নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেউতাকৰ দৰেই খেলপথাৰত চমক জুনিয়ৰ দ্রাবিড়ৰ; গঢ়িলে দ্বিশতক

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ ক্ৰিকেটৰ খেলপথাৰত ‘দ্যা ৱাল’ নামেৰে পৰিচিত ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্রাবিড়ৰ সন্তান সমিত দ্রাবিড়েও যেন পিতৃৰ পথকে সাৰোগত কৰিছে । ১৪ বছৰ অনুৰ্ধৰ এখন ক্ৰিকেট খেলত জুনিয়ৰ দ্রাবিড়ে দুমাহৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

উল্লেখ্য যে ১৪ বছৰীয়া জুনিয়ৰ দ্রাবিড়ে সোমবাৰে ১৪ বছৰ অনুৰ্ধ বিটিআৰ টুৰ্ণামেণ্টত মাল্যা অদিতী ইণ্টাৰনেচনেল স্কুল আৰু শ্ৰী কুমাৰনৰ মাজত অনুষ্ঠিত খেলত দ্বিশতক অৰ্জন কৰে । ইফালে ২ মাহৰ ভিতৰত এয়া সমিত দ্রাবিড়ৰ দ্বিতীয়টো দ্বিশতক আছিল ।

এই খেলখনত সমিতে ২০৪ ৰান সংগ্ৰহ কৰে, য’ত তেওঁ ৩৩ টা চাৰি কোবায় । ইয়াৰ লগতে তেওঁ বলিঙতো পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ২ টাকৈ উইকেট দখল কৰে । পাছত সমিতৰ এই সুন্দৰ খেলৰ সহায়ত মাল্যা অদিতী ইণ্টাৰনেচনেল স্কুলে ২৬৭ ৰানৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে ।

You might also like