নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিজন ভোটাৰলৈ অভিবাদন

  • ৰাজীৱ কুমাৰ

আজি ২৫ জানুৱাৰী, ভাৰতৰ নির্বাচন আয়োগৰ প্রতিষ্ঠা দিৱস আৰু এই দিনটো ২০১১ চনৰ পৰা ৰাষ্ট্রীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হৈ আহিছে৷ ইয়াৰ উদ্দেশ্য হৈছে ভাৰতবর্ষৰ নাগৰিকসকলক ভোটাৰ হিচাপে তেওঁলোকৰ অধিকাৰ আৰু দায়িত্ব সম্পর্কে সজাগ কৰি তোলা৷ ১৯৫০ চনৰ ২৫ জানুৱাৰীত প্রথম গণৰাজ্য দিৱসৰ আগদিনা ভাৰতৰ নির্বাচন আয়োগ গঠন কৰা হৈছিল৷ সংবিধান সভাই ইয়াৰ কার্যকলাপ আৰু সিদ্ধান্ত গ্রহণৰ স্বাধীনতা সুনিশ্চিত কৰিবলৈ ৩২৪নং অনুচ্ছেদৰ অধীনত ইয়াক সাংবিধানিক মর্যাদা প্রদান কৰিছিল৷ সাক্ষৰ লোকৰ সংখ্যা কম আৰু ভোটাৰ তালিকা নথকাৰ সময়ত প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ওপৰত ভিত্তি কৰি নির্বাচন অনুষ্ঠিত কৰিবলৈ স্থায়ী, কেন্দ্রীয় আৰু স্বায়ত্তশাসিত আয়োগ গঠন কৰাটো হৈছে সংবিধান সভাৰ প্রশংসনীয় দূৰদর্শিতা৷ আজিলৈকে ১৭টা লোকসভা নির্বাচন, ৰাষ্ট্রপতি আৰু উপ–ৰাষ্ট্রপতিৰ ১৬টাকৈ নির্বাচন আৰু ৩৯৯টা বিধানসভা নির্বাচনত প্রতিষ্ঠানটোৰ দক্ষতা, নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতা অক্ষুণ্ণ আছে৷ ৪০০সংখ্যক বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷ মাজে–সময়ে আন্তঃৰাষ্ট্রীয়পর্যায় দেখা বিসংগতিৰ বিপৰীতে ভাৰতত নির্বাচনী ফলাফল কেতিয়াও বিতর্কিত হোৱা নাই৷ নির্বাচন সম্পর্কীয় ব্যক্তিগত আবেদনৰ বিচাৰ সংশ্লিষ্ট উচ্চ ন্যায়ালয়ে কৰে৷ ভাৰতৰ নির্বাচন আয়োগে ৰাজনৈতিক দল আৰু ভাৰতবর্ষৰ নাগৰিকসকল উভয়ৰে আস্থা লাভ কৰিছে৷ এই আস্থা অধিক সুদৃঢ় কৰি তুলিবলৈ আমি প্রতিশ্রুতিবদ্ধ৷
এক শক্তিশালী গণতন্ত্র গঢ়ি তোলাৰ বাবে নির্বাচনত এক সবল আৰু সর্বাত্মক অংশগ্রহণ গুৰুত্বপূর্ণ৷ শক্তিশালী গণতন্ত্রত নির্বাচন অধিক মুক্ত, নিকা, নিয়মীয়া আৰু বিশ্বাসযোগ্য হোৱাৰ উপৰি শাসন ব্যৱস্থাটোৰ ওপৰত সম্পূর্ণ নিয়ন্ত্রণ ৰাখিবলৈ নির্বাচন জনপ্রিয় আৰু অংশগ্রহণমূলক হোৱা উচিত৷ ভোটাধিকাৰ সাব্যস্ত কৰিলেহে ই শক্তি হিচাপে পৰিগণিত হয়৷ এইক্ষেত্রত মহাত্মা গান্ধীৰ এষাৰি আপ্তবাক্য আমাৰ মনলৈ আহিছে– যদি কর্তব্য সম্পাদন নকৰাকৈ আমি অধিকাৰ বিচাৰোঁ সেয়া লাভ কৰাটো আমাৰ বাবে অসম্ভৱ হৈ পৰিব৷
