ক’ৰোনা–পৰৱর্তী অসম আৰু ইক’মিউজিয়ামৰ প্রাসংগিকতা
ক’ৰোনা–পৰৱর্তী সময়টো এতিয়াও নাই অহা যদিও অচিৰেই আহিব বুলি আশা কৰিছোঁ৷ এই মহাশত্রু ইতিমধ্যে পিছ হোঁহকা পৰিলক্ষিত হৈছে৷ মানুহৰ কাৰণে সি এতিয়া আঁঠুৱাৰ তলৰ মহ৷মই ভাবোঁ যে ক’ৰোনা–পৰৱর্তী অসমৰ অর্থনৈতিক চিন্তা–চর্চাৰ মূল দিক্দর্শন হোৱা উচিত ক’ৰোনা–পূর্ব অর্থনীতিৰ পৰা ইয়াৰ পার্থক্যকৰণ৷ এই নিবন্ধৰ বিষয় যিহেতু বেলেগ, গতিকে পাতনি দীঘলীয়া নকৰোঁ– চমু উল্লেখেৰে সামৰিম৷
আমি দেখা পাইছোঁ যে ক’ৰোনাৰ প্রধান লক্ষ্য হৈ পৰিছে অতিকায় মহানগৰবোৰ, যাক মেগাপ’লিচ বুলি কোৱা হয়– নিউয়র্ক, মিলান, দিল্লী, মুম্বাই আদি৷ তাৰ লগতে ই মোক্ষম আঘাত হানিছে আন্তঃৰাষ্ট্রীয় পর্যটন খণ্ড, অনিয়ন্ত্রিত জনপ্রৱাহ আৰু মেদ্সর্বস্ব উপভোক্ত বজাৰখনৰ ওপৰত৷ এই চাৰিওটা হৈছে বিগত তিনিশ বছৰৰ অর্থনৈতিক পৰম্পৰাৰ অন্যতম দুর্গ৷ ক’ৰোনাই দেখুৱালে এই দুর্গবোৰ কিমান ঠুনুকা আৰু অসুৰক্ষিত হৈ পৰিছে৷ বিশাল মহানগৰবোৰ বহুকাল পূর্বেই বহনক্ষমতাহীন হৈ পৰিছিল বিদেশী পর্যটক অর্থনীতৰ কাৰণে অতি লোভনীয় যদিও পুষ্টিকৰ উপাদান নহয় অনিয়ন্ত্রিত জনপ্রৱাহ হৈছে অর্থনীতিৰ মূলসুঁতিয়ে সম্পদৰ পৰিৱর্তে বোজা বুলি গণ্য কৰা জনসংখ্যাৰ বৃহৎ অংশ এটাৰ দৃশ্যমান ৰূপ (ক্লাছিকেল অর্থশাস্ত্রই স্বীকাৰ কৰি থৈছে যে ঔদ্যোগিক সমাজৰ বৃহৎ অংশ এটা পৰিহার্য বা অপহুতাত dispensable) পৰিণত হয়৷) উপভোক্তাবাদে মধ্যবিত্ত সমাজক সঞ্চয়হীন কৰি পেলাইছে৷ কেইদিনমান বজাৰ কৰিব নোৱাৰিলে আমি বৰ হতাশ হৈ পৰোঁ৷ এই চাৰিওটা সংকটৰ সৈতে আমি অভ্যস্ত হৈ গ’লোঁ৷ সহজাত বিশ্বাসেৰে নহয় বৰং বিশ্বাস উদ্ভাৱন কৰি আমি ইহঁতৰ সৈতে সহবাস কৰিছোঁ কাৰণ ইয়াৰ বিকল্প আমি দেখা নাই৷ সমস্যাটো মূলতঃ সামাজিক৷ এই স্তম্ভকেইটা সুদূৰ ভৱিষ্যলৈকে থাকিব৷ কিন্তু তাৰ মাজতো অর্থনীতিৰ যুগোপযোগী ধাৰা এটা আৰম্ভ হ’ব পাৰে৷ প্রশ্ণ হ’ল– ইয়াৰ বিকল্প কি? বিকল্প হ’ল থলুৱা, থলুৱা, থলুৱা৷ সিদিনা দেশৰ প্রধানমন্ত্রীগৰাকীয়্ এই বার্তা দিছে – সম্ভৱতঃ ইমান স্পষ্টকৈ পোনপ্রথমবাৰৰ বাবে৷ স্বাভাৱিক অৱস্থাত নতুন চিন্তাবোৰ নিষ্প্রাণ হৈ থাকে৷ ক’ৰোনাই সুযোগ দিছে নতুন চিন্তা–চর্চাক প্রাণৱন্ত কৰিবলৈ৷
