নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিবাৰে দেশৰ ৭৪সংখ্যক গণৰাজ্য দিৱস: কোন মন্ত্রীয়ে ক’ত উত্তোলন কৰিব ত্রিৰংগা

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰী: অহা বৃহস্পতিবাৰে সমগ্র দেশৰ লগতে অসমতো উদযাপন হ’ব ৭৪সংখ্যক গণৰাজ্য দিৱস৷ প্রতিখন জিলা, মহকুমাৰ লগতে ৰাজ্যখনত উৎসাহ–উদ্দীপনাৰে গণৰাজ্য দিৱস পালনৰ বাবে ইতিমধ্যে যাৱতীয় প্রস্তুতি সম্পূর্ণ হৈছে৷ এইবাৰৰ গণৰাজ্য দিৱস যাতে সম্পূর্ণ শান্তিপূর্ণ আৰু সুকলমে অনুষ্ঠিত হয়, তাৰ বাবে প্রশাসনে প্রতিখন পেৰেড গ্রাউণ্ডৰ লগতে ৰাজ্যজুৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ দেশবিৰোধী কোনো শক্তিয়ে যাতে এই গণৰাজ্য দিৱসৰ সময়ছোৱাত বিঘিনি ঘটাব নোৱাৰে, তাৰ বাবে আৰক্ষী প্রশাসনে শেনদৃষ্টি ৰাখিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব৷

সেইদৰে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে কামৰূপত, অতুল বৰাই গোলাঘাটত, উর্খাও গৌৰা ব্রহ্মই বাক্সাত, চন্দ্রমোহন পাটোৱাৰীয়ে যোৰহাটত, পৰিমল শুক্লবৈদ্যই হাইলাকান্দিত, কেশৱ মহন্তই তেজপুৰত, ডাঃ ৰণোজ পেগুৱে নগাঁৱত, অশোক সিংহলে নলবাৰীত, যোগেন মহনে ডিব্রুগড়ত, সঞ্জয় কিষাণে তিনিচুকীয়াত, অজন্তা নেওগে শিৱসাগৰত, পীয়ূষ হাজৰিকাই লখিমপুৰত, বিমল বড়াই মঙলদৈত, নন্দিতা গার্লোছাই শিলচৰত, জয়ন্তমল্ল বৰুৱাই ধুবুৰীত, বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে কোকৰাঝাৰত, কার্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুত, উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছাই হাফলঙত আৰু বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে ওদালগুৰিত গণৰাজ্য দিৱসৰ ত্রিৰংগা উত্তোলন কৰিব৷ আন আন জিলা আৰু মহকুমা সদৰসমূহত সংশ্লিষ্ট জিলাৰ/মহকুমাৰ উপায়ুক্ত/মহকুমাধিপতিসকলে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব৷

You might also like