আলফা সমস্যাৰ স্থায়ী মীমাংসা কৰিবলৈ পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ প্রয়োজন
🔹 লেফটেনেণ্ট জেনেৰেল (অৱঃ) ৰাণা প্রতাপ কলিতা
🔹 সাক্ষাৎগ্রহণ : মঞ্জিৰা ডেকা
লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতা৷ ভাৰতীয় সেনা বাহিনীৰ ইষ্টার্ন কমাণ্ডৰ মুৰব্বী পদত অধিষ্ঠিত কলিতা অসমৰে নহয়, উত্তৰ–পূর্বাঞ্চলৰ প্রথম ব্যক্তি৷ ডেৰাডুনৰ ভাৰতীয় সেনা একাডেমীৰ পৰা ১৯৮৪ত কুমাউন ৰেজিমেণ্টত অংশগ্রহণেৰে চাৰি দশকজোৰা কৃতিত্বপূর্ণ সেৱাৰ সময়ছোৱাত দেশ–বিদেশৰ কেইবাটাও সামৰিক অভিযান আৰু মিছনৰ সফল নেতৃত্ব দিছিল লেফটেনেণ্ট জেনেৰেল কলিতাই৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থীবিৰোধী অভিযান, জম্মু–কাশ্মীৰ, শ্রীলংকা আদিত বিশেষ অভিযানৰ নেতৃত্ব বহন কৰা কলিতাই ৰাষ্ট্রসংঘৰ অধীনত চিয়েৰা লিয়নত আৰু ছুডানত মুখ্য অভিযান বিষয়া ৰূপেও কৃতিত্বৰ চানেকি দাঙি ধৰিছে৷ চাৰি দশকজোৰা কার্যকালত লেফটেনেণ্ট জেনেৰেল কলিতাই পৰম বিশিষ্ট সেৱা পদক, উত্তম যোদ্ধা সেৱা পদক, সমন্বয় সেৱা পদক, বিশিষ্ট সেৱা পদক, চিয়াচেন হিমবাহৰ পদক, অপাৰেচন বিজয় পদক, অপাৰেচন পৰাক্রম পদক, অতি বিশিষ্ট সেৱা পদক, বিদেশ সেৱা পদক আদিকে ধৰি অসংখ্য পদক লাভ কৰিছে৷ অসমৰ লগতে দেশ–বিদেশত কর্মৰত অৱস্থাত লাভ কৰা বিভিন্ন অভিজ্ঞতা আৰু শেহতীয়া পৰিস্থিতি সন্দর্ভত লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্রাপ্ত) ৰাণা প্রতাপ কলিতাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ৷
🔹 ছয় দশক পূর্বে ৰাজ্যখনৰ তামুলপুৰৰ দৰে পিছপৰা অঞ্চলত এটা শিক্ষক পৰিয়ালত জন্মলাভ কৰি সামৰিক বাহিনীক বৃত্তি হিচাপে ল’বলৈ কিদৰে আপুনি অনুপ্রেৰণা লাভ কৰিছিল?
🔴 প্রথমে মই ‘নিয়মীয়া বার্তা’ক ধন্যবাদ জনাহছোঁ৷ মোৰ জন্ম তামুলপুৰত হৈছিল৷ মোৰ দেউতা তামুলপুৰ হাইস্কুলৰ প্রধান শিক্ষক আছিল৷ সেইসূত্রে আমি হাইস্কুল কেম্পাছৰ ভিতৰতে আছিলোঁ৷ আমাৰ ঘৰৰ পিছফালে এটা সেনাৰ শিবিৰ আছিল৷ এতিয়াও সেনাৰ শিবিৰটো আছে৷ স্কুলৰ খেলপথাৰখনতে এনচিচিৰ শিবিৰ আৰু সেনা বাহিনীৰ প্রশিক্ষণ শিবিৰ আদি অনুষ্ঠিত হৈছিল৷ সামৰিক বাহিনীৰ প্রশিক্ষণ, শৃংখলাবদ্ধ কার্যবোৰ সৰুৰে পৰা দেখি মই ডাঙৰ হৈছিলোঁ বাবে সেনা বাহিনীত যাবলৈ অনুপ্রাণিত হৈছিলোঁ৷ তেনেকৈ এবাৰ সৰুতে মই সেনাৰ ইউনিফর্ম এযোৰ চিলাই লৈছিলোঁ আৰু সেই পোছাকযোৰ মোৰ সকলোতকৈ প্রিয় আছিল৷ সেনাৰ প্রতি মোৰ আগ্রহ দেখি দেউতাই গোৱালপাৰাৰ সৈনিক স্কুলত নামভর্তি কৰাই দিছিল৷ সৈনিক স্কুলৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হোৱাৰ পাছত নেচনেল ডিফেঞ্চ একাডেমীত আৰু পৰৱর্তী সময়ত ভাৰতীয় মিলিটাৰী একাডেমীত শিক্ষাগ্রহণৰ পাছত সেনাবাহিনীত যোগদান কৰিছিলোঁ৷
🔹 আপুনি প্রাথমিক শিক্ষা কি মাধ্যমত গ্রহণ কৰিছিল?
