নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ সাধাৰণ নির্বাচন

ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ ৪ বছৰৰ পিছত দেশত সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল৷ ১৯৫১ চনৰ ২৫ অক্টোবৰৰ পৰা ১৯৫২ চনৰ ২১ ফেব্রুৱাৰীত দেশৰ সাধাৰণ নির্বাচন অনুষ্ঠিত কৰা হৈছিল৷ ভাৰতবর্ষৰ প্রথমটো লোকসভা নির্বাচনত মুঠ ৪৮৯গৰাকী সাংসদক নির্বাচিত কৰিছিল৷ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান গৃহীত হোৱাৰ পিছত ১৯৫০ চনৰ মার্চত সুকুমাৰ সেনক প্রথমগৰাকী প্রধান নির্বাচন আয়ুক্ত হিচাপে নিযুক্ত কৰা হয়৷ ইয়াৰ এমাহৰ পিছত সংসদত জনপ্রতিনিধিত্ব আইন পাছ কৰি সংসদ আৰু ৰাজ্য আইনসভাৰ নির্বাচন কিদৰে পৰিচালনা কৰিব পৰা হ’ব, সেয়া নির্ধাৰণ কৰে৷ লোকসভাৰ ৪৮৯খন আসনৰ বাবে ২৫খন ৰাজ্যৰ ৪০১টা নির্বাচনী অঞ্চলত নির্বাচন অনুষ্ঠিত কৰা হয়৷ প্রথমবাৰ পাষ্ট–দ্য–প’ষ্ট পদ্ধতি ব্যৱহাৰ কৰি ৩১৪টা নির্বাচনী অঞ্চলত এজনকৈ সদস্য নির্বাচিত কৰা হৈছিল৷ ৮৬খন আসনত দুজনকৈ সদস্য নির্বাচিত হয়৷ ইয়াৰ এজন সাধাৰণ শ্রেণীৰ আৰু আনজন অনুসূচিত জাতি অথবা জনজাতিৰ পৰা৷ দেশৰ প্রথমটো নির্বাচনত ভাৰতীয় জাতীয় কংগ্রেছ (আইএনচি)–এ বৃহৎ বিজয় সাব্যস্ত কৰিছিল৷ দলটোৱে ৪৫ শতাংশ ভোট লাভ কৰি ৪৮৯খন আসনৰ ভিতৰত ৩৬৪খন আসনত জয়লাভ কৰে৷ দ্বিতীয় স্থানত থকা ছ’চিয়েলিষ্ট পার্টীয়ে মাত্র ১১ শতাংশ ভোট লাভ কৰি মাত্র ১২খন আসন দখল কৰিছিল৷ জৱাহৰলাল নেহৰুৱে দেশৰ প্রথমগৰাকী গণতান্ত্রিকভাৱে নির্বাচিত প্রধানমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰে৷ অসমতো ১৯৫১–৫২ চনত প্রথমটো সাধাৰণ নির্বাচন অনুষ্ঠিত হয়৷ ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পিছত অসমৰ জনসাধাৰণেও ভোটদানেৰে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ লগতে দেশসেৱক নির্বাচন কৰিবলৈ ব্যগ্র হৈ পৰিছিল৷ সেইবাৰ নির্বাচনত অসমৰ ১০টা সমষ্টিত ১২খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হৈছিল৷ নির্বাচনৰ ফলাফল অনুসৰি ১২খন আসনৰ ১১খন আসনত জয়লাভ কৰিছিল ইণ্ডিয়ান নেচনেল কংগ্রেছে৷ আনহাতে, এখন আসনত বিজয়ী হৈছিল ছ’চিয়েলিষ্ট পার্টী৷
