আজি ৪৭ বছৰত ভৰি দিয়া তেণ্ডুলকাৰে উদযাপন নকৰে জন্মদিন
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ ২৪ এপ্ৰিলৰ দিনটো ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে বিশেষ দিন । কিয়নো আজিৰ এই দিনটোতে জন্ম হৈছিল ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ।
৪৭ বছৰত ভৰি দিয়া কিংবদন্তি ক্ৰিকেটাৰগৰাকীয়ে প্ৰতি বছৰে ধুমধামেৰে জন্মদিন পালন কৰে যদিও এইবাৰ জন্মদিন উদযাপন কৰাৰ পৰা তেওঁ বিৰত থাকিব ।
সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰোনাৰ প্ৰভাৱৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে আজি জন্মদিন পালন নকৰাৰ সিদ্ধান্ত লৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।
উল্লেখ্য যে দেশখনত ক’ৰোনাত আক্ৰান্তক সহায়ৰ বাবে তেণ্ডুলকাৰে প্ৰধানমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মুঠ ৫০ লাখ টকা আগবঢ়াইছে ।