওচৰৰ পৰা ভয়ংকৰ ৰূপত দেখিছিল । বিশ্বযুদ্ধই ধ্বংসস্তূপত পৰিণত কৰা কলিকতাৰ দুৰ্ভিক্ষৰ সময়ছোৱাত যি কবিয়ে ৰোমান্টিক বিলাসিতাত পূৰ্ণিমাৰ জোনক লৈ প্ৰেমৰ কবিতা লিখিব নোৱাৰিলে আৰু জোনক কল্পনা কৰিলে কেৱল ভোকৰ এডোখৰ ৰুটিৰ সৈতে, তেওঁ কেনেকৈ লিখিব শীতৰ নৈসৰ্গিক সৌন্দৰ্যকলৈ বিলাসী কবিতা ? পথৰ দাঁতি,অভাৰব্ৰিজ,প্লেটফৰ্মত বাস কৰা গৃহহীন ল’ৰা-ছোৱালীবোৰৰ বাবে শীত মানেই জীৱন-মৰণৰ সংগ্ৰাম । সেয়ে তেওঁ ‘প্ৰাৰ্থী’ নামৰ কবিতাটিত বৰ কাতৰভাৱে অন্ন-বস্ত্ৰ-গৃহহীন শিশুবোৰৰ বাবে ৰ’দ বিচাৰি লিখিছিল–
হে সূর্য,
তুমি আমাদের উত্তাপ দিও- শুনেছি, তুমি এক জলন্ত অগ্নিপিন্ড,
তোমার কাছে উত্তাপ পেয়ে পেয়ে
একদিন হয়তো আমরা প্রত্যেকেই,
এক একটা জ্বলন্ত অগ্নিপিন্ডে পরিণত হব!
তারপর সেই উত্তাপে যখন পুড়বে আমাদের জড়তা,
তখন হয়তো গরম কাপড়ে ঢেকে দিতে পারবো রাস্তার ধারের ঐ উলঙ্গ ছেলেটাকে।
আজ কিন্তু আমরা
তোমার অকৃপণ উত্তাপের প্রার্থী।
এয়াই শীতৰ অনুভৱ ।শীতকালটো কাৰোবাৰ বাবে যদি ভাল তেন্তে কাৰোবাৰ বাবে আকৌ বেয়া । কিন্তু কবি সুকান্ত ভট্টাচাৰ্যৰ দৰে আমি যেতিয়া অন্ন-বস্ত্ৰ-গৃহহীন মানুহবোৰক জাৰত কঁপি কঁপি জীৱন-মৰণৰ সৈতে যুঁজি থকা দেখোঁ তেতিয়া শীতক এটা অভিশাপ যেনেই লাগে ।
-
দীপক কুৰ্মী