একবিংশ শতিকাৰ অর্থনীতি আৰু সমাজৰ মৌলিক সাঁচটো বিংশ শতিকাৰ ঔদ্যোগিক–নাগৰিক সাঁচতকৈ পৃথক হ’ব ইয়াৰ মূল বৈশিষ্ট্য হ’ল থলুৱা জীৱনধাৰণ Local Living)৷ এইটো তাত্ত্বিক প্রকল্প নহয়, ই বাস্তৱত প্রকট হোৱা উদীয়মান প্রৱণতা৷ ক’ৰোনা–পৰৱর্তী অসমৰ অর্থনীতিৰ সাঁচ থলুৱা হ’ব লাগিব৷ আমি ভাল অৱস্থাত আছোঁ কাৰণ অসমীয়া সমাজখন এতিয়াও পূৰাপূৰি ঔদ্যোগিক–নাগৰিক সমাজলৈ industrial-urban society) কায়া–বদলি হোৱা নাই অসমীয়াৰ প্রাণটো এতিয়াও পূৰাপূৰি থলুৱা হৈ আছে৷ এই সাংস্কৃতিক, ঐতিহাসিক বৈশিষ্ট্য অর্থনৈতিক পুনৰুজ্জীৱনৰ অন্তঃস্রোত হ’ব পাৰে৷ পিছে থলত থাকিলেই থলুৱা নহয় থলৰ উৎপন্নৰে জীৱন–যাপন কৰাহে থলুৱাৰ শুদ্ধ সংজ্ঞা৷ এই উৎপন্ন পৰম্পৰাগত হৈ থাকিব লাগিব বুলি কথা নাই৷ থলুৱা বুলিলেই আমাৰ চকুত ধান–মাহ–হাঁহ–কুকু ছবিখন ভাঁহি উঠে আৰু এই ছবিখন কোনো কাৰণত ম্লান হ’বলৈ দিব নালাগিব৷ কিন্তু একবিংশ শতিকাৰ অর্থনীতিৰ প্রাণকোষ হিচাপে থলুৱাৰ সংজ্ঞাই কৃষিৰ উপৰি অত্যাধুনিক উপাদানবোৰো সামৰিছে ঃ বিজ্ঞান, উদ্ভাৱন, তথ্য–প্রযুক্তি, পৰিৱেশ সুৰক্ষা আৰু নতুন যুগৰ সেউজ উদ্যোগ, কল–কাৰখানা৷ ওপৰত গোলকীয় globel), তলত থলুৱা local), মাজত তথ্য–প্রযুক্তি মাধ্যম৷ অভিকেন্দ্র সলনি হ’ব ধৰিছে৷ নতুন প্রেক্ষাপট উন্মোচন হৈছে৷ কল্পনাশক্তিক অধিক চাপ দিয়াৰ প্রয়োজন নাই৷ আৰম্ভ কৰিলেই হ’ল৷
এই নিবন্ধৰ বিষয় ইক’মিউজিয়াম৷ ইক’ eco)মানে ইক’ছিষ্টেম বা পৰিৱেশ–ব্যৱস্থাক বুজাইছে আৰু মিউজিয়াম মানে ঐতিহাসিক মূল্য থকা সম্পদৰ সংৰক্ষণ৷ কিন্তু ইক’মিউজিয়াম পৰম্পৰাগত প্রণালী নহয়৷ এঠাইৰ পৰিৱেশ–ব্যৱস্থাটো বেলেগ ঠাইলৈ দাঙি আনিব নোৱাৰি৷ তদুপৰি সেই ঠাইৰ বাসিন্দাসকল তাৰ অবিচ্ছেদ্য অংগ৷ সেই কাৰণে ইক’মিউজিয়াম হৈছে থলীতে জীৱন্তে সংৰক্ষণ৷ ধাৰণাটো প্রথমে ফ্রান্সত ১৯৭০ৰ দশকত উদ্ভৱ হৈছিল৷ আমি অৱশ্যে ধাৰণাটো অসমৰ অৱস্থাৰ উপযোগীকৈ পৰিৱর্ধিত কৰিছোঁ৷ নর্থ ইষ্ট ৱাট্চৰ North East Watch) মাধ্যমেৰে উঃ–পূঃ ভাৰতৰ প্রাকৃতিক ইতিহাস আৰু ইক’মিউজিয়াম ঐতিহ্যৰ ক্ষেত্রত বিগত কেইবাবছৰৰ পৰা কাম কৰি থকা হৈছে৷
