নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘাত: কমনৱেলথ গেমছৰ পৰা বাহিৰ নীৰজ চোপ্রা

নিয়মীয়া বাৰ্তা, ২৭জুলাই : বার্মিংহামত ২৮ জুলাইৰ পৰা আৰম্ভ হ’ব কমনৱেলথ গেমছ৷ প্রতিযোগিতাখনৰ প্রাক্মুহূর্তত ভাৰতীয় শিবিৰত বৃহৎ আঘাত৷ আঘাতৰ বাবে খেলিব নোৱাৰে ভাৰতৰ স্বর্ণপুত্র নীৰজ চোপ্রাই৷ তেওঁ খেলিব নোৱৰাৰ অর্থ হ’ল ট্রেক এণ্ড ফিল্ডত ভাৰতৰ পদক জয়ৰ সম্ভাৱনাও হ্রাস পালে৷ কাৰণ আসন্ন কমনৱেলথ গেমছত নীৰজ আছিল পদকৰ অন্যতম দাবীদাৰ৷ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত মাংসপেশীত আঘাত পাইছিল নীৰজে৷ এই আঘাতৰ এম আৰ আই স্কেন কৰা হৈছিল৷ সেই প্রতিবেদন হাতত পৰাৰ পিছতে চিকিৎসকসকলে তেওঁক এমাহৰ বিশ্রামৰ পৰামর্শ দিয়ে৷

ভাৰতীয় অলিম্পিক সন্থাৰ সচিবপ্রধান ৰাজীৱ মেহতাই জানিবলৈ দিয়ে যে অলিম্পিকৰ পৰা স্বর্ণ জয় কৰা নীৰজক বিশ্রামৰ পৰামর্শ দিয়া হৈছে৷ মেহতাই কয় ‘এথলেটিক্ছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ তৰফৰ পৰা জনাইছে যে নীৰজ এশ শতাংশই সুস্থ নহয়৷ হেমষ্ট্রিঙৰ আঘাতৰ ৰিপ’ট পৰীক্ষা কৰাৰ পিছত চিকিৎসকসকলে তেওঁক জিৰণি লোৱাৰ পৰামর্শ দিছে৷ সেই কাৰণে কমনৱেলথ গেমছত তেওঁ অংশ ল’ব নোৱাৰিব৷ উল্লেখ্য যে বিশ্ব এথলেটিক্ছ চেম্পিয়নশ্বিপত ৮৮.১৩ মিটাৰ জেভলিন নিক্ষেপ কৰি ৰূপৰ পদক জয় কৰিছিল নীৰজে৷ ইয়াৰ লগতে ভাৰতীয় হিচাপে নতুন অভিলেখ গঢ়িছিল তেওঁ৷ ২০১৮ চনত কমনৱেলথ গেমছত স্বর্ণ জয় কৰিছিল নীৰজে৷ সেই বছৰ এছিয়ান গেমছতো তেওঁ সোণৰ পদক অর্জন কৰিছিল৷ সেই তালিকাত আৰু এটি পদক বৃদ্ধি কৰাৰ সুযোগ আছিল নীৰজৰ৷ কিন্তু আঘাতৰ বাবে বার্মিংহামত এই বছৰ গেমছত নামিব নোৱাৰিব তেওঁ৷

You might also like