🔴 তামুলপুৰত প্রথমে অসমীয়া মাধ্যমত শিক্ষা আৰম্ভ কৰিছিলোঁ৷ প্রথম শ্রেণীত পঢ়ি থাকোঁতে মোৰ দেউতা তামুলপুৰৰ পৰা বদলি হৈ ৰঙিয়া উচ্চতৰ মাধ্যমিক স্কুলত প্রধান শিক্ষক হিচাপে যোগদান কৰিছিল৷ ৰঙিয়ালৈ আহি জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ত দ্বিতীয় শ্রেণীলৈকে আৰু তাৰ পাছত ৰঙিয়া হাইস্কুলত চতুর্থ শ্রেণীলৈকে অসমীয়া মাধ্যমতে শিক্ষাগ্রহণ কৰিছিলোঁ৷ পঞ্চম শ্রেণীৰ পৰা গোৱালপাৰা সৈনিক স্কুলত ইংৰাজী মাধ্যমত শিক্ষা লৈছিলোঁ৷
🔹 দেশৰ পঞ্জাব, হাৰিয়ানা, ঝাৰখণ্ড, হিমাচল প্রদেশ আদি ৰাজ্যৰ লোকসকলে সেনাত নিয়োগ হোৱাটো এক সন্মানজনক বৃত্তি হিচাপে গ্রহণ কৰে৷ আনকি পিতৃ–মাতৃয়েও তেওঁলোকৰ সন্তানক সেনাত যোগদান কৰাৰ বাবে উৎসাহিত কৰে৷ কিন্তু অসম তথা উত্তৰ–পূর্বাঞ্চলৰ লোকসকলৰ মাজত এনে আগ্রহ সৃষ্টি নোহোৱাৰ কাৰণ কি?
🔴 ইতিহাস সাক্ষী আছে যে অসমীয়া জাতিৰ সাহসৰ অভাৱ নাই৷ আমাৰ অসমতে আহোম সেনাই মোগল সেনাক ১৭বাৰ পৰাস্ত কৰিছিল৷ অসমীয়া জাতি–জনগোষ্ঠীৰ মাজত সাহস আৰু দেশপ্রেম এতিয়াও বিৰাজমান৷ সেনা বাহিনীত যোগ দিয়াৰ পাছত মই উত্তৰ–পূর্বাঞ্চলৰো বিভিন্ন ৰাজ্যত সেৱা কৰাৰ সুযোগ পাইছিলোঁ৷ এই অঞ্চলৰ বিভিন্ন লোকৰ লগত কথা পাতি দেখিছিলোঁ যে অসমৰে হওক বা উত্তৰ–পূর্বাঞ্চলৰে হওক যুৱক–যুৱতীসকলৰ সেনা বাহিনীৰ বাবে যোগ্যতা আছে, প্রতিভা আছে৷ কিন্তু আমাৰ গাঁৱে–ভূঞে সজাগতাৰ অভাৱ স্পষ্ট৷ বিশেষকৈ সেনা বাহিনীয়ে কেনেধৰণৰ সুযোগ–সুবিধা দিয়ে, নতুন জীৱনৰ গতি দিয়ে, তাক লৈ সর্বসাধাৰণ লোক সজাগ নহয়৷ ইয়াৰ বিপৰীতে সেনাক লৈ কিছুমান ভুল ধাৰণা আছে৷ ফলত আমাৰ বহু পিতৃ–মাতৃয়ে সেনা বাহিনীলৈ নিজৰ সন্তানক যাবলৈ দিব নিবিচাৰে৷ অৱশ্যে ইয়াৰ কিছু ঐতিহাসিক আৰু বাস্তৱ ভিত্তিও আছে৷ ঝাৰখণ্ড, হিমাচল প্রদেশ, পঞ্জাব, হাৰিয়ানা আদি ৰাজ্যবোৰৰ পৰম্পৰাগতভাৱে তেওঁলোকৰ পিতৃ বা ককাক বা পৰিয়ালৰ লোক বহুতে ভাৰতীয় সেনা বা ব্রিটিছ সেনাত কাম কৰাৰ অভিজ্ঞতা আছিল, ফলত তেওঁলোকৰ হাতত ভাৰতীয় সেনাক লৈ পর্যাপ্ত খবৰ মজুত আছে৷ ফলত এনেবোৰ ৰাজ্যৰ লোকৰ সেনা বাহিনীত যোগদান কৰাৰ সংখ্যা অধিক৷ তেওঁলোকে সেনা বাহিনীত যোগদান কৰাটো এটা মর্যাদাপূর্ণ সেৱা ৰূপে গণ্য কৰে৷ শেহতীয়াকৈ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ লোকসকলৰ মাজত সেনাত নিয়োগৰ সংখ্যা বাঢ়িছে৷ জোৱান পর্যায়ৰ পদত যুৱক–যুৱতীৰ সিমান অভাৱ দেখা নাযায়, কিন্তু বিষয়া পর্যায়ত অভাৱ এতিয়াও আছে৷ এইক্ষেত্রত আৰু অধিক সজাগতা সৃষ্টিৰ প্রয়োজন৷
🔹 ১৯৬৪ চনতে গোৱালপাৰা সৈনিক স্কুল স্থাপন হৈছিল৷ তাৰ পাছত কিন্তু দ্বিতীয় এখন সৈনিক স্কুল স্থাপন কৰা নহ’ল৷ তাৰ কাৰণ কি বুলি ভাবে আপুনি? অসমত যদি অধিক সৈনিক স্কুল স্থাপন নহয়, তেন্তে কেনেকৈ বিষয়া পর্যায়ত অসমৰ যুৱক–যুৱতীয়ে সুবিধা লাভ কৰিব?
