নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰগাঙত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ সম্পন্ন

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰী:  তেজপুৰ ঢেকীয়াজুলী দৃষ্টিদান আই হস্পিতালৰ  তত্বাৱধানত আৰু বৰগাং সূৰ্যকান্তি মহিলা সংগঠনৰ সৌজন্যতত কালি বৰগাং ৰংগমঞ্চত এটি বিনামুলীয়া চিকিৎসা শিবিৰৰ সফল ভাবে সম্পন্ন হয়।  শিবিৰত তেজপুৰ ঢেকিয়াজুলীৰ দৃষ্টিদান আই হস্পিতালৰ চকু বিশেষজ্ঞ সকলে চকু পৰীক্ষা কৰি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় । শিবিৰ আৰম্ভণিৰ পূৰ্বে সাংবাদিক অমিতাভ বৰুৱাৰ সভাপতিত্বত এখন চমু সজাগতামূলক সভা অনুষ্ঠিত হয় আৰু সভাত দৃষ্টিদান হস্পিতালৰ হৈ আধাত্মিক প্ৰচাৰক জিতেন্দ্ৰনাথ কৃষ্ণদাস উপস্থিত থাকি ৰাইজক দৃষ্টিদান হস্পিতালৰ জৰিয়তে কি কি সুবিধা সমূহ ৰাইজে লাভ কৰিব সবিশেষ দাঙি ধৰি ৰাইজক এই সুবিধা সমূহ গ্রহণ কৰিবলৈ আহ্বান জনাই সকলোৰে কুশল মংগল কামনা কৰে। হস্পিতাল কৰ্তৃপক্ষ নৰেন দাসে ইয়াত চকু পৰীক্ষা কৰাৰ পাছত যি সকলৰ চকুত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হব সকলোকে অহা-যোৱা, থকা-মেলা, খোৱা-বোৱা সকলো বিনামূলীয়াকৈ কৰা হব আৰু ইয়াৰ বাবে কেবল ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড বুলি জানিব দিয়ে। সূৰ্যক্ৰান্তি মহিলা সংগঠনৰ অধ্যক্ষা কৰৱী দত্ত কটকীয়ে সকলোকে দৃষ্টিদান হস্পিতাল কৰ্তৃপক্ষই অনুৰোধ ৰক্ষা কৰি বৰগাং অঞ্চলৰ দুখীয়া ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি অহাত সকলোকে ধন্যবাদ জ্ঞাপন কৰি মহিলা সংগঠনটিয়ে ৰাইজৰ স্বাৰ্থত কি কি কাম কৰি আছে থুলমূল আভাস এটি দাঙি ধৰে।ইয়াৰ পাছতে চকু পৰীক্ষণ আৰাম্ভ হয় আৰু শিবিৰত সাধাৰণ ভাবে চকু পৰীক্ষাৰ লগতে কম্পিউটাৰতো চকু পৰীক্ষা কৰি দিহা পৰামৰ্শ আগবাঢ়োৱাৰ লগতে অতি সুলভ মূল্যত চশমা দিয়াৰো ব্যৱস্থা কৰা হয়। চকু পৰীক্ষা কৰে দৃষ্টিহীন হস্পিতালৰ চকু বিশেষজ্ঞ ডাঃ নৰেন দাস আৰু ডাঃ অমুচ ৱাংহাংয়ে আৰু সহযোগ কৰে অভিজিৎ দাস, শ্যামল চৰকাৰ আৰু কান্ত বড়োৱে। আনহাতে সূৰ্যকান্তিৰহৈ অধ্যক্ষা কৰৱী দত্ত কটকী, সম্পাদিকা সুৰঞ্জনা বৰা দাস প্ৰমুখ্যে ৰূপা প্ৰসাদ,পুতুলী বৰুৱা, নয়ন ছিঘিনাদাস, কবিতা দেৱনাথ, কুন্তলা বৈশ্য, মৌচুমী বৰা, মমতাজ বেগম আৰু দীপালি মুণ্ডা উপস্থিত থাকি বিভিন্ন দিশত তদাৰক কৰে।
 অমিতাভ বৰুৱা : বৰগাং 
You might also like