নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ IPL ত দেখা যাব ৰাছিদ খানৰ ‘উট’ বেট

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ অষ্ট্ৰেলিয়াত চলি আছে চলিত বৰ্ষৰ বিগ বেচ লীগ । এই লীগ চলি থকাৰ মাজতে ক্ৰিকেটপ্ৰেমীৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে আফগান ক্ৰিকেটাৰ ৰছিদ খানৰ এখন বিশেষ বেটে ।

‘উট’ বেট ৰূপে পৰিচিত এই বিশেষ বেটখন বিবিএলত ৰছিদ খানে পৰিচয় কৰি দিয়াৰ পাছতে ক্ৰিকেট অনুৰাগীসকলৰ মাজত বিশেষ সমাদৰ লাভ কৰে ।

ইপিনে এক টুইট যোগে আই পি এলৰ চান ৰাইজেচ হায়দৰাবাদে এই বেটখনক আগন্তুক বৰ্ষৰ আই পি এললৈ আনিবলৈ কয় । ইয়াৰ উত্তৰত খানে আই পি এললৈ বেটখন অনাৰ কথা প্ৰকাশ কৰে ।

উল্লেখ্য যে এই বিশেষ বেটখনৰ পিঠিৰ অংশত উটৰ দৰে ভাজদিয়া হৈছে। যাৰ বাবে এই বেটখন উট বেট ৰূপে পৰিচয় লাভ কৰিছে ।

You might also like