নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমালয়ৰ সংকট

গোলকীয় উষ্ণতা বৃদ্ধিয়ে ক্রমাৎ পৃথিৱীলৈ নমাই আনিছে দুর্যোগ৷ প্রতি বছৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রভাৱ পৰিছে পৃথিৱীৰ জলবায়ুৰ ওপৰত৷ বিশ্বত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে উষ্ণতা৷ গৰম হৈ পৰিছে তুষাৰ অঞ্চলবোৰো৷ শেহতীয়াকৈ এক গৱেষণা–পত্রত দাবী কৰা হৈছে যে গোলকীয় উষ্ণতা যদি বর্তমানতকৈ ৩ ডিগ্রী চেলছিয়াছ বৃদ্ধি পায় তেন্তে সমগ্র হিমালয়ৰ পার্বত্য অঞ্চলৰ ৯০ শতাংশ অঞ্চলত সৃষ্টি হ’ব খৰাং৷ এই খৰাং পৰিস্থিতি দীর্ঘদিনলৈ চলিব৷ ‘ক্লাইমেটিক চেঞ্জ’ নামৰ জার্নেলখনত প্রকাশ হৈছে শেহতীয়া এই প্রতিবেদন৷ পেৰিছ জলবায়ু চুক্তিত উষ্ণতা বৃদ্ধিক লৈ সতর্কবাণী কৰা হৈছিল৷ বিশ্বজুৰি গড় তাপমাত্রা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছৰ ভিতৰত সীমাবদ্ধ কৰি ৰাখিব লাগিব বুলি পেৰিছ জলবায়ু চুক্তিত সংকল্প গ্রহণ কৰা হৈছিল৷ কিন্তু যি হাৰত প্রদূষণ আৰু সমান্তৰালভাৱে উষ্ণতা বৃদ্ধি পাইছে, তাক লৈ বিজ্ঞানীসকলৰ মাজত সৃষ্টি হৈছে উদ্বেগ৷ একাংশ বিজ্ঞানীয়ে উদ্বেগ প্রকাশ কৰাৰ লগতে গোলকীয় উষ্ণতা ৩ ডিগ্রী চেলছিয়াছ বৃদ্ধি পালে পৃথিৱীজুৰি কেনে পৰিস্থিতিৰ সৃষ্টি হ’ব, সেই সন্দর্ভত গৱেষণা আৰম্ভ কৰিছে৷ ব্রিটেইনত ইউনিভার্ছিটী অৱ ইষ্ট এংগলিয়াৰ বিশেষজ্ঞসকলে এই গৱেষণা চলাইছে৷ বিজ্ঞানীসকলে এই গৱেষণা চলোৱাৰ পিছত স্পষ্টভাৱে ঘোষণা কৰিছে যে জলবায়ু পৰিৱর্তনৰ প্রতিকূল প্রভাৱ মানৱ জীৱন আৰু প্রকৃতিৰ ওপৰত ভয়াৱহভাৱে পৰিব৷ মুঠ ৮টা গৱেষণা চলাইছিল বিজ্ঞানীসকলে৷ বিজ্ঞানীসকলৰ গৱেষণাৰ ক্ষেত্র আছিল ভাৰত, ব্রাজিল, চীন, ইজিপ্ত, ইথিঅ’পিয়া আৰু ঘানা৷ এই ছখন দেশক লৈ চলোৱা গৱেষণাৰ অন্তত উল্লেখ কৰা হৈছে যে অভাৱনীয়ভাৱে আটাইকেইখন দেশত গোলকীয় উষ্ণতা বৃদ্ধিয়ে প্রতিকূল প্রভাৱ পেলাই আহিছে৷
