নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাড়ি–টুপী লুঙিৱালাৰ চৰকাৰ

প্রথম আৰু দ্বিতীয় পর্যায়ৰ ভোটদানৰ সফল সমাপ্তিৰ পিছত আজি ৰাজ্যখনৰ ৪০টা বিধানসভা সমষ্টিৰ ভোটগ্রহণ হ’ব৷ তৃতীয় পর্যায়ৰ নির্বাচনত গুৱাহাটীকে ধৰি নামনি অসমৰ ৭৯ লাখ ১৯ হাজাৰ ৬৪১গৰাকী ভোটদাতাই ১১,৪০১টা ভোটগ্রহণ কেন্দ্রত ৩৩৭ গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনৰ ৰাজ্যখনৰ ভোটদানৰ হাৰ নিশ্চিতভাৱে আছিল আশাব্যঞ্জক৷ তৃতীয় পর্যায়ৰ নির্বাচনতো ৰাইজে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি সংসদীয় গণতন্ত্রৰ ভেটি শক্তিশালী কৰিব৷ নির্বাচন মানেই ৰাজনৈতিক দলসমূহৰ ক্ষমতা দখলৰ ৰাজনীতি৷ দিছপুৰৰ শাসন সুৰক্ষিত কৰিবলৈ শাসকীয় বিজেপিকে ধৰি সহযোগী দলসমূহে মৰণপণ নির্বাচনী প্রচাৰ চলাইছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি সহযোগী অগপ আৰু ইউপিপিএলৰ নেতাসকলে বিগত এমাহ ধৰি দিনে–নিশাই ৰাইজৰ মন জয়ী কৰাৰ অপ্রাণ চেষ্টা চলাইছে৷ শাসকীয় দলটোৰ নির্বাচনী প্রচাৰ চলাবলৈ অসমলৈ কেইবাবাৰো আহিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং প্রমুখ্যে কেইবাজনো কেন্দ্রীয় মন্ত্রী আৰু নেতা৷ একেদৰে দিছপুৰৰ চৰকাৰখনক ক্ষমতাচ্যুত কৰি এখন নতুন চৰকাৰ গঠনৰ সপোন দেখিছে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে৷ মহাজোঁটৰ অংশীদাৰ এআইইউডিএফ, বিপিএফ, চিপিএম, চিপিআই আদি দলৰ নেতাসকলেও নির্বাচনী প্রচাৰ পূর্ণোদ্যমে চলাইছে৷ নির্বাচনত শাসকীয় পক্ষই বিৰোধী পক্ষৰ বিৰুদ্ধে আৰু বিৰোধী ৰাজনৈতিক দলসমূহে শাসকীয় দলৰ বিৰুদ্ধে অভিযোগ–প্রতিভিযোগ কৰাটো নতুন কথা নহয়৷ কিন্তু তৃতীয় পর্যায়ৰ নির্বাচনৰ পূর্বে নির্বাচনী প্রচাৰৰ নামত একাংশ নেতাই সাম্প্রদায়িকতাৰ বিষবাষ্প বিয়পাই দিয়াৰ নির্লজ্জ চক্রান্ত চলাইছে৷ ধর্মীয় আৱেগ সৃষ্টিৰ জৰিয়তে ক্ষমতা দখলৰ ৰাজনৈতিক অভীপ্সা পূৰণৰ বাবে এআইইউডিএফৰ বদৰুদ্দিন আজমল আৰু তেওঁৰ পুত্র তথা প্রাক্তন বিধায়ক আব্দুল ৰহিম আজমলে আনকি অসমৰ সাতামপুৰুষীয়া সম্প্রীতিৰ এনাজৰী বিচ্ছিন্ন কৰাৰ নিকৃষ্ট ষড়যন্ত্রত লিপ্ত হোৱা দেখা গৈছে৷ ছবছৰীয়া অসম আন্দোলনৰ প্রথম শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভৱানীপুৰত আজমল পুত্রই এখন নির্বাচনী সভাত ঘোষণা কৰিছে যে এইবাৰ দিছপুৰত লুঙি–টুপী–দাড়িৱালাৰ্ চৰকাৰ হ’ব৷ আজমল পুত্রৰ এনে ভাষণে সমষ্টিটোৰ ধর্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলৰ একাংশ সমর্থকক উৎসাহিত কৰিলেও ইয়াৰ প্রতিক্রিয়া সুদূৰপ্রসাৰী হোৱাৰ আশংকা আছে৷ আব্দুল ৰহিম আজমলৰ এই বক্তব্যই নিশ্চিতভাৱে ৰাজ্যৰ নির্বাচনী ৰাজনীতিত মেৰু বিভাজনত উদগনি দিব৷ শুভ লক্ষণ এয়ে যে আজমল পুত্রৰ এনে নিকৃষ্ট বক্তব্যক জ্যেষ্ঠ অধিবক্তা তথা প্রবীণ ৰাজনীতিবিদ হাফিছ ৰছিদ আহমদ চৌধুৰী প্রমুখ্যে বহুসংখ্যক মুছলমান নেতাই মুকলিভাৱে গৰিহণা দিছে৷