🔴 প্রথম যেতিয়া ষাঠিৰ দশকৰ আৰম্ভণিতে সৈনিক স্কুলবোৰ স্থাপন হৈছিল, তেতিয়া এটা লক্ষ্য লোৱা হৈছিল যে প্রত্যেকখন ৰাজ্যতে একোখনকৈ সৈনিক স্কুল স্থাপন কৰা হ’ব৷ সৈনিক স্কুল ছ’চাইটীয়ে এই স্কুলবোৰ পৰিচালনা কৰে৷ সেই ষাঠি বা সত্তৰ বা আশীৰ দশকত ১০–১২জন মানকৈ ছাত্র–ছাত্রী সেনা বাহিনীত বা এনডিএত নামভর্তিৰ সুযোগ লাভ কৰিছিল৷ পৰৱর্তী সময়ত কিছু সময়লৈ সংখ্যাটো অলপ কমিবলৈ ধৰে৷ দুবছৰ পূর্বে প্রধামমন্ত্রীয়ে ঘোষণা কৰিছিল যে নতুনকৈ ১০০খন সৈনিক স্কুল স্থাপন কৰা হ’ব৷ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সহযোগত নতুন সৈনিক স্কুলসমূহ স্থাপন হ’লে সেনাত বিষয়া পর্যায়ৰ নিযুক্তিৰ ক্ষেত্রত সহায়ক হোৱাৰ লগতে দক্ষতা বৃদ্ধি হ’ব৷ বিদ্যালয়সমূহত পাঠ্যক্রম পূর্বৰ সৈনিক স্কুলৰ নিচিনাই হ’ব৷ সৈনিক সৃষ্টিৰ ‘figure institude for armed forces’ নিমিত্তে তেনেকৈয়ে প্রশিক্ষিত কৰা হ’ব৷
🔹 জীৱিকাৰ বাবে চাকৰি কৰা আৰু সেৱাৰ মনোভাবেৰে কাম কৰাৰ মাজত কিছুমান পার্থক্য থাকে৷ সামৰিক বাহিনীৰ চাকৰিৰ ক্ষেত্রত জীৱিকাৰ তাড়নাতকৈ সেৱাৰ মনোভাবৰ বেছি প্রয়োজন হয়৷ এইক্ষেত্রত সামৰিক বাহিনীৰ সৈনিকসকলক কেনেদৰে প্রশিক্ষিত কৰা হয়?
🔴 সেনা বাহিনী আচলতে এটা জীৱিকা নহয়, এটা সুশৃংখলিত জীৱন পদ্ধতি৷ সেনা বাহিনীত যোগদান কৰাৰ পাছত জোৱান পদতে হওক বা বিষয়া পদতে হওক যি পদতে কার্যনির্বাহ নকৰক কিয়, শৃংখলাবদ্ধ জীৱনৰ বাবে নিয়মীয়া প্রশিক্ষণ দিয়াৰ লগতে আত্মবিশ্বাস বঢ়াবলৈ, নিজৰ শৰীৰ আৰু মনৰ ওপৰত আত্মবিশ্বাস সৃষ্টিত ধাৰাবাহিক গুৰুত্ব দিয়া হয়৷ যিকোনো পৰিস্থিতিত কাম কৰিবলৈ বা সকলোতকৈ ডাঙৰ প্রত্যাহ্বানৰ মাজতো কাম কৰিবলৈ আত্মবিশ্বাস গঢ়াত প্রশিক্ষণ দিয়া হয়৷ ইয়াৰ উপৰি দেশপ্রেমৰ শিক্ষা আৰু সংঘবদ্ধভাৱে কাম কৰিবলৈ প্রশিক্ষণ দিয়া হয়৷ আমাৰ মূল উদ্দেশ্য দেশক সেৱা কৰা বা সুৰক্ষা দিয়া৷ এই গুৰুত্বপূর্ণ মূল বিষয়টোৰ ওপৰত বিভিন্ন প্রশিক্ষণ দিয়া হয়৷ অনুপ্রেৰণামূলক শিক্ষা আৰু প্রশিক্ষণেৰে সেনাত নিয়োজিত সকলো পর্যায়ৰ লোক এটা বিশেষ পেকেজৰ অন্তর্ভুক্ত৷
🔹 ভাৰতীয় সেনাক মানুহে খুব শ্রদ্ধা–সন্মান কৰে৷ কিন্তু কোনো এখন ৰাজ্যত যেতিয়া সন্ত্রাসবাদ দমনে হওক বা বিভিন্ন কাৰণৰ বাবে সামৰিক অভিযান চলায়, তেতিয়া কিন্তু মানুহে শতৰুৰ দৰে জ্ঞান কৰে৷ অসমত আলফাকে ধৰি উগ্রপন্থী সংগঠনসমূহৰ বিৰুদ্ধে সামৰিক অভিযানৰ সময়ছোৱাত সেনাৰ প্রতি বিৰূপ মনোভাবৰ সৃষ্টি হৈছিল৷ ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে?