৯৪ কোটিৰো অধিক পঞ্জীয়নভুক্ত ভোটাৰ থকা ভাৰত হৈছে বিশ্বৰ সর্ববৃহৎ গণতন্ত্র৷ তথাপি বিগত সাধাৰণ নির্বাচনত (২০১৯) প্রকৃত ভোটদানৰ হাৰ ৬৭.৪ শতাংশই এইক্ষেত্রত আমাৰ কৰণীয় থকাটোকে সূচাইছে৷ এতিয়া বাদ পৰি যোৱা ৩০ কোটি ভোটাৰক ভোটকেন্দ্রলৈ লৈ অনাটোৱেই হৈছে প্রধান প্রত্যাহ্বান৷ এই ভোটাৰসকলৰ মাজত নগৰীয়া উদাসীনতা, যুৱ উদাসীনতা, ঘৰুৱা প্রব্রজন আৰু অন্যান্য কাৰক বিৰাজমান৷ স্বেচ্ছামূলকভাৱে নাম পঞ্জীয়ন আৰু ভোটদানৰ বাবে ভোটদাতাক উৎসাহ যোগোৱা আৰু সুবিধা প্রদান কৰাটো উদাৰ গণতন্ত্রৰ সর্বোত্তম প্রক্রিয়া৷ ইয়াৰ অধীনত কম ভোটদান হোৱা সমষ্টি আৰু কম ভোটদান কৰা ভোটদাতাসকলক লক্ষ্য কৰি লোৱা উচিত৷ ইতিমধ্যে ভাৰতৰ নির্বাচন আয়োগে আশী বছৰ আৰু তাৰ ওপৰৰ বয়সৰ দুই কোটিৰো অধিক ভোটাৰ, ৮৫ লাখ দিব্যাংগ ভোটাৰক সুবিধা প্রদান কৰিবলৈ আৰু ৪৭,৫০০তকৈ অধিক তৃতীয় লিংগৰ ভোটাৰৰ নামভর্তিৰ সুবিধাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে৷ গণতন্ত্রৰ প্রতি তেওঁলোকৰ দায়বদ্ধতাৰ স্বীকৃতিস্বৰূপে অলপতে দুই লাখতকৈ অধিক শতবর্ষ গৰকা ভোটাৰক মই ব্যক্তিগত পত্রযোগে ধন্যবাদ জনাইছেছা৷ ২০২২ চনৰ ৫ নৱেম্বৰত হিমাচল প্রদেশৰ কল্পাত প্রয়াত শ্যাম চৰণ নেগীৰ প্রতি শ্রদ্ধাঞ্জলি অর্পণ কৰাৰ সুযোগ লাভ কৰিছিলোঁ৷ ১৯৫১ চনৰ ভাৰতৰ প্রথম সাধাৰণ নির্বাচনত প্রথম ভোটাৰ হিচাপে স্বীকৃতি লাভ কৰা এই ব্যক্তিগৰাকীয়ে ১০৬ বছৰ বয়সত মৃত্যুবৰণ কৰাৰ আগলৈকে কেতিয়াও ভোটদানৰ পৰা বিৰত থকা নাছিল৷ তেওঁ দেখুৱাই যোৱা এই আদর্শই আমাক ভোটদানৰ কর্তব্য সম্পাদন কৰিবলৈ অনুপ্রাণিত কৰে৷