নির্বাচন আহিব আৰু যাব৷ কিন্তু এইখন অসমতে আমি প্রতিটো জাতি–জনগোষ্ঠী, প্রতিটো সম্প্রদায়ে সমিলমিলেৰে জীয়াই থাকিব লাগিব৷ সহনশীলতা বর্তাই ৰাখিলেহে আমি শান্তিৰে জীয়াই থাকিব পাৰিম৷ ধর্ম, জাতি জনগোষ্ঠীসমূহক ভাগ ভাগ কৰি ৰাজনৈতিক দলসমূহৰ ক্ষমতাৰ ৰাজনীতি সফল হ’লেও এনে ৰাজনীতিয়ে কোনো কাৰণতে অসমবাসীৰ সামূহিক কল্যাণ সাধন কৰিব নোৱাৰে৷ উদ্বেগজনক এয়ে যে আজমল পুত্রই ৰাজ্যখনৰ সাতামপুৰুষীয়া সম্প্রীতিলৈ ভাবুকিৰ সৃষ্টি কৰা প্রৰোচনামূলক বক্তব্য দিয়াৰ ৪–৫ দিন উকলি যোৱাৰ পিছতো মহাজোঁটৰ অংশীদাৰ কংগ্রেছ দলৰ নেতাসকল সম্পূর্ণ নিশ্চুপ হৈ আছে৷ শতায়ু গৰকা কংগ্রেছ দলৰ ধর্মনিৰপেক্ষ দল ৰূপে এক চিনাকি আছিল৷ চলিত বিধানসভা নির্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে নির্বাচনী মিত্রতা কৰাৰ পিছতে কংগ্রেছ দলৰ ধর্মনিৰপেক্ষ চৰিত্রক লৈ বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷ ৰাজ্যখনৰ বিজেপিবিৰোধী শিবিৰৰ সিংহভাগ লোকেই এআইইউডিএফৰ সৈতে কংগ্রেছৰ মিত্রতা বিচৰা নাছিল৷ আনকি কংগ্রেছৰ অধিকাংশ নেতা–কর্মী এনে মিত্রতাৰ পক্ষপাতি নহয়৷ ক্ষমতা দখলৰ ৰাজনীতিৰ স্বার্থত এই মিত্রতা কৰিলেও ইয়াৰ পৰিণাম কংগ্রেছ দলে অনাগত দিনত ভুঞ্জিব লাগিব৷ স্বাধীনতাৰ পিছত অধিকাংশ সময় কংগ্রেছ দল ক্ষমতাত আছে৷ নির্বাচনৰ সময়ত ভোট আদায়ৰ স্বার্থত জাতি–ধর্মৰ ভিত্তিত বিভিন্ন কৌশল গ্রহণ কৰিলেও ইমানদিনে সর্বসাধাৰণ ৰাইজে কংগ্রেছ দলক সাম্প্রদায়িক বুলি ভবা নাছিল৷ কিন্তু এআইইউডিএফৰ সৈতে নির্বাচনী মিত্রতা আৰু আজমল পুত্রৰ প্রৰোচনামূলক সাম্প্রদায়িক বক্তব্যৰ পিছতো কংগ্রেছ দলৰ নেতাসকলে মৌন হৈ থাকি দলটোক সন্দেহৰ আৱর্তলৈ ঠেলি দিছে৷ ইতিমধ্যে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত কংগ্রেছে খোপনি হেৰুৱাইছে৷ ধর্মীয় সংখ্যালঘুক তুষ্টিকৰণৰ বাবেই যদি কংগ্রেছৰ নেতাসকলে এনে জঘন্য ঘটনাক সমর্থন কৰিছে, তেন্তে আগন্তুক ৰাজনীতিত প্রধান বিৰোধী দলটোৱে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ লগতে সংখ্যাগুৰু লোকসকলৰ সমর্থন হেৰুৱাবলৈ সাজু থাকিব লাগিব৷

You might also like