খেলুৱৈক শাৰীৰিকভাৱে সক্ষম কৰি তোলাৰ ৰণকৌশল ফিল্ডিং প্রশিক্ষক শ্রীধৰৰ
নিয়মীয়া বাৰ্তা, ৩ জুনঃ মহামাৰীৰ পিছত ক্রিকেট পুনৰ আৰম্ভ কৰিবলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে প্রস্তুতি চলাই থকাৰ সময়তে টীম ইণ্ডিয়াৰ ফিল্ডিং প্রশিক্ষক আৰ শ্রীধৰে প্রকাশ কৰিছে যে মেচৰ বাবে সাজু হ’বলৈ খেলুৱৈসকলক অতি কমেও চাৰি–ছয় সপ্তাহৰ প্রয়োজন হ’ব৷ ৪–৫ মাহ ক্রিকেটৰ পৰা আঁতৰি থকাৰ পিছত আন্তঃৰাষ্ট্রীয় ক্রিকেটলৈ প্রত্যাৱর্তন কৰাটো প্রতিগৰাকী ক্রিকেটাৰৰ বাবে প্রত্যাহ্বানজনক হ’ব বুলি উল্লেখ কৰি শ্রীধৰে মঙলবাৰে কয় যে মহামাৰীৰ পিছত খেলুৱৈসকলক শাৰীৰিকভাৱে সক্ষম কৰি তুলিবলৈ তেওঁ ৰণকৌশল তৈয়াৰ কৰিছে৷ এই অনুসৰি আন্তঃৰাষ্ট্রীয় মেচৰ পূর্বে ভাৰতীয় খেলুৱৈসকলক এক দীঘলীয়া প্রস্তুতি শিবিৰৰ প্রয়োজন হ’ব৷ এই শিবিৰত টীম ইণ্ডিয়াৰ ক্রিকেটাৰসকলক প্রায় চাৰিটা পর্যায়ৰ প্রস্তুতিৰ মাজেৰে আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ বাবে সাজু কৰি তোলা হ’ব৷ ‘এই মুহূর্তত আমি বি চি চি আইৰ ঘোষণালৈ অপেক্ষা কৰিছোঁ৷ ব’ড আৰু চৰকাৰৰ অনুমতি সাপেক্ষে ৰাষ্ট্রীয় শিবিৰ আৰম্ভ হ’লেই আমি খেলুৱৈসকলক শাৰীৰিকভাৱে সক্ষম কৰি তোলাৰ প্রক্রিয়া আৰম্ভ কৰিম৷
মেচৰ বাবে সম্পূর্ণৰূপে ফিট কৰি তোলাটো ক’চিং ষ্টাফৰ বাবে অত্যন্ত প্রত্যাহ্বানজনক কাম হ’ব৷’ ৪৯ বছৰীয়া প্রাক্তন বাঁওহতীয়া স্পিনাৰ তথা বর্তমানৰ ফিল্ডিং প্রশিক্ষকগৰাকীয়ে এইদৰে কয়৷ বলাৰসকলক মেচৰ বাবে সাজু হ’বলৈ অধিক সময়ৰ প্রয়োজন হ’ব বুলিও শ্রীধৰে উল্লেখ কৰে৷ মন কৰিবলগীয়া যে মহামাৰী ক’ৰোনা ভাইৰাছে ভাৰতত আতংক সৃষ্টি কৰাৰ সময়তে যোৱা মার্চ মাহত বি চি চি আয়ে দেশত ক্রিকেটৰ সৈতে জড়িত সকলো কার্যকলাপ বন্ধ ৰাখিছে৷