মানুহে কি ক’ব ?
🔹 ড০ পার্থসাৰথি মহন্ত
‘মানুহে কি ক’ব?’
‘অলপ সৰুকৈ কথা কচোন৷ মানুহে শুনিলে কি ক’ব?’
‘এইখন কি কৰিছ? মানুহে দেখিলে কি ক’ব?’
‘কি পিন্ধিছ এইবোৰ? মানুহে কি ক’ব?’
মুঠতে মানুহে কি ক’ব? মানুহে কি ক’ব? অর্থাৎ আনে কি ক’ব? আনে কি ভাবিছে? নিজে কি ভাবিছোঁ, কি ক’ব খুজিছোঁ কোনো কথাই নহয়৷
মানুহৰ মানসিকতাৰ এটা অতিৰঞ্জক দিশ৷ আনৰ চিন্তা, মত, মন্তব্যই নিৰূপণ কৰে আমাৰ সিদ্ধান্ত, আচৰণ, স্ব–মূল্য৷ আমি গ্রহণযোগ্যতা বিচাৰি থাকোঁ৷
আমাক অনুমোদন লাগে৷ সমর্থন লাগে৷ প্রতিটো মুহূর্তত, প্রতি কথা, প্রতি কামত৷
আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে সামাজিক গ্রহণযোগ্যতা পাবলৈ মানুহ পাগল হৈ থকাটো নিতান্তই স্বাভাৱিক আছিল৷ মানুহে দল পাতি বাস কৰিছিল৷ একগোট হৈ চিকাৰ কৰিছিল, খাদ্য সংগ্রহ কৰিছিল৷ দলত থাকিলেহে জীয়াই থকা সম্ভৱ হৈছিল৷ কিবা কাৰণত দলৰ পৰা খেদা খোৱাৰ অর্থ হ’ল নির্ঘাত মৃত্যুমুখলৈ আগবাঢ়ি যোৱা৷ মানুহৰ মনত এটা ভয় আছিল– সামাজিক প্রত্যাখ্যানৰ ভয়৷ মানুহৰ মজ্জাই মজ্জাই প্রোথিত হৈ আছিল এই ভয়৷ হাজাৰ হাজাৰ বছৰ মানুহৰ মনত অন্তর্নিহিত হৈ থকা এই ভয় থাকি গ’ল৷ সামাজিক প্রত্যাখ্যানৰ ভয়৷ খেদা নাখাবৰ বাবেই আমি অনুমোদন বিচাৰোঁ, গ্রহণযোগ্যতা বিচাৰোঁ– গোটৰ, দলৰ, সমাজৰ৷ আনৰ৷ মানুহে কি ক’ব? আমাৰ ক্ষণ–অনুক্ষণৰ চিন্তা, হাজাৰ হাজাৰ বছৰৰ চিন্তা– মানুহে কি ক’ব!
আনৰ কথা–চিন্তা মতেই যদি চলিব লাগে তেনেহ’লে আমাৰ আত্মসন্মানবোধ ক’ত? আচলতে আমাৰ বিষয়গত স্ব–মূল্যায়ন আৰু আনৰ আমাৰ প্রতি দৃষ্টিভংগী এই দুয়োটা কেতেৰীৰ দৰে বান্ধ খাই আছে৷ নিজৰ প্রতি আমাৰ ধাৰণা নির্ভৰ কৰে আনৰ চকুত আমি কেনেকৈ প্রতিফলিত হওঁ তাৰ ওপৰত৷ আনৰ চকুত আমি আমাৰ প্রতিবিম্ব চাওঁ৷ আনে যদি আমাক ভাল দেখিছে, ভাল বুলি কৈছে আমি ভাল বুলি ভাবোঁ, আনে বেয়া বুলি ক’লেই আমি বেয়া বুলি ভাবোঁ৷ নিজে ভাল নে বেয়া বুজিবলৈ আমি আনৰ চকুলৈ চাই থাকোঁ৷
মনস্তত্ত্ব বিশেষজ্ঞ উইলিয়াম জেমছে এক সুন্দৰ অভিধা ব্যৱহাৰ কৰিছে৷ ‘আইনা স্বয়ং’৷ আনেই মোৰ আইনা৷ আনৰ দৃষ্টিত, দৃষ্টিভংগীত মই মোক বিচাৰোঁ৷ মোৰ প্রতি আনৰ অনুভৱত মই মোৰ বৈধতা বিচাৰোঁ৷ মোৰ প্রতি আনৰ মন্তব্যত মই শুদ্ধতাৰ প্রমাণ–পত্র বিচাৰোঁ৷
সাংস্কৃতিক মূল্যবোধৰ কাৰণেও আমি ‘মানুহে কি ক’ব এই সংসক্তিত ভোগোঁ৷ আজিৰ সংস্কৃতি সমষ্টিবাদী সংস্কৃতি, সংহতিবাদী সংস্কৃতি৷ সম্প্রীতি, সহযোগিতা আৰু সমন্বয়ত গঢ় লৈ উঠিছে আধুনিক সংস্কৃতি, সাম্প্রতিক সংস্কৃতি৷ আমি অনবৰতে সচেতন হৈ থাকিব লাগে, সজাগ হৈ থাকিব লাগে সামাজিক প্রত্যাশা আৰু সামাজিক ৰায়–বিচাৰধাৰাক লৈ৷ আমি কোনো লাজ–অপমান–গ্লানিৰ কাৰণ হ’ব নোখোজোঁ৷ বদনামী হ’ব নোখোজোঁ৷ সমাজত আমাৰ নাম ডুবিব নেকি, আমাৰ সুনাম হানি হ’ব নেকি এটা ভয়ে আমাক খেদি ফুৰে অহৰহ৷ অহৰহ আমি এটা চাপত থাকোঁ সামাজিক নিয়ম মানি চলিবলৈ, কোনোপধ্যেই উলংঘা নকৰিবলৈ৷