জৱাহৰলাল নেহৰু নেতৃত্বাধীন কংগ্রেছে মুঠ ১২,১০,৭০৭টা ভোট লাভ কৰিছিল আৰু ভোটৰ শতাংশ আছিল ৪৫.৭ শতাংশ৷ ইয়াৰ বিপৰীতে ছ’চিয়েলিষ্ট দলে লাভ কৰা ভোটৰ পৰিমাণ আছিল ৫,০৬,৯৪৩টা৷ দলটোৱে ১৯.১৫ শতাংশ ভোট লাভ কৰিছিল৷ সেইবাৰ নির্বাচনত অসমত তৃতীয় স্থানত থকা দলটো আছিল কিষাণ মজদুৰ প্রজা পার্টী৷ দলটোৱে কোনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু তেওঁলোকে মুঠ ২,৬৫,৬৮৭ ভোট লাভ কৰিছিল৷ দলটোৱে ১০.০৪ শতাংশ ভোট লাভ কৰিবলৈহে সমর্থ হৈছিল৷ চতুর্থ স্থানত থকা ট্রাইবেল সংঘই লাভ কৰিছিল ৪.৪১ শতাংশ ভোট৷ দলটোৱে লাভ কৰা মুঠ ভোটৰ পৰিমাণ আছিল ১,১৬,৬২৯টা৷ ভাৰতীয় জনসংঘই অসমত লাভ কৰা ভোটৰ সংখ্যা আছিল ৯৬,৩০৩টা৷ দলটোৱে মাত্র ৩.৬৪ শতাংশ ভোটেৰে পঞ্চম স্থানতে সীমিত আছিল৷ ষষ্ঠ স্থান লাভ কৰা অল পিপল্ছ পার্টীয়ে ৩৬,৮৫১টা পাইছিল আৰু তেওঁলোকৰ ভোটৰ শতাংশ আছিল ১.৩৯৷ একেদৰে পৰৱর্তী স্থানসমূহ লাভ কৰিছিল ক্রমে খাচী জয়ন্তীয়া দৰবাৰ (৩২,৯৮৭টা), হিল পিপলছ পার্টী (১৭,৩৫০) আৰু ইণ্ডিপেণ্ডেণ্টছ৷ ইণ্ডিপেণ্ডেণ্টছে ৩,৬৩,৬৭০টা ভোট লাভ কৰিছিল আৰু তেওঁলোকৰ ভোটৰ শতাংশ আছিল ১৩.৭৪৷ সেইবাৰ অসমত মুঠ ২৬,৪৭,১২৭ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল৷ প্রথমটো নির্বাচনত অসমত মুঠ সমষ্টিৰ সংখ্যা আছিল ১০টা৷ কাছাৰ লুছাল হিলছ সমষ্টিত নির্বাচিত হৈছিল আইএনএছৰ প্রার্থী নিবাৰণ চন্দ্র লস্কৰ৷ অট’নমাছ জিলা সমষ্টিত কংগ্রেছৰে সুৰেশ চন্দ্র দেৱ নির্বাচিত হৈছিল৷ আনহাতে, গোৱালপাৰা গাৰো হিলছত ছ’চিয়েলিষ্ট পার্টীৰ জোনাব আমজাদ আলী আৰু কংগ্রেছৰ প্রার্থী সীতানাথ ব্রহ্মচৌধুৰী নির্বাচিত হয়৷ বৰপেটা সমষ্টিত বেলিৰুম দাস, গুৱাহাটীত ৰোহিণী কুমাৰ চৌধুৰী, দৰঙত কামাখ্যা প্রসাদ ত্রিপাঠী, নগাঁৱত দেৱকান্ত বৰুৱা, গোলাঘাট–যোৰহাটত দেৱেশ্বৰ শর্মা, শিৱসাগৰ–নর্থ লখিমপুৰত সুৰেন্দ্র নাথ বুঢ়াগোহাঁই আৰু ডিব্রুগড়ত যোগেন্দ্র নাথ হাজৰিকা নির্বাচিত হয়৷ ১১খন আসনত কংগ্রেছে জয়লাভ কৰাৰ বিপৰীতে ছ’চিয়েলিষ্ট পার্টীয়ে ৬খন আসনত দ্বিতীয় স্থান লাভ কৰে৷ আনহাতে, কিষাণ মজদুৰ প্রজা পার্টীয়ে দুখনত, খাচী জয়ন্তীয় দৰবাৰে দুখনত আৰু ট্রাইবেল সংঘই এখন আসনত দ্বিতীয় স্থান লাভ কৰিছিল৷ ২০২৪ চনৰ লোকসভা নির্বাচন ব’হাগ বিহুৰ আগে–পিছে অনুষ্ঠিত হ’ব৷ ইতিমধ্যে এই নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটৰ লগতে কংগ্রেছ, এআইইউডিএফ আদিয়ে নিজ নিজ সমষ্টিৰ বাবে প্রার্থীৰ নাম ঘোষণা কৰিছে৷ দেশৰ অষ্টাদশ লোকসভা নির্বাচনত অসমৰ ১৪খন আসনত প্রতিদ্বন্দ্বিতা হ’ব৷ ২০১৯ চনত অসমত অনুষ্ঠিত লোকসভা নির্বাচনত বিজেপি দলে দর্শনীয় ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল৷ এইবাৰো নির্বাচনী দৌৰৰ শীর্ষত আছে শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁট৷ নির্বাচন অনুষ্ঠিত হ’বলগীয়া ১৪খন আসনৰ ১৩খনতে বিজেপি মিত্রজোঁটৰ প্রার্থী বিজয়ী হোৱাৰ সম্ভাৱনা আছে৷

You might also like