নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিৰ ফর্মক লৈ চিন্তিত ভাৰত

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ অধিনায়ক বিৰাট কোহলিৰ শেহতীয়া ফর্মে চিন্তাত পেলাইছে টীম ইণ্ডিয়াক৷ ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা শৃংখলাৰ শেহতীয়া ৫টা ইনিংছত তেওঁ তিনিবাৰ ‘০’ত আউট হৈছে৷ চেন্নাইত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ প্রথম ইনিংছত কোহলি ‘০’ত আউট হোৱাৰ পিছত চতুর্থ তথা অন্তিম টেষ্টৰ একমাত্র ইনিংছটোতো তাৰকাগৰাকীয়ে কোনো ৰান সংগ্রহ কৰিব নোৱাৰিলে৷

ইংলেণ্ডৰ তাৰকা বেন ষ্ট’কছে তেওঁক পেভিলিয়নৰ বাট দেখুৱাইছিল৷ দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত কোহলিয়ে অৱশ্যে ৬২ ৰানৰ এটা যুঁজাৰু ইনিংছ খেলিবলৈ সক্ষম হয়৷ কিন্তু যোৱানিশা ইংলেণ্ডৰ বিৰুদ্ধে আহমেদাবাদত খেলা প্রথম টি–২০ত পুনৰ এবাৰ শূন্যত আউট হয় টীম ইণ্ডিয়াৰ অধিনায়ক কোহলি৷ ৫টা বলৰ সন্মুখীন হোৱাৰ পিছত কোহলি লেগ স্পীনাৰ আদিল ৰশ্বিদৰ বলত পেভিলিয়নমুখী হয়৷

ইয়াৰ ফলত টীম ইণ্ডিয়া ইনিংছৰ আৰম্ভণিতে চৰম বিপর্যয়ৰ সন্মুখীন হয় আৰু বৃহৎ স্ক’ৰ থিয় কৰোৱাত ব্যর্থ হয়৷ অৱশ্যে মেচৰ অন্তত অধিনায়ক কোহলিয়ে কয় যে দীঘলীয়া আন্তঃৰাষ্ট্রীয় কেৰিয়াৰত এইধৰণৰ উত্থান–পতন থকাটো তেনেই স্বাভাৱিক৷

You might also like