🔴যিকোনো অপাৰেচন কৰিলে সাধাৰণ মানুহ কিছুমান অসুবিধাৰ সন্মুখীন হয়৷ ফলত সেনাবিৰোধী মনোভাব এটা গঢ় লৈ উঠে৷ উদাহৰণস্বৰূপে– আলফাৰ অপাৰেচনৰ সময়ত স্কুলীয়া ছাত্র–ছাত্রীকো আনকি গাড়ী ৰখাই তালাচী কৰিবলগীয়া হৈছিল, মানুহৰ ঘৰে ঘৰে গৈ উগ্রপন্থীৰ সন্ধান বিচাৰিবলগীয়া হৈছিল৷ এনে অৱস্থাত সেনাৰ প্রতি সাধাৰণ মানুহৰ মাজত এটা বিৰূপ মনোভাব গঢ় লৈ উঠে৷ সেইটো এটা স্বাভাৱিক কথা৷ এইক্ষেত্রত মই চাকৰি কৰি থকা কালত এটা বিশেষ প্রচেষ্টা চলাইছিলোঁ৷ এই ভুল বুজাবুজিটো দূৰ কৰিবলৈ এটা সজাগতা সৃষ্টি কৰাইছিলোঁ৷ ভাৰতীয়া সেনা বাহিনী যে নাগৰিকৰ তথা দেশৰ সুৰক্ষাৰ বাবেহে নিয়োজিত সেয়া বুজাইছিলোঁ৷ বর্তমান এইক্ষেত্রত সেই মনোভাব বহুখিনি সলনি হৈছে৷
🔹 ভাৰতৰ সামৰিক ক্ষেত্রখনৰ সাম্প্রতিক প্রধান সমস্যাসমূহ কি কি? এই সমস্যাৰাজি কিদৰে সমাধান আৰু সংস্কাৰৰ প্রয়োজন বুলি ভাবে?
🔴 দেশখনৰ সুৰক্ষাৰ বাবে আমাৰ সন্মুখত দুটা প্রত্যাহ্বান আছে৷ এটা হ’ল আভ্যন্তৰীণ আৰু এটা আন্তর্জাতিক৷ পাকিস্তান অথবা চীনৰ সৈতে চলি থকা সন্ত্রাসবাদ আৰু চোৰাং কাৰবাৰ প্রতিৰোধ হ’ল এক প্রত্যাহ্বান৷ আন্তর্জাতিক সীমা সুৰক্ষিত নহ’লে দেশখন সুৰক্ষিত নহয়৷ এইক্ষেত্রত দেশখনৰ আভ্যন্তৰীণ সুৰক্ষাও গুৰুত্বপূর্ণ৷ দুয়ো প্রত্যাহ্বানৰ মাজত সামঞ্জস্য ৰাখি দেশখনক সুৰক্ষিত কৰিবলৈ থিয়েটাৰ কমাণ্ড কেনেকৈ প্রতিষ্ঠা হ’ব সেয়াই এক প্রত্যাহ্বান৷ আজিকালি আকৌ এটা নতুন প্রত্যাহ্বান আহিছে৷ পৰম্পৰাগত যুদ্ধ বুলিলে যিটো বুজোঁ সেই যুদ্ধ এতিয়া নাই৷ সন্মুখসমৰ এতিয়া বহুত কমি গৈছে৷ আজিকালি জটিলতা বহুত বাঢ়িছে৷ ৰাছিয়া–ইউক্রেইনেই হওক বা গাজাই হওক বা অন্য ঠাইবোৰত সম্প্রতি সন্মুখসমৰৰ বিপৰীতে চাহবাৰ যুদ্ধ, লিগেল যুদ্ধ, ইনফৰমেচন যুদ্ধ, non-traditional কিছুমান domein লৈ যুদ্ধ পৰিৱর্তিত হৈছে৷ Whole world fightingৰ মেকানিজিম সলনি হৈছে৷ সম্প্রতি আধুনিক প্রযুক্তি, কৃত্রিম বুদ্ধিমত্তা যুগত অত্যাধুনিক প্রযুক্তিবোৰ আমি সময়ত গ্রহণ কৰিব নোৱাৰিলে, প্রযুক্তিগত উন্নতিৰ লগত সময়ৰ লগত খোজ মিলাব নোৱাৰিলে আমি পিছপৰি যাম৷ সেহটো এটা বর্তমান সময়ৰ মূল প্রত্যাহ্বান৷
🔹 প্রতিৰক্ষাৰ ক্ষেত্রত আন দেশে ভাৰতক কি কাৰণত সমীহ কৰিব লাগে বুলি আপুনি ভাবে?