যুৱপ্রজন্মৰ ভোটাৰসকল হ’ল ভাৰতীয় গণতন্ত্রৰ ভৱিষ্যৎ৷ ২০০০ চনৰ আশে–পাশে তথা তাৰ পাছত জন্মলাভ কৰা যুৱপ্রজন্মই আমাৰ ভোটাৰ তালিকাত নামভর্তি কৰিবলৈ আৰম্ভ কৰিছে৷ ভোটাৰ হিচাপে তেওঁলোকৰ অংশগ্রহণে প্রায় সমগ্র শতিকাটোৰ কাৰণে আমাৰ গণতন্ত্রৰ ভৱিষ্যতক ৰূপ দিব৷ সেয়েহে ছাত্র–ছাত্রীসকলে ভোটদানৰবয়সত উপনীত হোৱাৰ আগতেই বিদ্যালয় পর্যায়তে তেওঁলোকৰ মনত গণতান্ত্রিকবীজ ৰোপণ কৰা প্রয়োজন৷ একে সময়তে যুৱক–যুৱতীসকলক্ ভোটগ্রহণ কেন্দ্রলৈ আনিবলৈ বিভিন্ন মাধ্যমৰ জৰিয়তে ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ভোটদানৰ প্রতি বিৰাগ দেখুওৱা নগৰীয়া ভোটাৰৰ ক্ষেত্রতো একেই ব্যৱস্থা লোৱা হৈছে৷
প্রতিটো ভোটদান কেন্দ্রত নিশ্চিত নূ্যনতম সা–সুবিধা যেনে– শৌচাগাৰ, বিদ্যুৎ, খোৱাপানী, ৰেম্প ইত্যাদিৰ উন্নয়নৰ বাবে ভাৰতৰ নির্বাচন আয়োগে আগভাগ লৈ আছে৷ বিদ্যালয়সমূহত উপলব্ধ কৰা এই সা–সুবিধাসমূহৰ স্থায়ী ৰূপ দিয়াৰ বাবে আয়োগ আগ্রহী৷ আর্থিকভাৱেও ই এক সঠিক সিদ্ধান্ত৷
গণতন্ত্রত ভোটাৰসকলে ভোট দিয়া প্রাথ্সকলৰ সম্পর্কে জনাৰ অধিকাৰ আছে৷ সঠিক বাছনিৰ বাবে ভোটাৰসকলক এনে তথ্য প্রদান কৰাটো প্রয়োজন৷ যদি কোনো প্রার্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে, সেয়া বাতৰিকাকতত জাননীযোগে প্রকাশ কৰিব লাগে৷ আনহাতে, প্রতিটো ৰাজনৈতিক দলৰ যেনেদৰে নিজ ইস্তাহাৰত কল্যাণমূলক পদক্ষেপৰ প্রতিশ্রুতি দিয়াৰ অধিকাৰ আছে, তেনেদৰে ভোটাৰসকলৰো ৰাজকোষত ইয়াৰ আর্থিক প্রভাৱ জানিবলৈ সমানেই অধিকাৰ আছে৷ যদিও নির্বাচনী যুঁজত শক্তি প্রয়োগৰ প্রৱণতাকবহুলাংশে ৰোধ কৰা হৈছে, তথাপি কেইখনমান ৰাজ্যত এতিয়াও নির্বাচন সম্পর্কীয় হিংসাই ভোটাৰৰ পছন্দৰ প্রার্থী নির্বাচনৰ ক্ষেত্রত বাধা প্রদান কৰি আহিছে৷ গণতন্ত্রত হিংসাৰ কোনো স্থান থাকিব নালাগে৷ নির্বাচনত ধনবলৰ প্রয়োগ ৰোধ কৰাটো এক ডাঙৰ প্রত্যাহ্বান৷ ভোটাৰলৈ আগবঢ়োৱা প্রলোভনৰ পৰিসৰ আৰু পৰিমাণ কেইখনমান ৰাজ্যত আন ৰাজ্যতকৈ অধিক৷ অৱশ্যে আইন প্রয়োগকাৰী সংস্থাসমূহৰ কঠোৰ সতর্কতাৰ ফলত শেহতীয়াকৈ অনুষ্ঠিত হোৱা নির্বাচনৰ সময়ত অভিলেখ পৰিমাণৰ সামগ্রী জব্দ কৰা দেখা পোৱা গৈছে৷ গণতন্ত্রত নিষ্ঠাৱান আৰু সজাগ ভোটাৰৰ বিকল্প থাকিব নোৱাৰে৷ চি–ভিজিলৰ দৰে ম’বাইল এপসমূহে নির্বাচনী আচৰণ বিধি উলংঘা কৰা ঘটনাবোৰৰ বিষয়ে অৱগত কৰাবলৈ সাধাৰণ নাগৰিকক সহায় কৰিছে আৰু ই আইন উলংঘাকাৰীসকলৰ বিৰুদ্ধে তাৎক্ষণিক কার্যব্যৱস্থা (১০০ মিনিটৰ ভিতৰত) গ্রহণ কৰাৰ ক্ষেত্রত নির্বাচন পর্যবেক্ষকসকলক সহায় কৰি আছে৷