প্রতিবেদন অনুসৰি যি হাৰত উষ্ণতা বৃদ্ধি পাই আছে এয়া অব্যাহত থাকিলে এফালে খৰাং পৰিস্থিতিৰ সৃষ্টি হ’ব আনফালে মুষলধাৰ বৃষ্টিপাতে বানৰ তাণ্ডৱ কঢ়িয়াই লৈ আহিব৷ ফলত শস্য উৎপাদন অভাৱনীয়ভাৱে হ্রাস পাব, জীৱ–বৈচিত্র্য ধ্বংসৰ মুখলৈ গতি কৰিব৷ গোলকীয় উষ্ণতা ৩ৰ পৰা ৪ ডিগ্রী চেলছিয়াছ বৃদ্ধি পালে ভাৰতত পৰাগ–সংযোগ (পলিনেছন) আধালৈ হ্রাস পাব৷ অর্থাৎ কৃষি উৎপাদন ব্যৱস্থাটোলৈ আহিব দুর্যোগ৷ কিন্তু গোলকীয় উষ্ণতা যদি ১.৫ ডিগ্রীত আবদ্ধ কৰি ৰাখিব পৰা যায় তেতিয়া হ’লে কৃষিৰ উপযোগী ভূমি খৰাং পৰিস্থিতিৰ পৰা ৰক্ষা কৰাটো সম্ভৱ হ’ব৷ বান পৰিস্থিতি হ্রাস পালে নদীৰ তীৰৱর্তী অঞ্চলত অর্থনৈতিক ক্ষয়–ক্ষতি কম হ’ব৷ ইয়াৰ বাবে সকলো দেশে গোলকীয় উষ্ণতা প্রতিৰোধত অধিক গুৰুত্ব প্রদান কৰিব লাগিব৷ বিভিন্ন পদক্ষেপ গ্রহণ কৰি তাক কার্যকৰী ৰূপ দিয়াৰ চেষ্টা চলাব লাগিব৷ অন্যথা গোলকীয় উষ্ণতা বৃদ্ধিয়ে বহু দেশৰ কৃষি ব্যৱস্থালৈ ভয়াৱহ দুর্যোগ নমাই আনিব৷ ইয়াৰ ফলত বৃদ্ধি পাব খাদ্য সংকট৷ লক্ষণীয়ভাৱে বিভিন্ন স্থানত গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ হিচাপে জনসংখ্যা বৃদ্ধিকো জগৰীয়া কৰিছে বিজ্ঞানীসকলে৷ এতিয়া ভাৰতৰ দৰে দেশসমূহৰ সন্মুখত ভবাতকৈও ভয়াৱহ দুর্যোগৰ সৃষ্টি হ’ব পাৰে বুলি ধাৰণা কৰিছে একাংশ বিজ্ঞানীয়ে৷ হিমালয়ৰ হিমবাহসমূহ হৈছে ভাৰতৰ বহু নদীৰ পানীৰ উৎস৷ এই পানীৰ উৎস শুকাই গ’লে ভাৰতৰ বিভিন্ন অঞ্চল মৰুভূমিত পৰিণত হ’ব৷ কৃষিকার্য চলোৱা দূৰৈৰ কথা, বিভিন্ন অঞ্চল বসতিৰ অনুপযুক্ত হৈ পৰিব৷ অর্থাৎ যি হাৰত গোলকীয় উষ্ণতা বৃদ্ধি পাই আছে তাত নিয়ন্ত্রণ লগাব নোৱাৰিলে ভাৰতসহ বিভিন্ন দেশ শীঘ্রে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব৷ বিশেষকৈ হিমালয়ৰ হিমবাহসমূহলৈ গোলকীয় উষ্ণতা বৃদ্ধিৰ যি সংকট কঢ়িয়াই আনিছে তাৰ মোকাবিলা কৰাটো কঠিন হৈ পৰিব, যদিহে এতিয়াই গোলকীয় উষ্ণতা বৃদ্ধিক ১.৫ ডিগ্রী চেলছিয়াছত সীমাবদ্ধ কৰাৰ বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰা নহয়৷ হিমালয়ৰ হিমবাহলৈ নামি অহা দুর্যোগ হঠাতে মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কাৰণ হৈ পৰিব৷ অর্থাৎ মহাসাগৰসমূহতো ই নতুন দুর্যোগৰ সৃষ্টি কৰিব৷

You might also like