🔴 মই বহুত ভাগ্যৱান যে কিছুমান International engagementত কাম কৰিবলৈ সুযোগ পাহছিলোঁ৷ যোৱা কিছু বছৰ সেনাৰ উচ্চ পদবীত থকাৰ সূত্রে ‘United national peacekeeping mission’ত কাম কৰাৰ অভিজ্ঞতা হৈছিল৷ সেনা বাহিনী, নৌসেনা, বায়ুসেনা বেলেগ বেলেগ দেশৰ সেনাৰ লগত যৌথ প্রশিক্ষণৰ লগতে কাউণ্টাৰ ইণ্টাৰজেঞ্চীয়ে হওক বা দুর্যোগ সাহায্যই হওক বা যুদ্ধ প্রণালীয়ে হওক, যৌথ প্রশিক্ষণবোৰো দেখিবলৈ পাইছিলোঁ৷ ভাৰতীয় সেনাই দেশৰ স্বাধীনতাৰ পৰৱর্তী কালছোৱাত কেইবাখনো যুদ্ধৰ সন্মুখীন হৈছে আৰু আটাইকেইখনতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ সেয়া ’৬২ৰ চীনৰ বিৰুদ্ধে যুঁজেই হওক, ১৯৭১ৰ বাংলাদেশৰ স্বাধীনতা সংগ্রামৰ পাকিস্তানৰ বিৰুদ্ধে যুঁজেই হওক৷ কার্গিল যুদ্ধতো ভাৰতীয় সেনাই যোগ্য প্রত্যুত্তৰ দি পাকিস্তানক পৰাভূত কৰিবলৈ সক্ষম হৈছিল৷ ভাৰতীয় সেনাৰ দক্ষতাৰ বিষয়ে বিশ্বৰ অন্যান্য দেশৰ সেনাৰ ভালদৰে অৱগত৷ ভাৰতীয় সেনা বাহিনীৰ স্থান বাকী বিশ্বৰ অন্যান্য দেশৰ সেনাবোৰে বহুত ওপৰত বুলি ভাবে, বহুত সংগঠিত বুলি জানে৷ সেয়ে তেওঁলোকে বিচাৰে যে বিশ্বৰ শান্তি প্রতিষ্ঠাৰ মিছনবোৰত ভাৰতীয় সেনা বাহিনীৰ অন্তর্ভুক্তি বিচাৰে৷ ভাৰতীয় সেনাৰ বিশেষকৈ অপাৰেচনৰ অভিজ্ঞতা বহুত বেছি৷ আমাৰ নিজৰ Professional aforse, High standard tranning, Motivation এই তিনিটা কাৰকৰ বাবে সকলোৱে জানে যে Indian army is one of the best arm-forces. যিটো দেশখনৰ বাবে এটা গৌৰৱৰ কথা ৷
🔹 প্রতিৱেশী ৰাষ্ট্রসমূহৰ লগত থকা ভাৰতৰ সীমা সমস্যা আৰু ভূ–ৰাজনৈতিক (geo-political) সংঘাত নিৰাময়ৰ হকে আপুনি কি পৰামর্শ আগবঢ়াব ?
🔴 চীন আৰু পাকিস্তানৰ সৈতে থকা সীমা বিবাদ এক ঐতিহাসিক সমস্যা৷ ম্যানমাৰৰ লগত বিশেষ কিছুমান ঠাহত কিছু সমস্যা আছে৷ ভূটান আৰু বাংলাদেশৰ সৈতে কিছু সীমা বিবাদ আছিল যদিও এতিয়া enclaveবোৰ সলনা–সলনি কৰাৰ পাছত সেই সমস্যবোৰ সমাধান হৈছে৷ এতিয়া মূল সমস্যা আছে চীন আৰু পাকিস্তানৰ সৈতে৷ আমি যিটো সীমা বুলি কওঁ সেই সীমাৰ মাজত বুজাবুজিৰ পার্থক্য আছে৷ এই ধৰণৰ ঐতিহাসিক বা লিগেচী সমস্যাবোৰ আলোচনাৰ (dialogue prosses) মাজেৰে আমি সমাধানৰ বাবে আগবাঢ়িব লাগিব ৷
🔹 শেহতীয়াকৈ মণিপুৰত মেইটেহ আৰু কুকি সম্প্রদায়ৰ মাজত ঘটা হিংসাত্মক ঘটনাটোৱে গোটেই দেশবাসীকে জোকাৰি গৈছে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ ভূমিকা সন্তোষজনক নহয় বুলি বিভিন্ন পক্ষৰ পৰা অভিযোগ উত্থাপন হৈছে৷ দুয়োটা সম্প্রদায়ৰ মাজত ঘটা এই বিদ্রোহৰ জুহকুৰা নির্বাপিত নহ’লে ভৱিষ্যতে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্রতে এক বিৰূপ প্রভাৱ পৰিব৷ আপুনি এই সমস্যাটোৰ অন্তৰালৰ কাৰক কি বুলি ভাবে আৰু কেন্দ্রীয় চৰকাৰক কেনেদৰে পৰামর্শ আগবঢ়াব ?
