নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রৰ বুলধনাৰ ৰহস্যঘন হ্রদক লৈ চাঞ্চল্য; উল্কাপাতৰ ফলত সৃষ্টি, সলনি হয় পানীৰ ৰং

নিয়মীয়া বাৰ্তা, ২৭জুলাই : মহাৰাষ্ট্রৰ বুলধনা জিলাত আছে এনে এটি হ্রদ, যাৰ পানীৰ ৰং সলনি হৈ থাকে৷ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি মুম্বাইৰ পৰা ৫০০ কিলোমিটাৰ নিলগত বুলধনা জিলাৰ এই হ্রদটো হাজাৰ হাজাৰ বছৰ পূর্বে উল্কাপাতৰ ফলত সৃষ্টি হৈছিল৷ বুলধনাৰ এই লৱণযুক্ত পানীৰ হ্রদ পর্যটন কেন্দ্র হিচাপেও পৰিচিত৷ এবছৰমান পূর্বে এই হ্রদটোৰ পানীৰ ৰং গুলপীয়া হৈ পৰে৷ ক’ভিড লকডাউনৰ মাজত লুণীয়া এই হ্রদৰ পানীৰ ৰং সলনি হোৱা বিষয়টোক লৈ সাধাৰণ মানুহৰ মাজত সৃষ্টি হয় চাঞ্চল্য৷ ৰং সলনিৰ কাৰণ হিচাপে বিজ্ঞানীসকলৰ লগতে গৱেষকসকলৰ মাজতো সৃষ্টি হৈছে দ্বন্দ্ব৷ একাংশই দাবী কৰা অনুসৰি পানীৰ তলত থকা উদ্ভিদৰ ৰং পৰিৱর্তনৰ ফলত পানীৰ ৰং সলনি হৈছে৷ একাংশই আকৌ দাবী কৰিছে যে লকডাউনৰ বাবে প্রদূষণৰ মাত্রা কমি যোৱাৰ ফলত এনে পৰিৱর্তন দেখিবলৈ পোৱা গৈছে৷ অকল ৰং সলনিয়েই নহয়, অন্য বহু ৰহস্য আছে ১.২ কিলোমিটাৰ পৰিধিৰ এই হ্রদটোত৷ অদ্ভুত এই হ্রদত একেলগে দুই ধৰণৰ অম্লত্বৰ পানী দেখা যায়৷ এই পানী পৰস্পৰৰ মাজত মিহলি নহয়৷ আশ্চর্যৰ বিষয়টো হৈছে এই হ্রদৰ মাটিত যিধৰণৰ খনিজ পদার্থ পোৱা যায় সেয়া অবিকল চন্দ্রত পোৱা খনিজ পদার্থৰ দৰে৷

You might also like