বিশ্বাসযোগ্য নির্বাচনী ফলাফলৰ জৰিয়তে গণতান্ত্রিকব্যৱস্থা আৰু শক্তিশালীকৰণৰ প্রক্রিয়া বিশ্বজুৰি আজি পৰিৱর্তনৰ দুৱাৰডলিত উপনীত হৈছে৷ সামাজিক মাধ্যমে যি ব্যাপকতা আৰু দ্রুততাৰে তথ্য আৰু মতামত বা ভুৱা বাতৰি বিয়পাব পাৰে, সেই তীব্রতাই নির্বাচন পৰিচালনাৰ আন আন প্রযুক্তিগত দিশবোৰক নিষ্প্রভ কৰি তোলাৰ প্রৱণতা দেখা যায়৷ ভাৰতৰ নির্বাচন আয়োগৰ ভূমিকা আৰু পৰিকাঠামোৰ ভেটিস্বৰূপ নীতিগত আৰু আইনগত আদর্শসমূহৰ শৃংখল ভাঙি এনে অপলাপ প্রচাৰৰ বাবে প্রযুক্তিক ফলপ্রসূ মাধ্যম হিচাপে ব্যৱহাৰ কৰা দেখা যায়৷
প্রতিটো নির্বাচনৰ পূর্বে শ শ ভুৱা সংবাদ ভিডিঅ’–লেখা প্রচাৰ কৰা হয়৷ নির্বাচনৰ মূল কাঠামোৰ বিৰোধী এনে অপপ্রচাৰ নির্বাচন পাৰ হৈ যোৱাৰ পাছতো বর্তি থাকে৷ বিশ্বজুৰি এক প্রত্যাশা উদয় হৈছে যে সামাজিক মাধ্যমসমূহে এইসমূহৰ শক্তিশালী ‘কৃত্রিম বুদ্ধিমত্তা’ প্রয়োগেৰে এনে দেখ দেখ অপপ্রচাৰ প্রতিৰোধ কৰিব৷ সম–ংশীদাৰিত্বৰেব স্বাধীনতা আৰু এনে মুক্ত স্থানৰ মর্যাদা অটুট ৰখা প্রয়োজন৷ চূডান্ত শঠতাৰ এনেকুৱা কার্যই যে নির্বাচন পৰিচালনা কৰা সংস্থাবোৰৰ কাম অতি কঠিন কৰি তোলে, এই উপলব্ধিৰ সূচনা হোৱাৰ লগতে আত্মসংশোধনো প্রয়োজনীয়৷
নির্বাচনক সর্বাত্মক, অংশগ্রহণমুখী, ভোটদাতাৰ বাবে সহজসাধ্য আৰু নীতিগত কৰি তোলাৰ বাবে ভাৰতৰ নির্বাচন আয়োগৰ সংকল্পবদ্ধতাৰ প্রতীকস্বৰূপ হ’ল ‘ৰাষ্ট্রীয় ভোটাৰ দিৱস’৷ ১৩সংখ্যক ‘ৰাষ্ট্রীয় ভোটাৰ দিৱস’ৰ মূল বিষয়বস্তু হ’ল ‘ভোটদানৰ বিকল্প নাই, মই নিশ্চিতভাৱে ভোটদান কৰিম’৷ এয়া সুস্পষ্ট যে এই বিষয়বস্তুটো ভোটদাতাক আকৃষ্ট কৰিব পৰাকৈ আকর্ষণীয়৷ নাগৰিকসকলে নিজৰ অধিকাৰ হিচাপে যেতিয়া ভোটদান কৰি গৌৰৱ অনুভৱ কৰে, প্রশাসন ব্যৱস্থাৰ ওপৰত ইয়াৰ সুপ্রভাৱ দেখা যায়৷ শুভ ভোটাৰ দিৱস৷
লেখক ভাৰতৰ মুখ্য নির্বাচনী আয়ুক্ত৷

You might also like