🔴 মণিপুৰৰ সংঘাতময় পৰিস্থিতি স্বাধীনতাৰ পাছৰে পৰা অব্যাহত আছে৷ ৰাজ্যখনৰ এনে সংঘাত জটিল৷ সমস্যাটো আজিৰ সমস্যা নহয়৷ নাগা আৰু কুকিৰ মাজত ১৯৯২–৯৩ চনত সংঘাত হৈছিল আৰু ১,০০০মান মানুহৰ মৃত্যু হৈছিল৷ তাৰ পাছত কুকি সশস্ত্র গোট গঠন হৈছিল৷ এতিয়া উগ্রপন্থীবিৰোধী অভিযান স্থগিত আছে৷ সশস্ত্র গোটসমূহেও যুদ্ধবিৰতিত আছে৷ মণিপুৰৰ মেইটেই, নাগা আৰু কুকি লোকসকলৰ নিজা নিজা কিছুমান আশা–আকাংক্ষা আছে৷ যিটো নিজৰ কিছুমান ঐতিহাসিক ‘ইছ্যু’ আছে, এইবোৰ ‘ইছ্যু’ৰ স্থায়ী সমাধান নোহোৱাকৈ মণিপুৰত সমস্যা চলি থাকিব৷ যিটো স্বাভাৱিক৷ ৩ মে’ৰ হিংসাত্মক সংঘাতৰ পাছত ৰাজ্যখনৰ মূল সমস্যাৰাজি সমাধানৰ পদক্ষেপ লোৱা হৈছে৷ মণিপুৰৰ ঘটনাৰাজিক লৈ কেন্দ্রীয় চৰকাৰৰ ভূমিকা সন্তোষজনক নহয় বুলি নাভাবোঁ৷ কিয়নো কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ৰাজ্যখনত তিনি দিন বাহৰ পাতি সকলো কথা পর্যবেক্ষণ কৰি গৈছে৷ বহুখিনি চিআৰপিএফ নিয়োগ কৰা হৈছে, আমাৰ সেনা বাহিনী নিয়োগ কৰিছিলোঁ, ৰিজার্ভ ফ’ৰ্চ নিয়োগ কৰা হৈছে৷ এতিয়াও সেনা আৰু আছাম ৰাইফলছ তাত নিয়োজিত আছে৷ ফলত বহুখিনি হিংসাত্মক ঘটনা কমি আহিছে, কিন্তু যেতিয়ালৈকে দুয়োটা সম্প্রদায়ৰ মাজত ইটোৱে সিটোৰ প্রতি থকা ভুল বুজাবুজি দূৰ নহয়, তেতিয়ালৈকে এই সমস্যাটোৰ সমাধানৰ সুযোগটো বহুত কম আছে৷ মণিপুৰৰ হিংসাত্মক ঘটনাৰ অন্তৰালত অবৈধ অস্ত্রৰ পয়োভৰৰ বিষয়টো জড়িত হৈ আছে৷ ম্যানমাৰৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা মাৰণাস্ত্র আৰু আৰক্ষীৰ পৰা লুট কৰা অস্ত্র–শস্ত্রৰ পয়োভৰে ৰাজ্যখনৰ অশান্তি সৃষ্টিত অৰিহণা যোগাইছে৷
🔹 চীনৰ আগ্রাসী স্থিতিয়ে ভাৰতীয়সকলৰ মনত এক বিদ্বেষ বা অশান্তিৰ জন্ম দি আহিছে৷ চীন–ভাৰতৰ সীমাৰ সমস্যাটোৰ স্থায়ী সমাধান কেনেদৰে কৰিব পাৰি বুলি আপুনি ভাবে?