সামাজিক মাধ্যমে এই চাপ বহুগুণে বঢ়াই দিলে৷ সামাজিক মাধ্যমে আমাৰ পাৰস্পৰিক যোগাযোগ, সামাজিক ভাব বিনিময়ৰ ধাৰণা আৰু ধৰণ সম্পূর্ণৰূপে সলনি কৰি দিলে৷ আমি যে কেৱল আনক দেখুৱাবলৈ পোষ্ট দিওঁ, ফটো দিওঁ, ভিডিঅ’ দিওঁ তাতেই কথাটো সীমাবদ্ধ হৈ থকা নাই৷ আনে আমাৰ মন্তব্য পঢ়ি, ফটো–ভিডিঅ’ চাই ভাল পাব তাতেই কথাটো অন্ত পৰা নাই৷ এয়া পৰিমাপৰ যুগ৷ সামাজিক মাধ্যমতো পৰিমাপ আহিল৷ সামাজিক গ্রহণযোগ্যতা পৰিমাপ কৰিব পৰা হ’ল৷ জুখিব পৰা হ’ল৷ লাইক, শ্বেয়াৰ আৰু কমেণ্টে সকলোৱে দেখাকৈ নির্ধাৰণ কৰি দিয়া হ’ল আমাৰ সামাজিক সমর্থন, গ্রহণযোগ্যতা আৰু স্বীকৃতি৷ আমাৰ সামাজিক আচৰণ, সামাজিক বহিঃপ্রকাশে পৰীক্ষাৰ দৰে নম্বৰ পোৱা হ’ল৷ সামাজিক মাধ্যমৰ এই পৰীক্ষাত কোনে কিমান নম্বৰ পাব, কেনেকৈ বেছি নম্বৰ পাব, এক প্রতিযোগিতা আৰম্ভ হ’ল৷ এটা নতুন চাপৰ সৃষ্টি হ’ল৷ স্ব–সৃষ্ট এক প্রচণ্ড চাপ৷
এজন হেনো মানুহ আছিল৷ বহুত দিন জীয়ায়ো আছিল৷ মৃত্যুৰ আগমুহূর্ততহে হেনো উপলব্ধি কৰিছিল তেওঁৰ জীৱনত যিবোৰ সমস্যা আছিল বা হ’ব বুলি ভাবিছিল, বেছিভাগেই নঘটিল৷ সঁচা নে মিছা নাজানো৷ এইটো উইনষ্টন চার্চিলে কোৱা কাহিনী৷ এই মানুহজন গোটেই জীৱন আনে কি ভাবিব সেই চিন্তাত আছিল৷ অর্থাৎ আমি আমাৰ জীৱনৰ বহু মূল্যৱান সময় নষ্ট কৰি পেলাওঁ এনেকুৱা কিছুমান কথা ভাবি যিবোৰৰ আমাৰ জীৱনত একো গুৰুত্বই নাই৷
দুটা কথা৷ এটা হ’ল– উদ্বিগ্ণ হৈ থকাৰ পৰা লাভটো নহয়েই, লোকচানহে হয়৷ কাৰণ আমি যুক্তিসংগতভাৱে চিন্তা কৰিব নোৱাৰা হৈ পৰোঁ৷ তথাপি যদি কিবা অলপ বাকী থাকে, আনটো কথা অর্থাৎ আনে কি ভাবিব বুলি উদ্বিগ্ণ হৈ থাকিলে সেয়াও শেষ৷
আনে কি ভাবিব বুলি উদ্বিগ্ণ হৈ থকাটোৱে এটা কথাই বুজায়– আনৰ পৰা প্রমাণ–পত্র নাপালে তুমি সম্পূর্ণ বুলি অনুভৱ নকৰা৷ তুমি ভাবা তোমাৰ কিবা নহয় কিবা খুঁত আছে৷ তুমি আনৰ পৰা চার্টিফিকেট বিচাৰি ফুৰা৷ কিন্তু সন্তুষ্ট নোহোৱা৷ যিমানেই পোৱা সিমানেই আৰু বিচাৰা৷ নাপালেতো কথাই নাই৷ ইয়াৰ শেষ ক’ত? তুমি যেতিয়া নিজক লৈ পৰিতৃপ্ত, তোমাক কিন্তু তেতিয়া কোনো প্রমাণ–পত্র নালাগে৷ তোমাক মানুহে ভালেই পাইছে নে বেয়াই পাইছে তুমি পাত্তাই নিদিয়া৷ তুমি জানা তুমি কি বিচাৰা, তুমি শুদ্ধ৷ ফুলষ্টপ৷ দাড়ি৷ ইয়াত আন ক’ৰ পৰা আহিল৷ ‘মানুহে মোক মুখাপিন্ধা বুলি নাভাবিলেই হ’ল!’ আৰে, মানুহে কি ভাবিব, বাদ দিয়া৷ আগতে নিজক সোধা– তুমি মুখাপিন্ধা নেকি?
আৰু এটা কথা৷ তুমি যে আনৰ চকুত তোমাৰ প্রতিবিম্ব বিচাৰা, কি দেখা পাবা তাত? তেওঁ নিজেওতো এখন ভগা আইনা৷