নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ ১ নং দাৰাঙ্গাত দুটা দুষ্প্ৰাপ্য কেকো সাপসহ ৩জনক আটক এছএছবিৰ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ চিৰাং জিলাৰ বিজনীত এছএছবিৰ অভিযান।অভিযানত ১ নং দাৰাঙ্গাৰ পৰা দুটা কেকো সাপসহ তিনিজনক আটক কৰে এছএছবিয়ে। কুমাৰশালিস্থিত এছএছবিৰ ১৫ নং বেটেলিয়নৰ এলফা কোম্পানীৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বক এটা এছএছবিৰ দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় দুষ্প্ৰাপ্য কেকো সাপ দুটা। জব্দকৃত কেকো সাপ দুটাৰ ওজন ২৫০ গ্ৰাম।ধৃত ১ নং দাৰাঙ্গা নিবাসী দেৱ দাস(21), বঙাইগাঁৱৰ কীৰ্তনপাৰা নিবাসী বিপ্লৱ চন্দ্ৰ দাস(22) আৰু বঙাইগাঁৱৰ ৩ নং বাছবাৰী নিবাসী ৰঘুনাথ দাস(22) নামৰ কেকো সাপ ব্যৱসায়ী কেইটাই গোৱালপাৰাৰ আগীয়াৰ পৰা লৈ অহা সময়ত এছএছবিৰ অভিযানত ব্যৱসায়ী কেইটাই ব্যৱহাৰ কৰা AS 01BJ 1719 নম্বৰৰ মাৰুটি এল্টো 800 গাড়ীসহ আটক কৰে। পাছত এছএছবিৰ দলটোৱে কেকো সাপসহ ধৃত ব্যৱসায়ী কেইটাক বন বিভাগৰ কুকলুং বনাঞ্চলিক কাৰ্যালয়ত চমজাই দিয়ে।

You might also like