🔴 চীনৰ সৈতে আমাৰ মূল সমস্যা হ’ল সীমা বিবাদ৷ ভাৰত আৰু চীনৰ সীমা নির্ধাৰণৰ ক্ষেত্রত ‘গ্রাউণ্ড মার্ক’ নথকাৰ বাবেই সঘনে বিবাদৰ সূত্রপাত হয়৷ আমি যদি পূব দিশতে কওঁ অৰুণাচলৰ সীমাত ৱাটাৰ ছাইডত মেকমোহন লাইন নির্ধাৰণ কৰা হৈছিল, যিটো ১৯১৪ চনত ব্রিটিছ–ভাৰত, চীন আৰু তিব্বতৰ মাজত যদিও সন্ধি হৈছিল৷ সেই সন্ধিত চীনৰ যিজন প্রতিনিধি আছিল তেওঁ চহী কৰা নাছিল৷ গতিকে মেকমোহন লাইনৰ যিটে alignment water sideৰ লগে লগে আছে সেইটো তেওঁলোকে মানি লোৱা নাই৷ অকল ছিকিমৰ সীমাটো নির্ধাৰণ কৰা আছে৷ কাৰণ ছিকিম আগতে স্বাধীন ৰাজ্য আছিল৷ তাৰ বাহিৰে বাকী সীমাৰ ক্ষেত্রত তেওঁলোকৰ আৰু আমাৰ মাজত বুজাবুজিৰ পার্থক্য আছে৷ গতিকে যেতিয়ালৈকে সীমা নির্ধাৰণ কৰা নহয় তেতিয়ালৈকে এই ধৰণৰ সমস্যা চলি থাকিব৷ এনে সমস্যাক লৈ ভৱিষ্যতে যাতে সংঘাতময় পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে পাঁচখন চুক্তি কৰা আছে৷ সেইটোক অনুসৰণ কৰি বৈদেশিক মন্ত্রালয়ৰ তৰফৰ পৰা কিছুমান Structure দিয়া আছে৷ যিটোৰ মাজেৰে ভাৰত আৰু চীনৰ মাজত কিছুমান আলোচনা চলি আছে৷ বর্তমানো WMCC বুলি যিটো আছে সেইটোৰ মাজেৰে আলোচনা চলি আছে৷ মিলিটাৰী স্তৰতো দুয়োখনৰ মাজত আলোচনা চলি আছে৷ সর্বশেষত আলোচনাৰ মাজেৰে যেতিয়া দুয়োখন দেশৰ মাজত প্রকৃত সীমা নির্ধাৰণ হ’লে সমস্যাটো সু-সমাধান হ’ব৷
🔹 ভূটান আৰু নেপালৰ পৰা ভৱিষ্যতে কি ধৰণৰ প্রত্যাহ্বান আহিব পাৰে?
🔴ভূটান আৰু নেপালৰ লগত আমাৰ সম্পর্কটো দুয়োখন দেশৰ ফালৰ পৰাই হওক বা সেনা বাহিনীৰ ক্ষেত্রতে হওক সদায়ে সহযোগিতামূলক আৰু ভাতৃত্বমূলক তথা বন্ধুত্বপূর্ণ৷
🔹অনুপ্রৱেশে অসমীয়া জাতিক আজি অস্তিত্বৰ সংকটত পেলাইছে৷ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চললৈ অস্ত্র–শস্ত্র, ড্রাগ্ছৰ সৰবৰাহ, চোৰাং কাৰবাৰ আদিত বাংলাদেশে ভাবুকিৰ সৃষ্টি কৰিছে৷ এই অনুপ্রৱেশৰ অন্তৰালত বাংলাদেশৰ মৌলবাদী তথা জেহাদীৰ আগ্রাসন নে অন্য কাৰণ বুলি ভাবে?
🔴 বাংলাদেশৰ পৰা অনুপ্রৱেশ প্রথমে আৰম্ভ হৈছিল কামৰ সন্ধানত৷ আমি সকলোৱে এই কথা জানো৷ কিন্তু যোৱা কেইবছৰমানৰ পৰা বাংলাদেশৰ অর্থনীতি সুস্থিৰ হৈ আছে, ফলত অনুপ্রৱেশকাৰীৰ সংখ্যা হ্রাস হৈছে৷ তাৰ মাজতে কিছুমান চোৰাং কাৰবাৰ, গৰু সৰবৰাহকে ধৰি অসামাজিক গতি–বিধি চলি থকাৰ বিষয়ে জ্ঞাত৷ পূর্বতে আলফাকে ধৰি উগ্রপন্থী গোটসমূহৰ ঘাটি চুবুৰীয়া দেশখনত আছিল৷ এতিয়া এইবোৰো নোহোৱা হোৱাৰ পথত৷ গতিকে বাংলাদেশৰ পৰা অহা সমস্যাবোৰৰ অসমৰ ক্ষেত্রতে হওক বা ভাৰতৰ ক্ষেত্রতে হওক বহুত হ্রাস হৈছে৷
🔹 আলফাৰ আলোচনাপন্থী গোটৰ সৈতে শেহতীয়াকৈ চৰকাৰে চুক্তি স্বাক্ষৰ কৰিছে৷ পৰেশ বৰুৱা অবিহনে আলফাই কেন্দ্রীয় চৰকাৰৰ লগত যিখন চুক্তি স্বাক্ষৰ কৰিলে তাৰ দ্বাৰা আলফা সমস্যাটোৰ সমাধান হ’ব বুলি আপুনি ভাবেনে?
