নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্রিনিদাদত আজি অন্তিম এদিনীয়া; ভাৰতৰ লক্ষ্য হোৱাইটৱাছ

নিয়মীয়া বাৰ্তা, ২৭জুলাই : প্রথম দুখন মেচত জয়লাভ কৰি ইতিমধ্যে শৃংখলা হস্তগত কৰা ভাৰতে আজি অন্তিমখন এদিনীয়াত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে অৱতীর্ণ হ’ব৷ ঘৰুৱা দলটোৰ বিপক্ষে এদিনীয়াৰ একেৰাহে ১২খন শৃংখলাত জয়লাভ কৰি বিশ্ব অভিলেখ গঢ়াৰ পিছত আজি প্রবল আত্মবিশ্বাসেৰে মেচখনত নামিব৷ প্রশিক্ষক ৰাহুল দ্রাবিড়ে কেইবাগৰাকী ৰিজার্ভ বেঞ্চৰ খেলুৱৈক অৱতীর্ণ কৰাই পৰীক্ষা–নিৰীক্ষা চলাইছে আৰু সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ বেটিং বিভাগত শুভমন গিল সফল হৈছে৷ শ্রেয়াস আয়াৰ আৰু সঞ্জু ছেমছনেও বিগত মেচখনত ছন্দ বিচাৰি পাইছে৷ কিলাকুটিৰ আঘাতৰ বাবে প্রথম দুখন মেচৰ পৰা বাদ পৰা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই আজি পুনৰ দক্ষতা প্রদর্শন কৰাৰ আশা কৰা হৈছে৷ অক্ষৰ পেটেলেও দ্বিতীয়খন মেচত ৬৪ ৰানৰ মেচ উইনিং ইনিংছ খেলি মূল একাদশৰ দাবীদাৰ হৈ পৰিছে৷

অৱশ্যে অধিনায়ক শিখৰ ধাৱনে দুজন বাঁওহতীয়া স্পিনাৰক খেলাব বিচাৰিলে যুজবেন্দ্র সাহালক জিৰণি দিয়া হ’ব পাৰে৷ ইপিনে, ৱেষ্ট ইণ্ডিজৰ কেইবাগৰাকী দক্ষতাসম্পন্ন খেলুৱৈয়ে আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাই৷ চুড়ান্ত মেচখনত এইসকল খেলুৱৈ উজলি উঠিলে ভাৰতৰ বাবে প্রত্যাহ্বান হৈ পৰিব৷ তথাপি আজি ফেভাৰিট হিচাপেই অৱতীর্ণ হ’ব টীম ইণ্ডিয়া৷ শৃংখলা দখলৰ পিছত এতিয়া ঘৰুৱা মাটিত ৱেষ্ট ইণ্ডিজক হোৱাইটৱাছ কৰাই লক্ষ্য ধাৱন বাহিনীৰ৷

খেলৰ সময়ঃ সন্ধিয়া ৭ বজা৷

You might also like