নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুপামাৰীত জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চ : কামৰূপ জিলাৰ ২৭নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ৪৫নং টুপামাৰী গাওঁ পঞ্চায়তৰ ২নং টুপামাৰীৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভোগাই আহিছে ৰাইজক | পঞ্চায়তৰ পৰা যদিও দলং মেৰামতি কৰিছিল, প্ৰায় দুবছৰ ধৰি দলং পুনৰ জৰাজীৰ্ণ হৈয়েই আছে | ২নং টুপামাৰী গাঁৱৰ লগতে চেঙা সমষ্টিৰ কেইবাখনো গাঁৱৰ সহস্ৰাধিক লোক টুপামাৰী কড়িতলা বজাৰলৈ অহা-যোৱা কৰা একমাত্ৰ পথৰ কাঠৰ দলংখন বিপদসংকুল হৈ পৰিছে | উল্লেখ্য যে শ শ ছাত্ৰ-ছাত্ৰীয়ে দলংখনেৰে টুপামাৰী আঞ্চলিক কলেজ, ৰংগেশ্বৰী টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, টুপামাৰী হাইস্কুলৰ লগতে কেইবাখনকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ নিতৌ মৰণত শৰণ দি পাৰাপাৰ হ’বলগীয়া হয়। দলংখন জৰাজীৰ্ণ হোৱাৰ বাবে প্ৰায়ে সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈ থাকে। শীঘ্ৰে দলংখন মেৰামতি নকৰিলে কেতিয়াবা ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি পথচাৰীয়ে ভয়-আশংকা ব্যক্ত কৰিছে | চৰকাৰ, জনপ্ৰতিনিধিক স্থানীয় ৰাইজে বহু আবেদন-নিবেদন কৰিও কোনো সুফল নোপোৱাৰো অভিযোগ | শীঘ্ৰে জৰাজীৰ্ণ কাঠৰ দলংখনৰ ঠাইত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰি ৰাইজৰ সুচল যাতায়াতৰ দিহা কৰিবলৈ সংশ্লিষ্ট সকলোলৈকে ৰাইজে দাবী জনাইছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like