নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় এদিনীয়াতো শ্রীলংকাৰ বিপক্ষে ৫ উইকেটত জয়লাভ ৱেষ্ট ইণ্ডিজৰ

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ ঘৰুৱা দল ৱেষ্ট ইণ্ডিজে দ্বিতীয়খন এদিনীয়াতো শ্রীলংকাক ৫ উইকেটত পৰাস্ত কৰিছে৷ মেচখনত বিজয় সাব্যস্ত কৰি কেৰিবিয়ান বাহিনীয়ে তিনিখনীয়া মেচৰ শৃংখলাটো ২–০ৰ অগ্রগতিৰে দখল কৰে৷ শুকুৰবাৰে নিশা অনুষ্ঠিত মেচখনত শ্রীলংকাই জয়ৰ বাবে বান্ধি দিয়া ২৭৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ইভিন লিৱিছৰ দর্শনীয় ১০৩ আৰু ছাই হ’পৰ ৮৪ ৰানৰ সহায়ত ৱেষ্ট ইণ্ডিজে ৪৯.৪ অভাৰত ৫টা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷ অ’পেনাৰদ্বয় লিৱিছ আৰু হ’পে প্রথম উইকেটৰ যুটিত ১৯২ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ সুগম কৰি তুলিছিল৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি ডানুষ্কা গুণাথিলাকাৰ দর্শনীয় ৯৬, দীনেশ চাণ্ডিমলৰ ৭১ আৰু পি ডি ছিলভাৰ ৪৭ ৰানৰ সহায়ত শ্রীলংকাই নির্ধাৰিত ৫০ অভাৰত আঠটা উইকেট হেৰুৱাই ২৭৩ ৰান কৰিছিল৷ মেচখনত শতকীয় ইনিংছ খেলা ইভিন লিৱিছে শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷

You might also like