ইক’মিউজিয়াম অনিবার্যভাৱে থলুৱা৷ বিশেষ এলেকা বা অঞ্চল এটাৰ প্রাকৃতিক বৈশিষ্ট্য আৰু সেই ঠাইৰ বাসিন্দাসকলৰ স্বকীয় জীৱনশৈলী য’ত আছে ত’তে in situ) সংৰক্ষণৰ প্রণালীক ইক’মিউজিয়াম বোলে৷ উদাহৰণ স্বৰূপে, পৰম্পৰাগত এলেকা এটা স্বয়ং ইক’মিউজিয়াম হ’ব পাৰে৷ আমি ধাৰণাটোৰ বিস্তাৰ ঘটাইছোঁ৷ কেইটামান মৌলিক দিশত গুৰুত্ব আৰোপ কৰা হৈছে– ১৷ থলুৱা সংস্কৃতিক জীৱন্ত ৰূপত সংৰক্ষণ কৰাৰ লগতে তাৰ ক্রমবিকাশ প্রক্রিয়াৰ অনুসন্ধান আৰু গৱেষণাত গুৰুত্ব দিয়া হৈছে, ২৷ বিশেষ অঞ্চলৰ পৰিৱেশ ব্যৱস্থা তথা জৈৱ–বৈচিত্র্য বিশেষ হ’ব পাৰে, কিন্তু বিচ্ছিন্ন হ’ব নোৱাৰে৷ ই বৃহত্তৰ ভূ–প্রাকৃতিক ক্ষেত্র এখনৰ অবিচ্ছেদ্য অংগ৷ অঞ্চলবিশেষৰ পৰিৱেশ সুৰক্ষাৰ বাবেও তাৰ গোলকীয় আয়তনটো উপলব্ধি কৰিব লাগিব আৰু সমগ্র উত্তৰ–পূব ভাৰতৰ প্রাকৃতিক ইতিহাসৰ প্রেক্ষাপটটো বুজি পাব লাগিব৷ এই দিশত আমি কাম আৰম্ভ কৰিছোঁ, ৩৷ ইক’মিউজিয়ামে সর্বাংগবাদী দৃষ্টিকোণেৰে কাম কৰে৷ প্রকৃতি–মানুহ–পৰিৱ্ একোকে ই বিচ্ছিন ৰূপত নাচায়, এই সকলোকে ই এটা জীৱন্ত শৰীৰৰ অংগ হিচাপে চায়৷ প্রকৃতি আৰু মানুহক আংগিক organic) সম্পর্কৰ দৃষ্টিৰে বিচাৰ কৰে, ৪৷ ইক’মিউজিয়াম ধাৰণাটো সমগ্রতাবাদী হ’লেও ইয়াক থলুৱাভাৱেহে প্রতিষ্ঠা কৰিব পাৰি কাৰণ মানুহ এডোখৰ নির্দিষ্ট ঠাইৰ স্থায়ী বাসিন্দা, আমি কেইবাঠাইতো বাস কৰিব নোৱাৰোঁ৷ সংস্কৃতিৰ উৎস সদায় থলুৱা, প্রকৃতি আৰু মানুহৰ আন্তঃসম্পর্কও সদায় থলুৱা৷ গতিকে ইক’মিউজিয়াম সদায় থলুৱা৷ নর্থ ইষ্ট ৱাট্চে অসমৰ উপযোগীকৈ ইক’মিউজিয়ামৰ আর্হি এটা প্রস্তুত কৰিছে, য’ত অঞ্চল এটাৰ বাসিন্দাসকলৰ জীৱনৰ মান আৰু অঞ্চলটোৰ পৰিৱেশ ব্যৱস্থা সমভাৱে সমৃদ্ধিশালী হ’ব পাৰে৷ অসমৰ সাম্প্রতিক অৱস্থালৈ লক্ষ্য ৰাখি উৎপাদনমুখী কাম–কাজত গুৰুত্ব দিয়া হৈছে, যাতে স্থানীয় বাসিন্দাসকল উপকৃত হ’ব পাৰে৷ কিন্তু ইয়াৰ সমস্ত কার্যকলাপ পৰিৱেশমুখী হ’ব ঃ তাৰ কিছুমান বৈজ্ঞানিক মাপকাঠী ঠিক কৰা হৈছে, যেনে– অর্থনৈতিক কার্যকলাপ বৃদ্ধিৰ সমান্তৰালভাৱে জৈৱ–বৈচিত্র্য বাঢ়িব, জীৱ–জন্তু সুৰক্ষিত হ’ব, ভূ–গর্ভস্থ জলস্তৰ নিম্নগামী