🔴 আলফাৰ যিখিনি নেতা চুক্তি স্বাক্ষৰ কৰিবলৈ ওলাই আহিছে সেইসকলৰ আশা–আকাংক্ষা সমাধান কৰাৰ চেষ্টা চলাইছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ এতিয়া আলফাৰ অধিকাংশ নেতা আৰু সদস্য আলোচনা প্রক্রিয়াত জড়িত হৈছে৷ এয়া এক বৃহৎ সাফল্য বুলি অভিহিত কৰিব পাৰি৷ কিন্তু পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ স’তে আলোচনা হ’লেহে মূল সমস্যাটোৰ স্থায়ী সমাধান সম্ভৱ হ’ব৷ ম্যানমাৰত পৰেশ বৰুৱাৰ নেতৃত্বত থকা গোটটো সৰু৷ কিন্তু মূল সমস্যাটোৰ স্থায়ী মীমাংসা কৰিবলৈ হ’লে পৰেশ বৰুৱা গোটৰ সৈতেও আলোচনা কৰাৰ প্রয়োজন৷
🔹 জনসংখ্যা বৃদ্ধিত আজি ভাৰতবর্ষই চীনকো অতিক্রম কৰি বিশ্বৰ প্রথম সর্ববৃহৎ দেশ ৰূপে পৰিগণিত হৈছে৷ জনসংখ্যা বিস্ফোৰণৰ প্রভাৱক আপুনি কিদৰে বিশ্লেষণ কৰে?
🔴 জনসংখ্যাৰ ক্ষেত্রত আমাৰ বর্তমান যিটো চাৰিত্রিক বৈশিষ্ট্য, সেইটো সমস্যা নহয়৷ আমাৰ এতিয়া যিটো হাৰত জনসংখ্যা বাঢ়িছে তাৰ অধিকাংশই যুৱশক্তি৷ আমাৰ দেশৰ জনসংখ্যাৰ এক বিলিয়ন লোক ৩৫ বছৰ বয়সৰ তলৰ৷ যিসকলৰ কর্মশক্তিয়ে দেশখনক অধিক সমৃদ্ধিশালী আৰু শক্তিধৰ কৰিব পাৰে৷ কিন্তু চীন আৰু জাপানত গড় আয়ুস বৃদ্ধিৰ ফলত সৃষ্টি হোৱা জনসংখ্যাৰ বাবে চীন আৰু জাপানত বয়স্ক লোকৰ সংখ্যাহে অধিক হৈছে৷ কাম কৰা মানুহৰ সংখ্যা বেছি হ’লে দেশৰ বাবে মংগল৷ সেয়ে জনসংখ্যা বৃদ্ধিৰ এনে ধাৰাক ইতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰি কামত নিয়োজিত কৰিব পাৰিলে তেতিয়া দেশখনে অর্থনৈতিকভাৱে অধিক লাভান্বিত হ’ব৷
🔹 সন্তানৰ কৃতকার্যতাত পিতৃ–মাতৃৰ ভূমিকাই সর্বাধিক৷ পিতৃ–মাতৃৰ সৎ, নৈতিক তথা আদর্শ জীৱনে সন্তানৰ সাফল্যত এক গুৰুত্বপূর্ণ ভূমিকা লয়৷ আপোনাৰ কৃতকার্যতাত পিতৃ–মাতৃৰ কি ধৰণৰ শিক্ষাই অধিক অনুপ্রাণিত কৰিলে?
🔴 সন্তানৰ সাফল্যত পিতৃ–মাতৃৰ এটা ডাঙৰ ভূমিকা আছে৷ পিতৃ–মাতৃয়ে কেনেকৈ আমাক ডাঙৰ কৰিলে, নিয়মানুৱর্তী জীৱন এটা গঢ় দিলে, পঢ়াৰ প্রতি মনযোগী হোৱাত, সংসাৰৰ প্রতি দায়িত্ব পালনত, দেশ তথা সমাজৰ প্রতি দায়িত্ব–কর্তব্য পালনৰ শিক্ষা দিয়াৰ মূলতে প্রথমে মই মোৰ পিতৃ–মাতৃৰ সুশিক্ষা আৰু শিক্ষকৰ ভূমিকাক কৃতজ্ঞতাৰে স্মৰণ কৰিব লাগিব৷ মই ভাবোঁ- যিকোনো মানুহ গঢ়াত সকলোতকৈ বেছি প্রভাৱ পেলাব পাৰে পিতৃ–মাতৃ আৰু শিক্ষাগুৰুসকলে৷ মোৰ এই কৃতকার্যতা আৰু সাফল্যৰ অন্তৰালতো পিতৃ–মাতৃৰ সুশিক্ষা আৰু শিক্ষক–শিক্ষয়িত্রীৰ ভূমিকা বহুত আছে৷
সাক্ষাৎগ্রহণকাৰীৰ ফোন : ৯৩৬৫৮–৩২৪৪১