নহ’ব, অৰণ্যৰ সংকোচন নহ’ব, প্রদূষণ সৃষ্টি নহ’ব ইত্যাদি৷ ইয়াত গৱেষণা, অনুসন্ধান, সমীক্ষা আৰু পৰিৱেশ শিক্ষাৰ বিশেষ ভূমিকা থাকিব আৰু এইক্ষেত্রত বিশেষজ্ঞ–বিজ্ঞানী আৰু কর্তৃত্বশীল বৈজ্ঞানিক সংস্থাবোৰক জড়িত কৰা হ’ব৷ ইয়াক আমি চৰকাৰ সমর্থিত সামাজিক প্রয়াস হিচাপে গঢ় দিবলৈ বিচাৰিছোঁ৷
অসমৰ প্রথম ইক’মিউজিয়াম স্থাপন কৰিবলৈ এডোখৰ স্থান বিশেষ উপযোগী হ’ব বুলি বিবেচনা কৰিছোঁ৷ অঞ্চলটোৱে বৃহত্তৰ মায়ং আৰু চন্দ্রপুৰ অঞ্চলৰ লগতে পবিতৰা অভয়াৰণ্যৰ সংলগ্ণ ঠাইখিনিক সামৰি লয়৷ পৰিৱেশতাত্ত্বিকভাৱ ই আমচাং বনাঞ্চলৰ সৈতেও সংলগ্ণ৷ নির্বাচিত অঞ্চলটোৰ একাংশ জাগীৰোড আৰু একাংশ দিছপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত৷ মায়ং–পবিতৰা–চন্দ্র্ গুৱাহাটী মহানগৰৰ পৰা প্রায় এঘণ্টাৰ বাট, অথচ কি সেউজ–শান্ত পৰিৱেশ ইয়াত নৈ–বিল–পাহাৰ–ৰণ্য্ সকলো আছে৷ এফালে মায়ঙৰ সাংস্কৃতিক ঐতিহ্য, আনফালে পবিতৰা আৰু আমচাঙৰ আৰণ্যক জীৱন এফালে ইয়াৰ বিশাল জৈৱ–বিবিধতা, আনফালে ইয়াৰ স্থানীয় ৰাইজৰ প্রশংসনীয় পৰিৱেশ–চেতনা ইক’মিউজিয়ামৰ কাৰণে একেবাৰে স্বাভাৱিক বাছনি৷ ‘মায়ং–পবিতৰা–চন্দ্র্ জন–প্রাকৃতিক ঐতিহ্যস্থল৷’ ইক’মিউজিয়ামক অসমীয়াত জন–প্রাকৃতিক ঐতিহ্যস্থল হিচাপে ভাবান্তৰ কৰিছোঁ৷ আশা ৰাখিছো নর্থ ইষ্ট ৱাট্চৰ এই প্রয়াসক ৰাইজে সফল কৰিব৷
সাম্প্রতিক কালৰ আটাইতকৈ শক্তিশালী পৰিৱেশতত্ত্ব–নিগূঢ়্ পৰিৱেশতত্ত্বৰ Deep Ecology) এই ভাষ্যৰে সামৰণি মাৰিবলৈ ওলাইছোঁঃ
‘তিনিটা মৌলিক সমৃদ্ধিয়ে জীৱনৰ মান নির্ণয় কৰে – প্রকৃতিৰ সমৃদ্ধি, সংস্কৃতিৰ সমৃদ্ধি আৰু সমাজৰ সমৃদ্ধি৷ অধিক উপার্জনে ব্যক্তিৰ জীৱন ধাৰণৰ মান নির্ধাৰণ কৰে, কিন্তু জীৱনৰ মান নির্ণয় কৰিব নোৱাৰে৷ আমি উপার্জন কৰিবই লাগিব, নহ’লে খাম কেনেকৈ? কিন্তু আমি যেন কেতিয়াও জীৱনৰ মান Quality of life) আৰু জীৱন ধাৰণৰ মান standard of living) দুয়োটা একে বস্তু বুলি ধৰি নলওঁ৷’
এন্দ্রু কার্নেগীৰ উপার্জনৰ সীমা নাছিল৷ তেওঁ শেষ বয়সত লিখি গৈছেঃ ‘এজন অর্বুদপতি (বিলিয়নেয়াৰ) যদি অর্বুদপতি হিচাপে মৰিবলগীয়া হয়, মই ক’ম যে তেওঁ জীৱনটো এনেয়ে কটালে৷’